উমিয়াম হ্ৰদ (অন্য নাম বৰাপানী হ্ৰদ) মেঘালয় ৰাজ্যৰ শ্বিলং নগৰৰ ১৫ কিলোমিটাৰ উত্তৰে অৱস্থিত এক জলাধাৰ। ১৯৬০-ৰ দশকত উমিয়াম নদীত বান্ধ দি ইয়াৰ সৃষ্টি কৰা হৈছিল। হ্ৰদ আৰু বান্ধৰ অৱবাহিকা অঞ্চল প্ৰায় ২২০ কিলোমিটাৰ বিস্তৃত।

উমিয়াম হ্ৰদ
অৱস্থান মেঘালয়
স্থানাংক 25°39′12″N 91°53′03″E / 25.6532°N 91.8843°E / 25.6532; 91.8843স্থানাংক: 25°39′12″N 91°53′03″E / 25.6532°N 91.8843°E / 25.6532; 91.8843
প্ৰকাৰ জলাধাৰ
Catchment area 220 বৰ্গ কি.মি. (22,00,00,000 বৰ্গ মিটাৰ)
Basin countries India
Settlements শ্বিলং

ইতিহাস সম্পাদনা কৰক

হ্ৰদটোক আবদ্ধ কৰা উমিয়াম বান্ধ ১৯৬০-ৰ দশকত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ-এ সাজি উলিয়াইছিল। হ্ৰদটো সৃষ্টিৰ উদ্দেশ্য আছিল জলবৈদ্যুতিক শক্তিৰ উৎপাদন। হ্ৰদটোৰ উত্তৰে থকা উমিয়াম ষ্টেজ I পাৱাৰহাউচত চাৰিটা 9-MW টাৰ্বাইন জেনেৰেটৰ আছে য'ত ১৯৬৫ চনত ব্যৱসায়িক উৎপাদন আৰম্ভ হয়। উমিয়াম ষ্টেজ I উত্তৰ-পূব ভাৰতত অনুমোদিত প্ৰথম জলাধাৰ জলবিদ্যুৎ প্ৰকল্প। পাছলৈ উমিয়াম প্ৰকল্পৰ আৰু তিনিটা পৰ্যায় নামনি অঞ্চলত সজা হয়।[1]

পৰ্যটনস্থলী সম্পাদনা কৰক

মেঘালয়ত উলিয়াম হ্ৰদ এক অন্যতম পৰ্যটনস্থলী। পৰ্যটকসকলে কায়াকিং, ৱাটাৰ চাইক্লিং, স্কুটিং, নাও চলোৱা আদিৰ বাবে ইয়াত ভিৰ কৰে।

 
উমিয়াম


গেলেৰী সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক

সাঁচ:Hydrography of North-east India