বৰপেটা নগৰ বৰপেটা জিলাৰ সদৰ ঠাই। এই নগৰ গুৱাহাটী চহৰৰ পৰা ৯০ কি.মি. (৫৬ মাইল) উত্তৰ-পশ্চিম দিশে অৱস্থিত। অসম বুৰঞ্জীত বৰপেটাক “সত্ৰভূমি” বুলি জনা যায়। বৰপেটা থকা সত্ৰসমূহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, আৰু তেখেতৰ প্ৰধান শিষ্য শ্ৰীশ্ৰী মাধৱদেৱৰ কৰ্মৰাজিৰ সাক্ষ্য বহন কৰে। ষোল্ল শতিকাত মহাপুৰুষ মাধৱদেৱ উজনি অসমৰ পৰা বৈষ্ণৱ ধৰ্মৰ জৰিয়তে অসমীয়া সংস্কৃতিৰ ভেঁটি টনকিয়াল কৰাৰ উদ্দেশ্যে বৰপেটা নগৰলৈ আহিছিল। বৰপেটা সত্ৰ আৰু আন আন সত্ৰসমূহ বৰপেটা জিলাৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ আছে, যিবোৰে অসমৰ চুকে-কোণে থকা ধৰ্মীয় লোকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে।

বৰপেটা
—  নগৰ  —
বৰপেটা
বৰপেটাৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 26°19′N 91°00′E / 26.32°N 91.0°E / 26.32; 91.0
দেশ  ভাৰত
ৰাজ্য অসম
জিলা বৰপেটা
জনসংখ্যা 41,175 (2001)
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি

উচ্চতা


35 m (115 ft)

ক'ড
  • পিনক'ড • ৭৮১৩০১
    • যান-বাহনৰ নম্বৰ • As-15-X-XXXX
ৱেবছাইট barpeta.nic.in

ঐতিহাসিক পটভূমিসম্পাদনা কৰক

বৰপেটাক অসমত সত্ৰভূমি বুলি জনা যায়। বৰপেটাত থকা সত্ৰসমূহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, আৰু তেখেতৰ প্ৰধান শিষ্য শ্ৰীশ্ৰী মাধৱদেৱৰ কৰ্মৰাজিৰ সাক্ষ্য বহন কৰে। ষোল্ল শতিকাত মহাপুৰুষ মাধৱদেৱ উজনি অসমৰ পৰা বৈষ্ণৱ ধৰ্মৰ জৰিয়তে অসমীয়া সংস্কৃতিৰ ভেঁটি টনকিয়াল কৰাৰ উদ্দেশ্যে বৰপেটা নগৰলৈ আহিছিল। বৰপেটা নগৰখন ২২খন হাটীত বিভক্ত হৈ আছে, য’ত সত্ৰ পৰিচালক আৰু ভক্তসকল সপৰিয়ালে বাস কৰে। এই বিশেষত্ব অসমৰ আন কোনো ঠাইতে দেখা নাযায়। বিভিন্ন সত্ৰ আৰু মঠসমূহ বৰপেটা জিলাৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ আছে, যিবোৰে অসমৰ চুকে-কোণে থকা ধাৰ্মিক লোকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে। ইয়াৰে কেইখনমান প্ৰখ্যাত সত্ৰ হ’ল – বৰপেটা সত্ৰ, পাটবাউসী সত্ৰ, সুন্দৰীদিয়া সত্ৰ, চূণপুৰা সত্ৰ, গণককুছি সত্ৰ, কনৰা আৰু জনীয়াফাকুৱা উৎসৱ(হোলি) ইয়াৰ প্ৰধান উত্সৱ আৰু ইয়াক ধুমধামেৰে পালন কৰা হয়। হাতীদাঁতৰ শিল্পকে ধৰি বৰপেটাৰ থলুৱা হস্তশিল্প অসম বিখ্যাত। ইয়াৰ আতচবাজীৰ কাৰখানাও অসমত জনাজাত।[1]

বৰপেটা বিভিন্ন ভাষা-ভাষীৰ মানুহৰ মিলনভূমি হিচাপে বিশেষ গুৰুত্ব পাই আহিছে। ইয়াক তিতাকুছি, পোৰাভিঠা, মথুৰা, বৃন্দাবন, চৌখুটীস্থান, নবৰত্ন-সভা, ইচ্ছাকুছি, পুষ্পক বিমান, কামপুৰ আৰু বৰপেটা আদি বিভিন্ন নামেৰে জনা যায়। ইংৰাজ শাসনৰ অধীনলৈ অহাৰ আগেয়ে বৰ্তমানৰ বৰপেটা জিলা কোচ-হাজো আৰু আহোম সাম্ৰাজ্যৰ অবিচ্ছেদ্য অংশ আছিল। আদি কালৰেপৰা বৰপেটাই বৰ্মনসকলৰ (৩৮০-৬৫৪), চলস্থামৰ (৬৫৫-৯৮৫), পালসকলৰ(৯৮৫-১২৬০), কমতাসকলৰ(১২৬০-১৫০৯) আৰু কোঁচসকলৰ (১৫০৯ ৰ পৰা) শাসন প্ৰত্যক্ষ কৰি আহিছে যদিও কমতা আৰু কোচ শাসনৰ সময়তহে ইয়াৰ মুখ্য বুৰঞ্জীমূলক উন্নয়নসমূহ হৈছিল।[2]

