উমৈহতীয়া দেৱানী বিধি (ইংৰাজী: Uniform Civil Code) হৈছে ভাৰতত নাগৰিকৰ ব্যক্তিগত আইন প্ৰণয়ন আৰু কাৰ্যকৰীকৰণৰ প্ৰস্তাৱ,যিসমূহ সকলো নাগৰিকৰ ক্ষেত্ৰত তেওঁলোকৰ ধৰ্ম, লিংগ আৰু যৌন অভিমুখ নিৰ্বিশেষে সমানে প্ৰযোজ্য৷ বৰ্তমান বিভিন্ন সম্প্ৰদায়ৰ ব্যক্তিগত আইন তেওঁলোকৰ ধৰ্মীয় শাস্ত্ৰৰ দ্বাৰা পৰিচালিত হয়।[1] সমগ্ৰ দেশতে একেধৰণৰ নাগৰিক সংহিতা ৰূপায়ণ ভাৰতৰ শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম বিতৰ্কিত প্ৰতিশ্ৰুতি। ব্যক্তিগত আইন ৰাজহুৱা আইনৰ পৰা পৃথক আৰু ইয়াত বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ, তুলি লোৱা তথা ভৰণ-পোষণ আদি সামৰি লোৱা হয়। ভাৰতীয় সংবিধানৰ ২৫-২৮ অনুচ্ছেদত ভাৰতীয় নাগৰিকক ধৰ্মীয় স্বাধীনতা নিশ্চিত কৰাৰ লগতে ধৰ্মীয় গোষ্ঠীসমূহক নিজৰ কাম-কাজ বৰ্তাই ৰাখিবলৈ অনুমতি দিয়াৰ বিপৰীতে সংবিধানৰ ৪৪ নং অনুচ্ছেদত ভাৰতীয় ৰাষ্ট্ৰই ৰাষ্ট্ৰীয় নীতি প্ৰণয়ন কৰাৰ সময়ত সকলো ভাৰতীয় নাগৰিকৰ বাবে নিৰ্দেশনামূলক নীতি আৰু সাধাৰণ আইন প্ৰয়োগ কৰিব বুলি বাঞ্ছা কৰা হৈছে। [2][3]

ব্ৰিটিছ ৰাজৰ সময়ত প্ৰথমে ব্যক্তিগত আইন প্ৰণয়ন কৰা হৈছিল, মূলতঃ হিন্দু আৰু মুছলমান নাগৰিকৰ বাবে। ব্ৰিটিছে সম্প্ৰদায়ৰ নেতাসকলৰ বিৰোধিতাৰ আশংকা কৰিছিল আৰু এই ঘৰুৱা ক্ষেত্ৰখনৰ ভিতৰত অধিক হস্তক্ষেপ কৰাৰ পৰা বিৰত আছিল। পূৰ্বতে পৰ্তুগীজ, গোৱা আৰু দমনত ঔপনিৱেশিক শাসনৰ বাবে ভাৰতৰ গোৱা ৰাজ্য ভাৰতৰ পৰা পৃথক হৈ গোৱা নাগৰিক সংহিতা নামেৰে জনাজাত সাধাৰণ পৰিয়াল আইন বৰ্তাই ৰাখিছিল আৰু এইদৰে ২০২৪ চনৰ ৭ ফেব্ৰুৱাৰীলৈকে দেৱানী বিধি মানি চলা ভাৰতৰ একমাত্ৰ ৰাজ্য আছিল৷ কিন্তু গোৱা দেৱানী বিধিত কিছুমান অসামঞ্জস্যতা আছে; কাৰণ ইয়াত বিভিন্ন সম্প্ৰদায়ৰ বাবে বিশেষ ব্যৱস্থা আছে৷ যেনে- পত্নীয়ে ২৫ বছৰৰ আগতে সন্তান জন্ম নিদিলে বা ৩০ বছৰ বয়সৰ আগতে পুৰুষ সন্তান জন্ম নিদিলে হিন্দু পুৰুষক দুগৰাকী বিয়া পতাৰ অনুমতি দিয়ে৷ স্বাধীনতাৰ পিছত হিন্দু সংহিতা বিধেয়ক প্ৰৱৰ্তন কৰা হয় যিয়ে বৌদ্ধ, হিন্দু, জৈন আৰু শিখ আদি ভাৰতীয় ধৰ্মৰ মাজত বিভিন্ন সম্প্ৰদায়ৰ ব্যক্তিগত আইনসমূহ বহুলাংশে সংহিতা আৰু সংস্কাৰ কৰে৷ অৱশ্যে ই খ্ৰীষ্টান, ইহুদী, মুছলমান আৰু পাৰ্চীসকলক ৰেহাই দিছিল৷ আৰু হিন্দুৰ পৰা পৃথক সম্প্ৰদায় হিচাপে চিনাক্ত কৰা হৈছিল।[4][5]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Anand, Utkarsh (2021-03-15). "Has the Supreme Court set the ball rolling for a Uniform Civil Code?". Hindustan Times. https://www.hindustantimes.com/india-news/has-the-supreme-court-set-the-ball-rolling-for-a-uniform-civil-code-101615802810671.html. 
  2. Shimon Shetreet; Hiram E. Chodosh (December 2014). Uniform Civil Code for India: Proposed Blueprint for Scholarly Discourse. Oxford University Press. ISBN 978-0-19-807712-1. https://books.google.com/books?id=y-pIDwAAQBAJ&pg=PT4। আহৰণ কৰা হৈছে: 2020-08-22. 
  3. "Article 44 in the Constitution of India 1949". https://indiankanoon.org/doc/1406604/। আহৰণ কৰা হৈছে: 2020-08-22. 
  4. Rina Verma Williams (2006). Postcolonial Politics and Personal Laws. Oxford University Press. পৃষ্ঠা. 18, 28, 106, 107, 119. ISBN 0-19-568014-6. 
  5. Dasgupta, Sravasti (6 July 2023). "BJP Equates UCC With Gender Justice. But Can It End Discrimination In-Built in Personal Laws?" (en ভাষাত). The Wire (New Delhi). https://thewire.in/women/bjp-ucc-with-gender-justice-discrimination-personal-laws.