উপভাষা (ইংৰাজী: Dialect) ভাষাৰ একোটা ভাগ৷ প্ৰত্যেক ভাষাৰে কিছুমান বেলেগ বেলেগ ৰূপ থাকে, সেইবোৰেই উপভাষা৷ ভৌগলিকভাৱে বিস্তৃত এটা এলেকাত, কোনো এটা ভাষা কোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে সেই ভাষা সম্প্ৰদায়ৰ লোকসকলৰ মাজত বেলেগ বেলেগ ৰূপ কিছুমান গঢ়ি উঠে৷ ইয়াৰ কাৰণ, ঘাইকৈ সেই ভাষা সম্প্ৰদায়ৰ মাজত সঘন মিলামিছা বা যোগাযোগৰ অভাৱ৷ এনেদৰে কিছু দিনৰ পাছত সেই ভাষা সম্প্ৰদায়টোৰ সৰু সৰু ক্ষেত্ৰ বা অঞ্চল বিশেষে কিছুমান আঞ্চলিক ৰূপ গঢ় লৈ উঠে। দীৰ্ঘদিন ব্যৱধানৰ অন্তত এটা ক্ষেত্ৰীয় ৰূপৰ সৈতে অন্য এটা ক্ষেত্ৰীয় ৰূপৰ ধ্বনিগত, ৰূপগত, শব্দগত আৰু বাক্যগত দিশত কিছুমান পাৰ্থক্য পৰিলক্ষিত হয়। সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিলে এনে ভেদবোৰ চকুত পৰে। এনেদৰে একোটা ভাষাৰ পৰা সৃষ্টি হোৱা ভৌগোলিক পৰিসীমাৰ ভিতৰৰ সেই কথিত ৰূপসমূহক প্ৰধান বা মূল ভাষাটোৰ উপভাষা বুলি কোৱা হয় অৰ্থাৎ এটা অঞ্চলৰ ভাষা আৰু আন এটা অঞ্চলৰ ভাষাৰ মাজত ধ্বনি, ধ্বনি সংযোগ বা ৰূপ আৰু শব্দমালাৰ নানা পৰিৱৰ্তনে দেখা দিয়ে৷ ভাষাৰ এনে আঞ্চলিক ৰূপক উপভাষা বোলে৷[1]

উপভাষা সৃষ্টিৰ কাৰণসম্পাদনা কৰক

উপভাষা মান্যভাষাৰে এটা ৰূপ৷ প্ৰকৃততে উপভাষাৰ এটা ৰূপকহে মান্য ভাষা হিচাপে স্বীকৃতি দিয়া হয়; গতিকে উপভাষাসমূহো ভাষাৰেই এটা ৰূপ৷ একে বৈশিষ্ট্য ধাৰণ কৰা একোটা ভাষাৰ বেলেগ বেলেগ ৰূপ কিয় হয় অথবা উপভাষা সৃষ্টি কিয় হয়, তাৰ কিছুমান কাৰণ হ’ল; ভৌগলিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক, বাণিজ্যিক আৰু মনস্তাত্ত্বিক৷ ভৌগলিক বিস্তৃতিয়ে সঘন যাতায়াত নোহোৱাৰ ফলত ভাষাৰ ওপৰত প্ৰভাৱ পেলায়৷ সঘন যোগাযোগৰ অভাৱত স্থানীয়ভাৱে ভাষাই কিছুমান বিশেষ বৈশিষ্ট্য ধাৰণ কৰে৷ দেশৰ ৰাজধানীলৈ বিভিন্ন ঠাইৰ পৰা মানুহৰ আহ-যাহ হয়৷ প্ৰত্যেক ঠাইৰ প্ৰব্ৰজিত মানুহে নিজা নিজা ভাষা কয় আৰু ইটো-সিটোৰ সংস্পৰ্শত ভাষাৰ ৰূপ=ধ্বনি-সুৰ আদিৰ ওপৰত প্ৰভাৱ পৰে৷ তদুপৰি, একে ৰাজনৈতিক আদৰ্শ অনুগামী লোকৰ মাজতো ভাষাৰ ৰূপ বেলেগ ধৰণে গঢ়ি উঠিব পাৰে৷ অৰ্থনৈতিক কাৰণত মানুহৰ জীৱন ধাৰণৰ মান বেলেগ বেলেগ হ’লে ভাষায়ো তাৰ লগে লগে ৰূপ সলায়৷ চহকী মানুহ এঘৰ আৰু আৰ্থিকভাৱে দুৰ্বল মানুহ এঘৰৰ মাজত ভাষাৰ প্ৰভেদ সহজেই চকুত পৰে৷ সাংস্কৃতিক কাৰণতো ভাষা সলনি হয়৷ কলা-সংস্কৃতিৰ সৈতে জড়িত ব্যক্তিৰ ভাষা সাধাৰণ লোকৰ ভাষাতকৈ কিছু পৃথক৷ আনহাতে, ভাষাৰ ৰূপৰ পৰিৱৰ্তন বা উপভাষা সৃষ্টিৰ আঁৰত মনস্তাত্ত্বিক কাৰণেও ক্ৰিয়া কৰে৷ শিক্ষিত বা ধনী লোকে একে ঠাইতে থাকিলেও অশিক্ষিত বা দুখীয়া লোকতকৈ কিছু বেলেগ শব্দৰূপ নিতৌ ব্যৱহাৰ কৰাৰ ফলত ভাষাৰ একোটা বেলেগ ৰূপে গা কৰি উঠিব পাৰে৷[2]

উপভাষাৰ আঞ্চলিক ৰূপসম্পাদনা কৰক

একোটা উপভাষাৰ আকৌ কিছুমান আঞ্চলিক ৰূপ থাকিব পাৰে৷ তাকে স্থানীয় উপভাষা বোলে৷ একেধৰণৰ ধ্বনি, শব্দ গঠন প্ৰণালী আৰু শব্দমালা ব্যৱহাৰ কৰা কোনো জনসমষ্টিক ভাষা-সম্প্ৰদায় বোলা হয়৷ এনেদৰে অসমীয়া ভাষাৰ কেইবাটাও উপাভাষাৰ ৰূপ আছে৷ যেনে, বৰপেটা আৰু ইয়াৰ ওচৰৰ ঠাইবোৰক লৈ পশ্চিম অঞ্চল, নলবাৰী আৰু ইয়াৰ ওচৰ-পাজৰৰ ঠাইবোৰক লৈ মধ্য অঞ্চল আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ ছয়গাঁও বকো অঞ্চল৷ ঠিক সেইদৰে, উজনিৰ উপভাষাটোৰো কিছুমান আঞ্চলিক ৰূপ আছে৷ এই স্থানীয় ৰূপবোৰৰ মাজত ধ্বনিগত, শব্দগত আৰু শ্বাসাঘাতৰ তাৰতম্যত পাৰ্থক্য পৰিলক্ষিত হয়৷ [1]

তথ্য সূত্ৰসম্পাদনা কৰক

  1. 1.0 1.1 ড° গোস্বামী, উপেন্দ্ৰনাথ (২০০২). ভাষা বিজ্ঞান. মণি মাণিক প্ৰকাশ. পৃষ্ঠা. ৫. 
  2. ড° পাঠক, ৰমেশ (২০০০). ভাষা বিজ্ঞানৰ ভূমিকা. অসম একাডেমিক চেণ্টাৰ.