কোচৰজা নৰনাৰায়ণে তেওঁৰ ৰাজধানী বৰপেটাৰ সমীপতে বৰনগৰত(বৰ্তমানৰ সৰভোগ) স্থাপন কৰিছিল। যি সময়ত মহাপুৰুষজনাই পাটবাউসীত সত্ৰ পাতি তেওঁৰ ধৰ্মীয় চিন্তাধাৰাসমূহ প্ৰচাৰৰ কামত লাগি আছিল, সেই সময়ত ৰজা নৰনাৰায়ণৰ ৰাজত্ব চলি আছিল। মোগলসকলৰ আগমনৰ পিছত কোচ সাম্ৰাজ্যৰ অন্ত পৰিছিল। বৰপেটাৰ ওচৰে-পাজৰে আহোমসকলে মোগলৰ সৈতে বহুকেইখন যুদ্ধ কৰিছিল। কেইখনমান পৰিচিত যুঁজৰ ভিতৰত জখলিখানা, ভাতেকুছিআৰু ভৱানীপুৰৰ যুঁজ উল্লেখনীয়। পিছত যুঁজত আহোমসকল পৰাস্ত হৈছিল আৰু মোগলে ক্ষমতা লৈ ইয়াৰ প্ৰশাসনিক আৰু কৰ সংগ্ৰহৰ দিশটো প্ৰণালীবদ্ধভাৱে সজাই তুলিছিল। কামৰূপক “চৰকাৰ” পাতি বৰপেটা, ক্ষেত্ৰী, বজালী, বৰনগৰ, বাঁহবাৰী আৰু বিজনী পৰাগনত ভগাই তাকে আৰু সৰু ভাগ কৰি তাপাত বিভক্ত কৰি এজন গোমস্তাক চলাব দিছিল। প্ৰশাসনিক সুচলতাৰ বাবে প্ৰতিটো পৰাগনতালুক, লট আৰু গাঁওত ভাগ কৰা হৈছিল। পাৰাগনসমূহ বৰবৰুৱা আৰু চৌধুৰীসকলৰ তলত ৰখা হৈছিল। প্ৰতিটো তালুক তালুকদাৰৰ তদাৰকত আছিল আৰু তেওঁক সহায় কৰিবলৈ ঠাকুৰীয়া, পাটোৱাৰী, কাকতি, গাঁও বৰিকা ইত্যাদি আছিল যিয়ে কৰ সংগ্ৰহৰ হিচাপ-নিকাচ ৰাখিছিল। পৰাগনৰ বিচাৰকক শিকদাৰ বুলি কোৱা হৈছিল, য’ত আমিন আৰু কনংগ ভূমি সমীক্ষা, কৰ সংগ্ৰহৰ বাবে দায়ৱদ্ধ আছিল।

শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱত বৰপেটা নগৰ সত্ৰৰে পূৰ্ণ এখন ধৰ্মীয় ঠাইত পৰিণত হৈছে বাবে ইয়াক বৈকুণ্ঠধাম বুলিও কোৱা হয়। আহোম ৰজা শিৱসিংহ, ৰাজেশ্বৰ সিংহ, লক্ষ্মী সিংহ, গৌৰীনাথ সিংহ আৰু চন্দ্ৰকান্ত সিংহৰ দিনতে এই সত্ৰসমূহে মাটিৰ আবণ্টন পাইছিল। বাউসীৰ শ্বাহ মদৰৰ, বৰনগৰৰ শ্বাহ-ফকীৰৰ, ক্ষেত্ৰীৰ পাঁচ পীড়ৰ, ভেল্লাৰ চৈয়দ শ্বাহনুৰ দেৱান ফকীৰৰ মুছলিম-দৰঘাছলৈও ভূমি আবণ্টন কৰিছিল। দেৱালয়সমূহলৈও ভূমি আবণ্টিত কৰা হৈছিল আৰু এই আবণ্টনসমূহৰ কথা কপাৰ-ফলিত লিপিৱদ্ধ কৰি ৰাখিছিল, যিবোৰ বুৰঞ্জীৰ সমল হিচাপে স্বীকৃতি পাই আহিছে।

মানৰ আক্ৰমণত বৰপেটা নগৰৰ লগতে বৰপেটা সত্ৰৰো বিস্তৰ ক্ষতি হৈছিল। এই মানসকলক আঁতৰোৱাৰ বাবেই ব্ৰিটিছসকল আহিছিল। ব্ৰিটিছ অহাৰ পিছৰেপৰাই এই অঞ্চলত মৌজাদাৰী পদ্ধতি আৰম্ভ হৈছিল। ১৮৪১ চনত বৰপেটা অসামৰিক মহকুমা হৈছিল আৰু জন বাটলাৰ ইয়াৰ প্ৰশাসক হৈছিল।[1]

