উদ্দীপনা গোস্বামী (ইংৰাজী: Uddipana Goswami) (জন্ম: -) হৈছে এগৰাকী অসমীয়া কবি আৰু লেখিকা।[1] জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰা উদ্দীপনা গোস্বামীয়ে বিভিন্ন বিষয়ত লেখা-মেলা কৰে। তেওঁ ২০১০ চনত উই কল্ড দ্য ৰিভাৰ ৰেড°পয়েট্ৰী ফ্ৰম এ ভায়লেণ্ট হোমলেণ্ড শীৰ্ষক এখন কবিতা-সংকলন প্ৰকাশ কৰে। ইয়াৰ লগতে তেওঁ ইন্দিৰা গোস্বামীঃপেছন এণ্ড দ্য পেইন নামৰ এখন গ্ৰন্থৰো সংকলন কৰে। ইন্দিৰা গোস্বামীঃপেছন এণ্ড দ্য পেইন প্ৰকাশ হয় ২০১২ চনত।[2] তেওঁ আন কেইবাখনো গ্ৰন্থৰ ৰচনা কৰিছে। নো ঘোষ্ট ইন দিছ চিটি এণ্ড আদাৰ ষ্টৰিজ হৈছে তেওঁৰ এখন চুটিগল্প সংকলন। [3] উদ্দীপনা গোস্বামীয়ে নৰ্থ ইষ্ট ৰিভিউ(North-East Review) নামৰ এখন অনলাইন আলোচনীৰ সম্পাদিকা হিচাপে কাম কৰিছে।[4]ইযাৰ সমান্তৰালভাৱে তেওঁ মাউছ ইণ্ডিয়াতো সম্পাদক হিচাপে কাম কৰিছে।[2]

উদ্দীপনা গোস্বামী
জন্ম অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

সংঘাত, জাতি, লিংগ, মাধ্যম আৰু দক্ষিণ এছিয়া আদি বিষয়ত উদ্দীপনা গোস্বামীয়ে লেখা-মেলা কৰি আছে।[5] তেওঁৰ লেখা-মেলা বা আন সম্পাদকীয় তথা প্ৰকাশনৰ কাৰ্যসমূহত মুখ্যতঃ উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়টোৱে গুৰুত্ব লাভ কৰে।[1][2]

জন্ম পৰিচয় আৰু ব্যক্তিগত জীৱন সম্পাদনা কৰক

উদ্দীপনা গোস্বামীয়ে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰে। ইয়াৰ লগতে তেওঁ কেইবাখনো শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। সেইসমূহ হৈছে, টাটা ইনষ্টিটিউট অৱ চ'চিয়েল চায়েন্স, গুৱাহাটী মহাবিদ্যালয়, পেঞ্চিলভেনীয়া বিশ্ববিদ্যালয়, কাৰ্টিছ ইনষ্টিটিউট অৱ মিউজিক আৰু জন হপকিন্স বিশ্ববিদ্যালয়ত।[5]

কৰ্ম জীৱন আৰু সাহিত্যিক জীৱন সম্পাদনা কৰক

উদ্দীপনা গোস্বামীয়ে নৰ্থ ইষ্ট ৰিভিউ(North-East Review) নামৰ এখন অনলাইন আলোচনী সম্পাদনা কৰে। সংঘাত, জাতি, লিংগ, মাধ্যম আৰু দক্ষিণ এছিয়া আদি বিষয়ত উদ্দীপনা গোস্বামীয়ে লেখা-মেলা কৰে।[5]তেওঁৰ লেখা-মেলা বা আন সম্পাদকীয় তথা প্ৰকাশনৰ কাৰ্যসমূহত মুখ্যতঃ উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়টোৱে গুৰুত্ব লাভ কৰে।[1] উদ্দীপনা গোস্বামীয়ে উত্তৰ-পূৱৰ বিষয়ত কয় যে এই ভূ-ৰাজনৈতিক পৰিধিটোৱে ভাৰতৰ মূল ভূখণ্ডত বহুতো নতুন আলোচনাত দ্ৰুতগতিত এক কেন্দ্ৰীয় স্থান অৰ্জন কৰিছে, কিন্তু বেছিভাগ ভুল কাৰণত। বিশ্বব্যাপী দৰ্শকৰ বাবে এক সন্তুলিত আৰু উদ্দেশ্যপূৰ্ণ দৃষ্টিভংগী প্ৰদান নকৰিলে, অঞ্চলটোৰ বিষয়ে পৌৰাণিক কাহিনী আৰু ধাৰণাবোৰে কেৱল নতুন ৰূপ ল'ব। [2] তেওঁ সমান্তৰালভাৱে মাউছ ইণ্ডিয়াতো সম্পাদক হিচাপে অৱদান আগবঢ়াইছে।[2]

ইংৰাজী ভাষাতেই ৰচনা কৰা উদ্দীপনা গোস্বামীৰ একমাত্ৰ কবিতাপুথিৰ নাম হ'ল উই কল্ড দ্য ৰিভাৰ ৰেড°পয়েট্ৰী ফ্ৰম এ ভায়লেণ্ট হোমলেণ্ড। ইয়াৰ লগতে 'নো ঘোষ্ট ইন দিছ চিটি এণ্ড আদাৰ ষ্টৰিজ' তেওঁৰ একমাত্ৰ চুটিগল্পৰ সংকলন।

সাহিত্য চৰ্চা সম্পাদনা কৰক

কবিতা সংকলন
  1. 'উই কল্ড দ্য ৰিভাৰ ৰেড°পয়েট্ৰী ফ্ৰম এ ভায়লেণ্ট হোমলেণ্ড'
সংকলিত গ্ৰন্থ
  1. 'ইন্দিৰা গোস্বামীঃপেছন এণ্ড দ্য পেইন'
প্ৰকাশিতব্য গৱেষণা পত্ৰ
  1. 'কনফ্লিক্ট এণ্ড ৰিকনচিলিয়েছনঃদ্য দ্য পলিটিকছ দ্য এথনিচিটি ইন আছাম'
প্ৰকাশিতব্য চুটিগল্প সংকলন
  1. 'নো ঘোষ্ট ইন দিছ চিটি এণ্ড আদাৰ ষ্টৰিজ'
প্ৰকাশিতব্য সাধুকথাৰ সংকলন
  1. 'হুৱেৰ উই কাম ফ্ৰম, হুৱেৰ উই গ':টেলছ ফ্ৰম দ্য ছেভেন ছিষ্টাৰছ'

তথ্যউৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 শান্তনু কৌশিক বৰুৱা (আগষ্ট,২০২১). সংক্ষিপ্ত অসম বিশ্বকোষ. প্ৰীতিমা কৌশিক বৰুৱা, সঞ্জীৱন প্ৰকাশন. পৃষ্ঠা. ২৫০. ISBN 978-81-950015-4-5. 
  2. 2.0 2.1 2.2 2.3 2.4 "uddipana-goswami". http://www.publishingnext.in/uddipana-goswami/। আহৰণ কৰা হৈছে: 29 September 2021. 
  3. "নৰ্থ-ইষ্ট ৰিভিউ". https://northeastreview.wordpress.com/editorial/। আহৰণ কৰা হৈছে: 8 September 2021. 
  4. 5.0 5.1 5.2 "Uddipana Goswami". Archived from the original on 29 September 2021. https://web.archive.org/web/20210929090128/https://uddipana.me/। আহৰণ কৰা হৈছে: 29 September 2021.