উদ্যোগ
উদ্যোগ (ইংৰাজী: Industry) হৈছে কোনো এক অৰ্থনীতি অথবা দেশত হোৱা কোনো সামগ্ৰী নাইবা সেৱাৰ উৎপাদন।[1] কোনো ব্যৱসায়িক প্ৰতিষ্ঠান বা গোটে কৰা আয়ৰ মুখ্য উৎসই ইয়াৰ সৈতে সম্পৰ্কিত উদ্যোগটোকে সূচায়।[2] যেতিয়া কোনো এক বৃহৎ গোটৰ আয়ৰ উৎস বহুকেইটা হয় তেতিয়া সেই গোটটোৱে কেইবাটাও উদ্যোগিক ক্ষেত্ৰত কাম-কাজ চলাই নিয়া বুলি ধৰা হয়। উদাহৰণস্বৰূপে, ৰিলায়েঞ্চ ঔদ্যোগিক গোটে বহুকেইটা দিশত ব্যাৱসায়িক কাম-কাজ সম্প্ৰসাৰণ কৰিছে আৰু সেয়ে ই যোগাযোগ, জীৱন বীমা, খাৰুৱা তেল আদি বহুকেইটা ঔদ্যোগিক ক্ষেত্ৰৰ সৈতে সম্পৰ্কিত।
শ্ৰেণীবিভাগসম্পাদনা কৰক
সাধাৰণ শ্ৰেণীবিভাগসম্পাদনা কৰক
উদ্যোগসমূহৰ বিভিন্নধৰণে শ্ৰেণীবিভাগ কৰা হয়। ইয়াৰ ভিতৰত তিনি খণ্ডৰ সূত্ৰ বা থ্ৰি-চেক্টৰ থিয়ৰি (three-sector theory) আৰু উৎপাদিত সামগ্ৰীৰ ভিত্তিত কৰা শ্ৰেণীবিভাগেই প্ৰধান।
- তিনি খণ্ডৰ সূত্ৰ: অৰ্থনীতিৰ এই সূত্ৰ অনুসাৰে উদ্যোগসমূহক তিনিটা অৰ্থনৈতিক খণ্ড, যথাক্ৰমে প্ৰাথমিক বা আহৰণ খণ্ড, গৌণ বা নিৰ্মাণ খণ্ড আৰু তৃতীয় বা সেৱা খণ্ডত ভগাব পাৰি। কোনো কোনো লেখকে চতুৰ্থ বা জ্ঞান খণ্ড আৰু পঞ্চম বা সংস্কৃতি আৰু গৱেষণা খণ্ডৰ কথাও উল্লেখ কৰিছে।
- উৎপাদিত সামগ্ৰী: উৎপাদিত সামগ্ৰীৰ ভিত্তিত উদ্যোগসমূহক বিভিন্ন খণ্ড যেনে নিৰ্মাণ, ৰসায়ন, খাৰুৱা তেল, খাদ্য, ছফটৱেৰ, বস্ত্ৰ, বৈদ্যুতিন আদিত ভগাব পাৰি।
বিত্ত আৰু মাৰ্কেট ৰিচাৰ্ছ আদিৰ ক্ষেত্ৰত বজাৰৰ ভিত্তিত উদ্যোগৰ শ্ৰেণীবিভাজন কৰা হয়।
আন্তঃৰাষ্ট্ৰীয় মানক ঔদ্যোগিক শ্ৰেণীবিভাগসম্পাদনা কৰক
ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা বিভাগে কৰা আন্তঃৰাষ্ট্ৰীয় মানক ঔদ্যোগিক শ্ৰেণীবিভাগ (ইংৰাজী: International Standard Industrial Classification) বা চমুকৈ ISIC হৈছে সম্পূৰ্ণ তথা শৃংখলাৱদ্ধ ঔদ্যোগিক শ্ৰেণীবিভাগ।[3]
ঔদ্যোগিক উৎপাদনৰ ভিত্তিত বিশ্বৰ দেশসমূহৰ ক্ৰমসম্পাদনা কৰক
অৰ্থনীতি | ঔদ্যোগিক উৎপাদনৰ ভিত্তিত বিশ্বৰ দেশসমূহ (বিলিয়ন আমেৰিকান ডলাৰ)
| ||||||||
---|---|---|---|---|---|---|---|---|---|
(01) চীন | 5,316
| ||||||||
(—) ইউৰোপিয়ান ইউনিয়ন | 4,757
| ||||||||
(02) আমেৰিকা যুক্তৰাষ্ট্ৰ | 3,877
| ||||||||
(03) জাপান | 1,842
| ||||||||
(04) জাৰ্মানী | 1,213
| ||||||||
(05) ৰাছিয়া | 744
| ||||||||
(06) দক্ষিণ কোৰিয়া | 651
| ||||||||
(07) ভাৰত | 619
| ||||||||
(08) ফ্ৰান্স | 589
| ||||||||
(09) যুক্তৰাজ্য | 586
| ||||||||
(10) ইটালী | 576
| ||||||||
(11) ব্ৰাজিল | 549
| ||||||||
(12) কানাডা | 518
| ||||||||
(13) মেক্সিকো | 415
| ||||||||
(14) ইণ্ডোনেছিয়া | 409
| ||||||||
(15) অষ্ট্ৰেলিয়া | 409
| ||||||||
(16) স্পেইন | 381
| ||||||||
(17) চৌদি আৰৱ | 340
| ||||||||
(18) তুৰস্ক | 302
| ||||||||
(19) পোলেণ্ড | 221
| ||||||||
(20) টাইৱান | 217
| ||||||||
আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আৰু চি আই এ ৱৰ্ল্ড ফেক্টবুকৰ ২০১৫ চনৰ তথ্যৰ ভিত্তিত ঔদ্যোগিক উৎপাদন অনুসৰি বিশ্বৰ ২০খন দেশ |
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ http://dictionary.reference.com/browse/industry Industry | Define Industry at Dictionary.com
- ↑ "'Definition of Industry' Investopedia". http://www.investopedia.com/terms/i/industry.asp.
- ↑ ISIC (Rev.4)
সহায়ক গ্ৰন্থসম্পাদনা কৰক
- Krahn, Harvey J., and Graham S. Lowe. Work, Industry, and Canadian Society. Second ed. Scarborough, Ont.: Nelson Canada, 1993. xii, 430 p. ISBN 0-17-603540-0
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত Industries সম্পৰ্কীয় মিডিয়া ফাইল আছে। |