স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত বৰপেটা অঞ্চলৰ বহু সংখ্যক লোকে যোগদান কৰি জেল খাটিছিল। মদন চন্দ্ৰ বৰ্মন আৰু ৰাউতা কোচ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ প্ৰথম শ্বহীদ আছিল। উমেশ চন্দ্ৰ ব্ৰহ্মচাৰী, ধনীৰাম তালুকদাৰ, গণেশ লাল চৌধুৰী, দেৱেন্দ্ৰ নাথ উজীৰ, অক্ষয় কুমাৰ দাস, বংশীধৰ চৌধুৰী, নানামোহন মজুমদাৰ, গোলক পাঠক, সোণাৰাম চৌধুৰী, ডাঃ জিনাৰাম দাস, বিশ্বনাথ দাস, প্ৰাণেশ্বৰ দাস, অম্বিকাগিৰি ৰায়চৌধুৰী, মহেন্দ্ৰ মোহন চৌধুৰী, মধুসুদন দাস, উপেন্দ্ৰ চন্দ্ৰ দাস, দেৱেন্দ্ৰ শৰ্মা, নৰনাৰায়ণ গোস্বামী, কবিৰাজ ঘনশ্যাম দাস, চন্দ্ৰপ্ৰভা শইসকীয়ানী এই অঞ্চলৰ প্ৰধান মুক্তিযুঁজাৰু। ১৯৩৪ চনত মহাত্মা গান্ধীয়ে আৰু ১৯৩৭ চনত জৱাহৰলাল নেহৰুৱে বৰপেটালৈ আহিছিল।

বৰপেটাৰ কলা-সংস্কৃতিৰ ভেঁটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্মৰ জৰিয়তে স্থাপন কৰিছিল। তেওঁৰ পিছত তেওঁৰ শিষ্য মহাপুৰুষ মাধৱদেৱ, দামোদৰদেৱ আৰু হৰিদেৱ-এ কেবাখনো সত্ৰ প্ৰতিষ্ঠাৰ জৰিয়তে এই ভেঁটি মজবুত কৰি থৈ গৈছিল।

ভৌগোলিক অৱস্থিতিসম্পাদনা কৰক

২৬.৩২ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯১.০ ডিগ্ৰী পূৱ দ্ৰাঘিমাংশত বৰপেটা নগৰ অৱস্থিত। সমুদ্ৰপৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা ৩৫ মিটাৰ (১১৪ ফুট)। মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ইয়াৰ দূৰত্ব ৪৪ কিঃমিঃ। ব্ৰহ্মপুত্ৰৰ দুখন মূল উপনৈ চাউলখোৱা আৰু মৰানদী বৰপেটা নগৰৰ মাজেৰে বৈ গৈছে।[3]

যাতায়তসম্পাদনা কৰক

বৰপেটালৈ যাবলৈ চাৰিধৰণৰ যাতায়ত ব্যৱস্থা আছে

  1. ৰেলসেৱা: নিকটৱৰ্তী ৰেল ষ্টচন বৰপেটা ৰোড্‌, দূৰত্ব ১৭ কিঃমিঃ
  2. পথেৰে: ৰাজধানী চহৰ গুৱাহাটীৰ পৰা বাছ (ডিলাক্স আৰু ছেমি ডিলাক্স) সেৱাৰ উপৰিও ৱিঙ্গাৰ সেৱাৰ ব্যৱস্থা আছে। ইয়াৰ উপৰিও বৰপেটা নগৰৰ নিকটৱৰ্তী নগৰসমূহৰ সংযোগকাৰী বাছো প্ৰতি ১৫ মিনিটৰ মূৰে মূৰে আছে
  3. বিমানসেৱা: নিকটৱৰ্তী বিমানকোঠ গুৱাহাটী
  4. জল পৰিবহণ সেৱা: নিকটৱৰ্তী ঘাট ধুবুৰী

বন্যভূমিসম্পাদনা কৰক

মানস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্পলৈ যোৱাৰ বাবে বৰপেটাক প্ৰৱেশদ্বাৰ বুলি কব পাৰি। বৰপেটা নগৰৰ পৰা ইয়াৰ দৃৰত্ব ৪৪ কিঃমিঃ।

জন-গাঁথনিসম্পাদনা কৰক

২০০১ চনৰ লোকপিয়ল মতে বৰপেটাৰ মুঠ জনসংখ্যা ৪১,১৭৫ জন। ইয়াৰে ৫০% পুৰুষ আৰু ৫০% মহিলা। বৰপেটাৰ গড় শিক্ষিতৰ হাৰ ৮০%, যিটো ৰাষ্ট্ৰীয় শিক্ষিতৰ হাৰ ৫৯.৫% তকৈ অধিক। ইয়াৰ ভিতৰত ৫৪% পুৰুষ আৰু ৪৬% মহিলা। মুঠ জনসংখ্যাৰ ১০% ছবছৰতকৈ কম বয়সৰ শিশু।[4]

ঐতিহ্য আৰু সংস্কৃতিসম্পাদনা কৰক

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰপেটা নগৰৰ কৃষ্টি-সংস্কৃতিৰ ভেঁটি প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ পিছত মহাপুৰষজনাৰ শিষ্য মাধৱদেৱ, হৰিদেৱ আৰু দামোদৰদেৱে এই ভেঁটিক টনকিয়াল কৰি থৈ গৈছিল।

