উমাকান্ত শৰ্মা
উমাকান্ত শৰ্মা (ইংৰাজী: Umakanta Sarmah) এগৰাকী ঔপন্যাসিক, গল্পকাৰ, কবি, নাট্যকাৰ আৰু অনুবাদক আছিল। তেখেতে ১৯১৪ চনৰ ২৮ নৱেম্বৰত নলবাৰী জিলাৰ ককয়া গাঁৱত জন্মগ্ৰহণ কৰে। ২০০৫ চনৰ ১৪ এপ্ৰিলৰ[উদ্ধৃতিৰ প্ৰয়োজন] দিনা তেওঁৰ দেহাৱসান ঘটে।
উমাকান্ত শৰ্মা | |
---|---|
জন্ম | ২৮ নৱেম্বৰ, ১৯১৪ ককয়া, নলবাৰী, অসম |
মৃত্যু | ১৪ এপ্ৰিল, ২০০৫ (৮০ বছৰ) |
পেচা | ঔপন্যাসিক, গল্পকাৰ |
শিক্ষা
সম্পাদনা কৰকতেখেতে নলবাৰীৰ গৰ্ডন স্কুল, কটন মহাবিদ্যালয়, কলিকতা বিশ্ববিদ্যালয়, আৰু আমেৰিকাৰ ইলিনয় বিশ্ববিদ্যালয়ৰ পৰা আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে।
কৰ্মজীৱন
সম্পাদনা কৰক১৯৪৮ চনত অসম প্ৰাথমিক শিক্ষা ব’ৰ্ডৰ সচিব পদত নিযুক্ত হয়। পাছত শ্বিলঙৰ ছেইণ্ট এডমণ্ডজ কলেজ, সন্দিকৈ ছোৱালী মহাবিদ্যালয় আৰু বি. বৰুৱা মহাবিদ্যালয়ত কিছুকাল অধ্যাপনা কৰে। তাৰ পাছত তেখেতে অসমৰ শিক্ষা বিভাগৰ উপ-সচিব, যুটীয়া শিক্ষাধিকাৰ আৰু শিক্ষাধিকাৰ আদি পদত কাৰ্যনিবাহ কৰি ১৯৭৫ চনত অবসৰ গ্ৰহণ কৰে।[1]
সাহিত্যকৃতি
সম্পাদনা কৰক- ঘূৰণীয়া পৃথিৱীৰ বেঁকা পথ (১৯৪৭), গল্প-সংকলন
- কাব্যভূমি (১৯৪৮)
- উৰন্ত মেঘৰ ছাঁ (১৯৫০), উপন্যাস
- ছিমছিঙৰ দুটা পাৰ (১৯৬৫), উপন্যাস
- ৰঙা ৰঙা তেজ (১৯৬৮), উপন্যাস
- উকা এটা মন (১৯৭৮), গল্প-সংকলন
- এজাক মানুহ এখন অৰণ্য (১৯৮৬), উপন্যাস
- ভাৰণ্ড পখীৰ জাক (১৯৯২), উপন্যাস
- Thawing Out (১৯৯৭), ইংৰাজী কবিতা-সংকলন
- জীৱনী-বিষয়ক (১৯৯৭)
- কাজলীৰ ৰোগ (২০০১), উপন্যাস
লাভ কৰা সন্মান
সম্পাদনা কৰক- অসম প্ৰকাশন পৰিষদ বঁটা (১৯৮৮)
- অসম সাহিত্য সভাৰ কলাগুৰু বিষ্ণুৰাভা বঁটা (১৯৯৬)
- ভাৰতীয় ভাষা পৰিষদ বঁটা (১৯৯৬)
- অসম উপত্যকা সাহিত্য বঁটা (১৯৯৬)
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ অসম উপত্যকা সাহিত্য বঁটা, কথা গুৱাহাটী, সপ্তম সংখ্যা, অক্টোৱৰ-নৱেম্বৰ, ২০০৪