উপেন্দ্ৰনাথ গোস্বামী

অসমীয়া লেখক, গৱেষক

উপেন্দ্ৰনাথ গোস্বামী (ইংৰাজী: Upendra Nath Goswami, ১৯২৩-২০০০) একাধাৰে ভাষাবিদ, গৱেষক, অধ্যাপক, অনুবাদক আৰু অভিধানপ্ৰণেতা। তেওঁ কটন কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক আছিল আৰু পাছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক পদত নিযুক্ত হৈছিল। তেওঁৰ গৱেষণাৰ বিষয় আছিল- A Study of Kamrupi : A Dialect of Assamese.[1]

উপেন্দ্ৰনাথ গোস্বামী
জন্ম ১৯২৩
নলবাৰী
মৃত্যু ২০০০
নলবাৰী
পেচা অধ্যাপক, ভাষাবিদ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা এম.এ, পি.এইচ.ডি
ধৰণ ভাষা, সংস্কৃতি

জন্ম সম্পাদনা কৰক

উপেন্দ্ৰনাথ গোস্বামীৰ জন্ম হয় ১৯২৩ চনৰ নৱেম্বৰ মাহৰ ১৩ তাৰিখে নলবাৰী সত্ৰত।

শিক্ষা সম্পাদনা কৰক

নলবাৰী গৰ্ডন হাইস্কুলৰ পৰা ১৯৪২ চনত প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ। একে বছৰতে ভাৰত ত্যাগ আন্দোলনত অংশ লৈ কাৰাবাস। তাৰ পাছত ১৯৪৫ চনত কটন কলেজৰপৰা কলা শাখাত প্ৰথম বিভাগত আই.এ পৰীক্ষাত উত্তীৰ্ণ আৰু ১৯৪৭ চনত একেখন কলেজৰপৰাই কলা শাখাত স্নাতক ডিগ্ৰী অৰ্জন। তাৰ পাছত ১৯৫১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয়ৰ ভাষা শাখাত দ্বিতীয় শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন।[2]

কৰ্মজীৱন সম্পাদনা কৰক

  • ১৯৫২ : ডিব্ৰুগড়ৰ ডি. এইছ, কে. কলেজত অসমীয়াৰ প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ সূচনা।
  • ১৯৫৮ : A Study of Kamrupi : A Dialect of Assamese' শীৰ্ষক বিষয়ত গৱেষণা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা সন্মানজনক ডক্টৰেট উপাধি লাভ। উক্ত বিশ্ববিদ্যালয়ৰপৰা ভাষা বিষয়ত ডক্টৰেট উপাধি পোৱা তেখেতেই প্ৰথমজন ব্যক্তি।
  • ১৯৬০ : কটন কলেজৰ অসমীয়া বিভাগত প্ৰবক্তা হিচাপে যোগদান।
  • ১৯৬৪ : কটনত প্ৰায় চাৰি বছৰ সফলতাৰে শিক্ষকতা কৰাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত যোগদান।[3]
  • ১৯৮৭ : দীৰ্ঘদিন শিক্ষক জীৱন কটোৱাৰ পাছত অসমীয়া বিভাগৰ বিভাগীয় মুৰব্বী হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা অৱসৰ গ্ৰহণ।

সন্মান সম্পাদনা কৰক

২০০০ চনত অসম ভাষা-বিজ্ঞান সমিতিৰপৰা মৰণোত্তৰভাৱে ভাষাচাৰ্য’ উপাধি লাভ।[4]

মৃত্যু সম্পাদনা কৰক

২০০০ চনত জন্ম দিৱসৰ দিনাখন নিজা বাসভৱনত মৃত্যু।[5]

সাহিত্যৰাজি সম্পাদনা কৰক

ইংৰাজী ভাষাত সম্পাদনা কৰক

  • A Study of Kamrupi : A Dialect of Assamese, ১৯৯৮
  • An Introduction to Assamese, ১৯৭৮;
  • An Introduction to the Deuri Language, ১৯৯৪

অসমীয়া ভাষাত সম্পাদনা কৰক

  • নেতাজীৰ বাণী, ১৯৪৬
  • শৰৎচন্দ্ৰ গোস্বামী, ১৯৪৬
  • সীমান্ত কেশৰী, ১৯৪৭
  • বাপু মোৰ আই, ১৯৫০
  • ভাষা আৰু সাহিত্য, ১৯৫৬
  • ভাষাবিজ্ঞান, ১৯৬৫
  • বৈষ্ণৱ ভক্তিধাৰা আৰু সন্তকথা, ১৯৭৫
  • অসমীয়া ভাষাৰ ৰূপকথা, ১৯৭৭
  • ভাষা-সমাজ-সাহিত্য, ১৯৭৮
  • অসমীয়া ভাষাৰ ব্যাকৰণ, ১৯৮১
  • দেউৰী শব্দমালা, ১৯৮১
  • অসমীয়া ভাষা আৰু উপভাষা, ১৯৮৬
  • অসমীয়া লিপি, ১৯৮৭
  • প্ৰত্ন অসমীয়া ভাষাৰ ৰূপতাত্ত্বিক বিশ্লেষণ, ১৯৮৫
  • অসমীয়া ভাষাৰ উদ্ভৱ, সমৃদ্ধি আৰু বিকাশ, ১৯৯১

অনুবাদ সম্পাদনা কৰক

  • মানৱৰ পুনৰ নিৰ্মাণ
  • প্ৰেমচন্দৰ পাঁচটা চুটি গল্প

অভিধান সম্পাদনা কৰক

  • মণিমাণিক শব্দকোষ, ১৯৯৮[6]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. কথা বৰেণ্য, সম্পাদক-শোণিত বিজয় দাস আৰু মুনীন বায়ন, কথা প্ৰকাশন, প্ৰথম প্ৰকাশ, পৃষ্ঠা-৩১১
  2. কথা বৰেণ্য, প্ৰথম প্ৰকাশ, পৃষ্ঠা-৩১১
  3. কথা বৰেণ্য, কথা প্ৰকাশন, প্ৰথম প্ৰকাশ, পৃষ্ঠা-১৫২
  4. কথা বৰেণ্য, কথা প্ৰকাশন, প্ৰথম প্ৰকাশ, পৃষ্ঠা-৩১১
  5. কথা বৰেণ্য, কথা প্ৰকাশন, প্ৰথম প্ৰকাশ, পৃষ্ঠা-১৫২
  6. কথা বৰেণ্য, কথা প্ৰকাশন, প্ৰথম প্ৰকাশ, পৃষ্ঠা-১৫২