 
বৰপেটা কীৰ্তন ঘৰ

সত্ৰ:সম্পাদনা কৰক

মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ সহিতে তেওঁৰ শিষ্যসকলে বৰপেটাত কেবাখনো সত্ৰ প্ৰতিষ্ঠা কৰি গৈছিল। এই সত্ৰসমূহক আঞ্চলিক সংস্কৃতিৰ প্ৰশিক্ষণস্থলীৰ লগতে মঠ হিচাপেও গণ্য কৰা হয়। অঞ্চলটোৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত এই সত্ৰসমূহে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। যদিও এই সত্ৰসমূহ মূলতঃ বৈষ্ণৱ চিন্তাধাৰাৰ প্ৰসাৰৰ উদ্দেশ্যে প্ৰতিষ্ঠা কৰা হৈছিল, সময়ৰ লগে লগে সত্ৰসমূহ শিক্ষা, সংগীত, নৃত্য, নাট্য, কলা, হাতীদাঁতৰ কৰ্ম আদি বিষয় সন্নিবিষ্ট একো একোটা মুকলি সাংস্কৃতিক কেন্দ্ৰত পৰিণত হৈছে।

কেইখনমান উল্লেখযোগ্য সত্ৰ:
  • পাটবাউসী
  • গণককুছি
  • জনীয়া
  • সুন্দৰীদিয়া
  • বৰপেটা
  • বাৰাদি
  • কনৰা
  • মইনবড়ী সত্ৰ
  • গৰেমাৰী
  • বনিয়াৰা পাৰা বজাৰ
 
শংকৰদেৱ সত্ৰ, পাটবাউসী

পাটবাউসী সত্ৰসম্পাদনা কৰক

পাটবাউসী সত্ৰ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল। এই সত্ৰ বৰপেটা মূল নগৰৰ পৰা ২ কিঃমিঃ আঁতৰত অৱস্থিত। শ্ৰীমন্ত শংকৰদেৱে এই সত্ৰৰ পৰাই ধৰ্মীয় আদৰ্শ, সাহিত্য, কলা-সংস্কৃতি আৰু কৰ্ম সংস্কৃতিৰ প্ৰসাৰ কৰিছিল। এই সত্ৰতে তেওঁ অতি গুৰুত্বপূৰ্ণ ১৮ বছৰ কটাইছিল যিখিনি সময়ত কীৰ্তন-ঘোষা ৰচনা কৰাৰ উপৰিও ২০ টাকৈ বৰগীত ৰচনা কৰিছিল। পিছলৈ এই সত্ৰৰ পৰাই শ্ৰীমাধৱদেৱ, শ্ৰীদামোদৰদেৱ আৰু শ্ৰীহৰিদেৱ-এ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। মহাপুৰুষসকলে ব্যৱহাৰ কৰা কিছুমান আচবাব, সাঁচিপাত আদি এতিয়াও এই সত্ৰত সংৰক্ষিত হৈ আছে।

গণককুছি সত্ৰসম্পাদনা কৰক

এই সত্ৰ বৰপেটা এলেকাৰ ভিতৰতে অৱস্থিত। শ্ৰীমাধৱদেৱে এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল। সত্ৰ প্ৰতিষ্ঠাৰ উদ্দেশ্যে শ্ৰীমন্ত শংকৰদেৱে এতোলা সোণৰ (প্ৰায় ১০ গ্ৰাম) বিনিময়ত এই সত্ৰৰ মাটি ক্ৰয় কৰিছিল আৰু শ্ৰীমাধৱদেৱক উক্ত সত্ৰৰ সত্ৰাধিকাৰ হিচাপে মনোনীত কৰিছিল। শ্ৰীমাধৱদেৱে ১৮ বছৰ ধৰি উক্ত সত্ৰৰ সত্ৰাধিকাৰ হৈ আছিল। মহাপুৰুষজনাই ব্যৱহাৰ কৰা কিছুমান আচবাব, সাঁচিপাত আদি এতিয়াও এই সত্ৰত সংৰক্ষিত হৈ আছে।


জনীয়া সত্ৰসম্পাদনা কৰক

বৰপেটা-জনীয়া পথত বৰপেটা নগৰৰ পৰা ৮ কিঃমিঃ দূৰত্বত এই সত্ৰ অৱস্থিত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভক্ত শ্ৰীনাৰায়ণ দাস ঠাকুৰ আতাই এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁ ইয়াত বহুসংখ্যক ভক্তিমূলক গীত ৰচনা কৰিছিল।

সুন্দৰীদিয়া সত্ৰসম্পাদনা কৰক

গনককুছি সত্ৰ এৰাৰ পিছত শ্ৰীমাধৱদেৱে এই সত্ৰ স্থাপন কৰিছিল। বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ শ্ৰীমথুৰা দাস বুঢ়া আতাই আদিতে এই সত্ৰতেই আহি শ্ৰীমাধৱদেৱৰ শৰণ লৈছিল। এই সত্ৰতে শ্ৰীমাধৱদেৱে পালনাম আৰু বীৰনাম বা থিয়ানামৰ শুভাৰম্ভ কৰিছিল। মহাপুৰুষজনাই ব্যৱহাৰ কৰা বহুসংখ্যক আচবাব, সাঁচিপাত আদি এতিয়াও এই সত্ৰত সংৰক্ষিত হৈ আছে।

