গৌড় ৰাজ্য বা শশাংক ভাৰতীয় উপমহাদেশধ্ৰুপদী কালৰ এখন ৰাজ্য, যাৰ উৎপত্তি হৈছিল বংগ অঞ্চলত, যি বৰ্তমানৰ পশ্চিম বংগ আৰু বাংলাদেশ[1][2] এই ৰাজ্য অস্তিত্বত আছিল সম্ভৱতঃ ৪থ শতিকা বা তাৰ পাছত।[3]

৬০০ খ্ৰীষ্টাব্দত শশাংক বা গৌড় ৰাজ্যৰ মানচিত্ৰ

স্থাপনসম্পাদনা কৰক

বৌদ্ধ মহাযান গ্ৰন্থ মঞ্জুশ্ৰী-মূলকল্পৰ মতে গৌড় নামৰ এখন ৰাজ্য আছিল, এই ৰাজ্য ৪থ শতিকাত গুপ্ত বংশই দখল কৰাৰ আগলৈকে। বৰ্ধমানত জন্ম গ্ৰহণ কৰা ৰজা লোকে এই ৰাজ্য শাসন কৰিছিল।[4]

গৌড় ৰাজ্য স্থাপনৰ শ্ৰেয় সাধাৰণতে দিয়া হয় ৰজা শশাংকক। তেওঁৰ ৰাজধানী আছিল কৰ্ণসুবৰ্ণ, যি বৰ্তমানৰ মুৰ্শিদাবাদ জিলা[5] চীনা ভ্ৰমণকাৰী হিউৱেন-চাঙে বৰ্তমানৰ উৰিষ্যা ৰাজ্যত থকা ৰজা শশাংকৰ ৰাজ্যৰ অঞ্চল ভ্ৰমণ কৰিছিল।[6] এই ৰাজ্যৰ সৈতে পুণ্ড্ৰবৰ্ধনৰো শাসনৰ সম্বন্ধ আছে।[7]

কোনো কোনোৱে শশাংকক বংগৰ জনজাতীয় নেতা আখ্যা দিয়ে।[8] আনৰ মতে তেওঁ পাছৰ গুপ্তসকলৰ সৈতে সম্বন্ধিত।[9] কোনো কোনোৱে এই বুলিও দাবী কৰে যে তেওঁ গৌড়ৰ ৰজা জয়নাগৰ মহাসামন্তহে আছিল।[10] যদিও এই দাবীসমূহৰ সত্যাসত্য নিশ্চিত নহয়, এই কথা জনা যায় যে ৬০৫ চনৰ পাছত তেওঁ গৌড় ৰাজ্য স্থাপন কৰিছিল আৰু মুদ্ৰাত তেওঁক "মহাৰাজাধিৰাজ" বোলা হৈছিল। গুলছন-ই-ইব্ৰাহিমী নামৰ গ্ৰন্থত ফিৰিষ্টাই লিখিছে যে চিংকলে (শংকলদৱ) কনৌজৰ পৰা আহি ৮ঠ শতিকাত গৌড় স্থাপন কৰিছিল।[11]

শশাংকৰ পাছত গৌড়সম্পাদনা কৰক

শশাংকৰ পাছত শাসনভাৰ মানৱৰ ওচৰলৈ গ'ল। কিন্তু তাৰ পাছত গৌড় ৰাজ্যৰ এটি ভাগ কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনে দখল কৰিলে, আৰু আন এভাগ হৰ্ষবৰ্ধনে

পাছৰ পাল বংশৰ ৰজাসকলক 'বংগপতি' আৰু 'গৌড়েশ্বৰ' আখ্যা দিয়া হৈছিল, আৰু সেন ৰজাসকলক 'গৌড়েশ্বৰ'। গৌড় আৰু বংগ সম্ভৱতঃ একে অৰ্থতে প্ৰয়োগ হৈছিল।[12]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. Majumdar, R. C. (1971). History of Ancient Bengal. প্ৰকাশক Calcutta: G. Bhardwaj & Co.. পৃষ্ঠা. 6–8. OCLC 961157849. 
  2. Ghosh, Suchandra (2012). "Gauda, Janapada". In Islam, Sirajul; Jamal, Ahmed A.. Banglapedia: National Encyclopedia of Bangladesh (Second সম্পাদনা). Asiatic Society of Bangladesh. http://en.banglapedia.org/index.php?title=Gauda,_Janapada. 
  3. K. P. Jayaswal (1934). An Imperial History Of India. পৃষ্ঠা. 34. https://archive.org/details/in.ernet.dli.2015.279518. 
  4. K. P. Jayaswal (1934). An Imperial History Of India. https://archive.org/details/in.ernet.dli.2015.279518. 
  5. Majumdar, R. C. (1971). History of Ancient Bengal. প্ৰকাশক Calcutta: G. Bhardwaj & Co.. পৃষ্ঠা. 6–8. OCLC 961157849. 
  6. Ghosh, Suchandra (2012). "Gauda, Janapada". In Islam, Sirajul; Jamal, Ahmed A.. Banglapedia: National Encyclopedia of Bangladesh (Second সম্পাদনা). Asiatic Society of Bangladesh. http://en.banglapedia.org/index.php?title=Gauda,_Janapada. 
  7. Bandopadhyay, Rakhaldas, Bangalar Itihas, Lua error in Module:In_lang at line 40: attempt to call local 'name_from_tag' (a nil value)., first published 1928, revised edition 1971, vol I, p 101, Nababharat Publishers, 72 Mahatma Gandhi Road, Kolkata.
  8. "Kingdoms of South Asia - Indian Kingdom of Bengal". www.historyfiles.co.uk. https://www.historyfiles.co.uk/KingListsFarEast/IndiaBengal.htm। আহৰণ কৰা হৈছে: 19 September 2019. 
  9. "Indian Antiquary" (en ভাষাত). Journal of Oriental Research (Ed. J.A.S. Burgess) (Popular Prakashan) খণ্ড VII: 197. 1878. https://books.google.com/books?id=yR3mAAAAMAAJ। আহৰণ কৰা হৈছে: 16 September 2019. 
  10. Middleton, John (2015) (en ভাষাত). World Monarchies and Dynasties. Routledge. পৃষ্ঠা. 330. ISBN 9781317451587. https://books.google.com/books?id=R63ACQAAQBAJ। আহৰণ কৰা হৈছে: 15 September 2019. 
  11. Firishtah, Muḥammad Qāsim Hindū Shāh Astarābādī (1803) (en ভাষাত). The History of Hindostan,: Translated from the Persian. Vernor and Hood, Cuthell and Martin, J. Walker, Wynne and Scholey, John Debrett, Blacks and Parry, T. Kay, and J. Asperne. https://books.google.com/books?id=d2IOAAAAQAAJ&q=Kinoge. 
  12. Majumdar, R. C. (1971). History of Ancient Bengal. প্ৰকাশক Calcutta: G. Bhardwaj & Co.. পৃষ্ঠা. 6–8. OCLC 961157849.