বৰপেটা সত্ৰসম্পাদনা কৰক

 
বৰপেটা সত্ৰৰ মূল ভৱন

শ্ৰীমাধৱদেৱে বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু তাত তেওঁ ৮ বছৰ ধৰি আছিল। ইয়াতেই তেওঁ শ্ৰীমথুৰা দাস বুঢ়া আতাক সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ হিচাপে নিযুক্তি দিছিল। এই বুঢ়া আতায়েই সত্ৰৰ প্ৰশাসনিক দিশটো শক্তিশালী কৰি বৰপেটাৰ আঞ্চলিক আৰু প্ৰতিষ্ঠানিক উন্নয়ন সাধন কৰিছিল। এক গণতান্ত্ৰিক ব্যৱস্থাৰো প্ৰৱৰ্তন কৰা হৈছিল, যি ব্যৱস্থা আজিও চলি আছে। বহু সংখ্যক ভক্ত বৰপেটালৈ আহিছিল আৰু জাতি বৈষম্য পৰিহাৰ কৰি বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি এক সাম্যবাদী সমাজ গঢ়ি তুলিছিল। ভক্তসকলৰ মাজত এক নতুন কৰ্ম সংস্কৃতি ঠন ধৰি উঠিছিল। এই সত্ৰত কেবাটাও গৃহ আছে। সন্মুখৰ প্ৰৱেশদ্বাৰক বাটচ’ৰা বা দালান বুলি কোৱা হয়। নাম কীৰ্তন কৰিবলৈ ব্যৱহাৰ কৰা মূল কীৰ্তনঘৰটো স্থাপত্য বিদ্যাৰ সুন্দৰ নিদৰ্শন। আগেয়ে সজোৱা এই ঘৰটো ১৯৫২ চনত ডাঙৰ খুটাৰে আৰু চিত্ৰ খোদিত বেৰেৰে পকীকৰণ কৰা হয়। জগমোহন ঘৰত সত্ৰৰ ভকতসকলে যিকোনো ধৰণৰ অসুবিধাসমূহ আলচ কৰে। ভাজঘৰত যোৱা ৪০০ বছৰ ধৰি অক্ষয় বন্তি নামেৰে এগছ বন্তি ক্ৰমাগতভাৱে জ্বলি আছে। দৌল ঘৰৰ চৌহদত শ্ৰীকৃষ্ণৰ দৌল উৎসৱ পালন কৰা হয়। ইয়াত এখন সৰু “চিৰিয়াখানা” আৰু ৰঙীয়াল ফুলৰ বাগিছা আছে। চৌহদৰ ভিতৰত সাংস্কৃতিক বিদ্যালয়, কেলি কদম গছ, শ্ৰী শ্ৰী মথুৰা দাস বুঢ়া আতা পুথিভঁৰাল, অধ্যয়ন কক্ষ, কাৰ্যালয় আৰু পাকঘৰ আছে। শ্ৰীমথুৰা দাস বুঢ়া আতাই প্ৰচলন কৰা সত্ৰৰ সংবিধান এতিয়াও বলবৎ আছে।

বাৰাদি সত্ৰসম্পাদনা কৰক

বৰপেটা নগৰৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ২ কিঃমিঃ। শ্ৰীমাধৱদেৱে এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু অতি কম সময়ৰ বাবে তেওঁ ইয়াত আছিল। বাৰাদি সত্ৰ মাধৱদেৱৰ আদি সত্ৰ। শিক্ষাৰ কেন্দ্ৰ হিচাপে লৈ বাৰাদি সত্ৰৰ পৰাই দশোদিশে শংকৰী সংস্কৃতিয়ে প্ৰসাৰ লাভ কৰিছিল। হোলি বা ফাকুৱা উত্সৱ এই সত্ৰত পালন কৰা উত্সৱসমূহৰ এটা প্ৰধান উত্সৱ।


সত্ৰ কনৰাসম্পাদনা কৰক

বৰপেটাৰ পৰা ১৬ কিঃমিঃ দূৰত্বত এই সত্ৰ অৱস্থিত। শ্ৰী শ্ৰীনাৰায়ণ দাস ঠাকুৰ আতাই এই সত্ৰ স্থাপন কৰিছিল। প্ৰাকৃতিক দুৰ্যোগে এই সত্ৰত ক্ষতিগ্ৰস্ত কৰে। সত্ৰ পৰিচালনাত বানপানীয়ে অসুবিধাৰ সৃষ্টি কৰে। ফলত এই ঠাইত বসবাস কৰা লোকসকল বৰপেটাৰ গজিয়া আৰু গনককুছিলৈ উঠি আহে।

মইনবড়ী সত্ৰসম্পাদনা কৰক

এই সত্ৰ সৰভোগত অৱস্থিত। ম‍ইনবড়ী সত্ৰ পঞ্চদশ শতিকাৰ শেষ ভাগত শ্ৰীমন্ত শংকৰদেৱৰ ভক্ত আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ প্ৰিয় মিত্ৰ নাৰায়ণ দাস ঠাকুৰ আতাই স্থাপন কৰিছিল।[5]

গৰেমাৰী সত্ৰসম্পাদনা কৰক


বনিয়াৰা পাৰা বজাৰসম্পাদনা কৰক


মৰ্কজসম্পাদনা কৰক

বৰপেটা জিলা প্ৰধান মৰ্কজ, হাউলী বৰপেটা অঞ্চলৰ এক উল্লেখযোগ্য মৰ্কজ। বৰপেটা নগৰ মৰ্কজ মছজিদ, বৰপেটা ৰোড জামে মছজিদ, মাজগাঁও মৰ্কজ, ভেল্লা জামে মছজিদ, মন্দিয়া জামে মছজিদ, গোমাফুলবাৰী মাদ্ৰাছা, বালিকুৰী জামে মছজিদ, কেওটকুছি জামে মছজিদ, বৰভিঠা জামে মছজিদ(মঈন উদ্দিন), মইনবাৰী জামে মছজিদ আদি হাউলী মৰ্কজৰ শাখা মৰ্কজ জনীয়া বজাৰ জামে মছজিদ।

শিল্প সংস্কৃতিসম্পাদনা কৰক

মহান সাংস্কৃতিক ৰাষ্ট্ৰদূত শ্ৰীমন্ত শংকৰদেৱে বৰপেটাক বিভিন্ন সাংস্কৃতিক দিশত চহকী কৰি থৈ গৈছে যিটো সমগ্ৰ ৰাজ্যৰে অবিচ্ছেদ্য অংগ।

বৰগীতসম্পাদনা কৰক

শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা ধৰ্মীয় সংগীত “বৰগীত”অঞ্চলটোত এতিয়াও জনপ্ৰিয়।

অঙ্কীয়া গীতসম্পাদনা কৰক

অংকীয়া নাট আৰু নৃত্যৰ বাবে শ্ৰীমন্ত শংকৰদেৱে অংকীয়া গীত ৰচনা কৰিছিল। এই গীত দৌল উত্সয়ৱ, মহাপুৰুষ দুজনাৰ তিথি আৰু বিশেষ অনুষ্ঠান কিছুমানত পৰিৱেশন কৰা হয়।

হোলীগীতসম্পাদনা কৰক

হোলীগীত বৰপেটা সত্ৰত সৃষ্ট এক অনন্য সমবেত সংগীত, যি সমগ্ৰ ৰাজ্যজুৰি বিস্তৃত। এই হোলিগীতসমূহ দৌল উত্সৱত পৰিৱেশন কৰা হয়।

লোক গীতসম্পাদনা কৰক

অবিভক্ত কামৰূপত স্থানীয় লোকৰ চিন্তা আৰু আৱেগক প্ৰতিনিধিত্ব কৰা জনপ্ৰিয় কামৰূপী লোকগীত বৰপেটাত জনপ্ৰিয়। ইয়াৰোপৰি দৈনন্দিন কাম-কাজৰ লগত জড়িত বিয়াগীত, নাও খেলৰ গীত, ম’হ খেদা গীত, ল’ৰা-ধেমালিৰ গীত, বৰশীবোৱা গীত, নিচুকনি গীত, বিভিন্ন ধৰণৰ বিহুগীত আদিও এই অঞ্চলত জনপ্ৰিয়।

নৃত্যসম্পাদনা কৰক

মধ্যযুগত দেওধানী নৃত্য এই অঞ্চলত জনপ্ৰিয় আছিল। শ্ৰীমন্ত শংকৰদেৱে সৰ্বসাধাৰণৰ মাজত সত্ৰীয়া নৃত্য জনপ্ৰিয় কৰি তুলিছিল। ইয়াৰ বাহিৰেও কৃষ্ণ নৃত্য, কালিয় দমন নৃত্য, দশাৱতাৰ নৃত্য, ঝুমুৰা নৃত্য, চালি নৃত্য, সূত্ৰধাৰী নৃত্য, গোপী নৃত্য, ৰাজা নৃত্য, ৰাণী নৃত্য আদি নৃত্য শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰি থৈ যোৱা এই অঞ্চলত প্ৰচলিত নৃত্য। এই নৃত্যসমূহ সত্ৰসমূহত পৰিৱেশন কৰা হয়। ওজাপালি নৃত্য এই অঞ্চলত প্ৰচলিত আন এক জনপ্ৰিয় নৃত্য।

পলিগীতসম্পাদনা কৰক

পলিগীত প্ৰকৃততে পূৰ্ব বঙ্গৰ লোক সংগীত যিয়ে বৰপেটাত থলুৱা লোকগীতৰ সংমিশ্ৰণত গোৱা হয়। ই গোৱালপৰীয়া লোকগীতৰ পৰা সম্পূৰ্ণ বেলেগ। মঈতনবাৰী, বাঘবৰ, কয়াকুছি, খংগ্ৰা, কুকাৰপাৰ, কলগছিয়া, কামুলিপাৰা আদি বৰপেটাৰ দাঁতি কাষৰীয়া অঞ্চলত পলিগীত শুনিবলৈ পোৱা যায়।

নাটক আৰু থিয়েটাৰসম্পাদনা কৰক

শংকৰদেৱে জনপ্ৰিয় কৰি থৈ যোৱা পৌৰাণিক নাট্য ভাওনা অঞ্চলটোৰ এক আকৰ্ষণৰ কেন্দ্ৰ। ভাওনাত অংশগ্ৰহণকাৰীসকলে বিভিন্ন ৰঙ-বিৰঙৰ পোছাক পৰিধান কৰে। নাটকৰ জনপ্ৰিয়তাৰ লগে লগে আধুনিক নৃত্যয়ো জনপ্ৰিয়তা লাভ কৰি আহিছে। এই নাটসমূহে ব্যৱসায়িক ভ্ৰাম্যমাণ নাট্যদলৰো জন্ম দিছে।

যাত্ৰা নাটসম্পাদনা কৰক

ই থিয়েটাৰ আৰু নাটকৰ পুৰণি ৰূপ। বৰপেটাৰ লগতে সমগ্ৰ জিলাখনতেই প্ৰধানতঃ গ্ৰামাঞ্চলসমূহত এই নাট পৰিৱেশন কৰা হয়। সাংস্কৃতিক মূল্যবোধৰ ফালৰ পৰা এই নৃত্য সম্ভ্ৰান্ত।

পৰম্পৰাগত শিল্পসম্পাদনা কৰক

হস্তশিল্পসম্পাদনা কৰক

বাঁহ-বেতেৰে সজোৱা দৈনন্দিন ব্যৱহাৰ্য আহিলাসমূহৰ উপৰিও সৌন্দৰ্যবৰ্দ্ধক আহিলা, ফাৰ্ণিচাৰ, উপহাৰ সামগ্ৰী আদি গ্ৰামাঞ্চলৰ শিল্পীসকলে প্ৰস্তুত কৰে।

কাঁহ-পিতলৰ শিল্পসম্পাদনা কৰক

বৰপেটাৰ সমীপৱৰ্তী সৰ্থেবাৰী কাঁহ-পিতলৰ শিল্পৰ বাবে বিখ্যাৎ। দৈনন্দিন ব্যৱহাৰ্য আহিলা-পাতিৰ উপৰিও শিল্পীসকলে প্ৰস্তুত কৰা চৌখিন আহিলাসমূহো প্ৰতিজন অসমীয়া মানুহৰ ঘৰতে বিদ্যমান। ইয়াত প্ৰস্তুত কৰা বেচ জনপ্ৰিয় আহিলাসমূহৰ ভিতৰত নামঘৰত শৰাই আগবঢ়াবলৈ ব্যৱহাৰ কৰা শৰাই আৰু আলহীক পাণ-তামোল যাঁচিবলৈ ব্যৱহাৰ কৰা বঁটা প্ৰধান।

মৃৎ শিল্পসম্পাদনা কৰক

মৃৎ শিল্প সৰ্বসাধাৰণৰ মাজত জনপ্ৰিয় শিল্প। এই শিল্প হীৰা সম্প্ৰদায়ৰ লোকসকলৰ পেচা। দৈনন্দিন ব্যৱহাৰ্য ঐতিহ্যপূৰ্ণ আচবাব সমূহ কুমাৰসকলে তৈয়াৰ কৰে। মহান গানিতজ্ঞ বৰাহমিহিৰ এখন কুমাৰ গাঁৱ লেহি ডংগ্ৰা (এতিয়া ব্ৰহ্মপুত্ৰত জাহ গৈছে) ত আহি থিতাপি লৈছিল বুলি কথিত আছে।

কাঠৰ শিল্পসম্পাদনা কৰক

সত্ৰত সংগৃহীত সামগ্ৰী সমূহৰ ভিতৰত কাঠেৰে নিৰ্মিত বিভিন্ন সৌন্দৰ্যবৰ্দ্ধক সামগ্ৰীসমূহে কাঠৰ শিল্পীসকলৰ কৌশলী শিল্পকলাক প্ৰতিফলিত কৰে। শিল্পীসকলে গুৰু আসন বা গুৰু স্তম্ভমূল, বিভিন্ন পৌৰাণিক চৰাই আৰু জীৱজন্তুসমূহৰ নক্সা কাঠত খাজ কাটি এই সামগ্ৰীসমূহ তৈয়াৰ কৰিছিল।

মুখা শিল্পসম্পাদনা কৰক

জনজাতীয় কলা আৰু লোক উপাদানেৰে সজোৱা মুখা শ্ৰীমন্ত শংকৰদেৱে ভাওনা বা নাটসমূহত অন্তৰ্ভুক্ত কৰিছিল। মুখাসমূহ পোৰামাটি, মজ্জা, ধাতু, বাঁহ, কাঠ ইত্যাদিৰে সজোৱা হৈছিল।

অলংকাৰসম্পাদনা কৰক

থলুৱা আৰ্হিত সোণৰ অসমীয়া গহনা গঢ়াৰ বাবে বৰপেটা বিখ্যাত। মহিলাসকলৰ মাজত মধ্যযুগৰেপৰা এই গহনাসমূহ জনপ্ৰিয় হৈ আহিছে।

চিত্ৰাংকনসম্পাদনা কৰক

চিত্ৰ কৰ্মসমূহে মধ্যযুগৰ কাম কাজক প্ৰতিফলিত কৰে। সত্ৰত থকা চিত্ৰসমূহে চিত্ৰশিল্পী সমূহৰ কৌশলী কৰ্মৰ পৰিচয় দাঙি ধৰে।

হাতীদাঁতৰ শিল্পসম্পাদনা কৰক

শ্ৰীমন্ত শংকৰদেৱৰ দিনৰে পৰাই হাতীদাঁতৰ বিভিন্ন গহনা, পুতলা, দেৱ-দেৱীৰ মূৰ্ত্তি, জীৱ-জন্তুৰ মূৰ্ত্তি, ফণী আদি সামগ্ৰী অভিজ্ঞ শিল্পীসকলে তৈয়াৰ কৰি আহিছে।

পৰ্যটনসম্পাদনা কৰক

শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাবৰেপৰাই বৰপেটা এক ধৰ্মীয় গুৰুত্বপূৰ্ণ স্থান হিচাপে স্বীকৃতি পাই আহিছে। এই মহাপুৰুষজনাৰ আৰু তেখেতেৰ শিষ্যসকলৰ সহযোগতে ইয়াত বহুকেইখন সত্ৰ স্থাপন কৰা হৈছিল। এই সত্ৰসমূহ দৰ্শনৰ উদ্দেশ্যে, বিশেষকৈ উত্সৱ আৰু মহাপুৰুষৰ তিথিৰ সময়ছোৱাত ইয়ালৈ বহুতো ভক্তৰ আগমন হয়। সত্ৰসমূহৰ ভিতৰত বৰপেটা , পাটবাউসী, সুন্দৰীদিয়া, সোনপুৰা, গণককুছি, কনৰা, জনীয়া আৰু মঈানবাৰী সত্ৰ (মঈন উদ্দিনে তালিকাভুক্ত কৰা) বহিৰাগতসকলে সঘনাই ভ্ৰমণ কৰা সত্ৰ। বৰপেটা নগৰী ২২খন হাটীত বিভক্ত হৈ আছে আৰু এই হাটীসমূহত সত্ৰৰ গুৰু আৰু ভক্তসকলে পৰিয়ালসহ বাস কৰে। হাটীসমূহ সত্ৰ প্ৰশাসনে পৰিচালনা কৰে। এই অনন্য বৈশিষ্ট্য অসমৰ আন কতোৱেই দেখা নাযায়। হাতীদাঁতৰ শিল্পকে ধৰি বৰপেটাৰ থলুৱা শিল্প অসম বিখ্যাত। আতচবাজী নিৰ্মাণতো বৰপেটা বিখ্যাত। বৰপেটাৰ সমীপৱৰ্তী সৰ্থেবাৰীৰ কাঁহ-পিতলৰ শিল্প পৃথিৱী বিখ্যাত। মটৰগাড়ী আৰু ৰেলেৰে বৰপেটালৈ যাব পাৰি। ২১ কিঃমিঃ দূৰত্বত বৰপেটা ৰোড্‌ ষ্টেচন ইয়াৰ সমীপৱৰ্তী ৰেল ষ্টেচন। বৰপেটা নগৰীৰ উত্তৰে বৰপেটা ৰোড্‌ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দেশৰ অন্যান্য প্ৰান্তৰ লগত সংযুক্ত হৈ আছে। বৰপেটাৰ ১৬ কিঃমিঃ উত্তৰে হাউলীয়ে বৰপেটাক ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগ কৰিছে। বৰপেটা আৰু গুৱাহাটীৰ মাজৰ নিয়মীয়া বাছসেৱাও আছে।

শিক্ষাসম্পাদনা কৰক

ছাত্ৰসকলৰ বাবে বৰপেটাত এক সুন্দৰ শৈক্ষিক পৰিৱেশ আছে। অসমৰ বহুকেইজন মহান ব্যক্তি ইয়াতে জন্ম গ্ৰহণ কৰিছিল। অম্বিকাগিৰি ৰায়চৌধুৰী, প্ৰসন্নলাল চৌধুৰী, মহেন্দ্ৰ মোহন চৌধুৰী, বনমালী মিশ্ৰ, ডম্বৰুধৰ পাঠক, পুৰুষোত্তম দাস, বাণীকান্ত কাকতি, গুৰুপ্ৰসাদ দাস আদি সেইসকলৰ একাংশ। বৰপেটাৰ স্থানীয় ভাষা, যাক 'বৰপেটীয়া ভাষা' বুলি কোৱা হয়, তাৰ নিজস্ব কথন শৈলীৰ বাবে জনাজাত। ইয়াত সকলো স্তৰৰ শৈক্ষিক অনুষ্ঠান আছে। মাধৱ চৌধুৰী মহাবিদ্যালয়, বৰপেটা বিদ্যাপীঠ, জুৰোৰাম পাঠক ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়,ছায়াৰাম উচ্চ মাধ্যমিক বিদ্যালয় , কেন্দ্ৰীয় বিদ্যালয়, জৱাহৰ নৱোদয় বিদ্যালয়, উত্তৰ পূৱ শিক্ষা আৰু পৰিচালন একাডেমী আদি তাৰে কেইখনমানৰ উদাহৰণ। অসমৰ পঞ্চমখন চিকিৎসা মহাবিদ্যালয় 'ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়' বৰপেটা চহৰৰ যতিগাঁও অঞ্চলত অৱস্থিত।

ৰাজনীতিসম্পাদনা কৰক

বৰপেটা নগৰ বৰপেটা বিধানসভা আৰু বৰপেটা (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত। ভাৰতৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমদ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আছিল। চৈয়দ আব্দুৰ ৰউফে সাংবিধানিক সমাৱেশত বৰপেটাক প্ৰতিনিধিত্ব কৰিছিল।[6][7]

তথ্যসূত্ৰসম্পাদনা কৰক