উৎপল দত্ত (অভিনেতা)

অভিনেতা


উৎপল দত্ত (ইংৰাজী: Utpal Dutt) এজন ভাৰতীয় অভিনেতা, পৰিচালক, লেখক আৰু নাট্যকাৰ আছিল। তেওঁ মুলতঃ বঙালী থিয়েটাৰৰ এজন অভিনেতা আৰু আধুনিক ভাৰতীয় থিয়েটাৰৰ এজন অগ্ৰণী ব্যক্তি আছিল। তেওঁ ১৯৪৯ চনত "লিটল থিয়েটাৰ গ্ৰুপ" প্ৰতিষ্ঠা কৰে। এই নাট্যদলটোৱে নিজকে সম্পূৰ্ণৰূপে ৰাজনৈতিক আৰু কঠোৰপন্থী থিয়েটাৰলৈ ৰূপান্তৰিক কৰাৰ পূৰ্বে ই বহুতো ইংৰাজী, শ্বেইক্সপীয়েৰিয়ান আৰু ব্ৰেখটীয় নাটক মঞ্চস্থ কৰিছিল; যি সময়চোৱাক এতিয়া "এপিক থিয়েটাৰ" বুলি উল্লেখ কৰা হয়।

উৎপল দত্ত

উৎপল দত্তৰ সন্মানত ভাৰতীয় ডাকবিভাগে ২০১৩ চনত মুকলি কৰা ডাকটিকট
জন্ম ২৯ মাৰ্চ, ১৯২৯
বৰিশাল, বেংগল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত
(বৰ্তমানৰ বাংলাদেশ)
মৃত্যু ১৯ আগষ্ট, ১৯৯৩ (৬৪ বছৰ)
কলকাতা, পশ্চিম বংগ, ভাৰত
পেচা অভিনেতা, পৰিচালক, নাট্যকাৰ
সক্ৰিয় হৈ থকা সময় ১৯৪৭-১৯৯৩
দাম্পত্যসঙ্গী শোভা সেন (১৯৬০-১৯৯৩)
সন্তান বিষ্ণুপ্ৰিয়া দত্ত
বঁটা, সন্মান, পুৰস্কাৰ আদি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
সংগীত নাটক একাডেমী বঁটা

দত্তৰ নাটকসমূহ তেওঁৰ মাৰ্ক্সবাদী মতাদৰ্শ প্ৰকাশৰ এক উপযুক্ত বাহন হৈ পৰিছিল, যি মতাদৰ্শ কল্লোল (১৯৬৫), মানুষেৰ অধিকাৰ, লৌহা মানৱ (১৯৬৪), টিনেৰ তলোৱাৰ আৰু মহা-বিদ্ৰোহ আদিৰ দৰে সামাজিক-ৰাজনৈতিক নাটকত দৃশ্যমান হৈছিল। তেওঁ ৪০ বছৰীয়া কৰ্মজীৱনত ১০০খনতকৈও অধিক বাংলা আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছিল। মৃণাল সেনভুৱন সোম (১৯৬৯), সত্যজিৎ ৰায়আগন্তুক (১৯৯১), গৌতম ঘোষৰ পদ্মা নদীৰ মাঝি (১৯৯৩) আৰু হৃষীকেশ মুখাৰ্জীৰ গোলমাল (১৯৭৯) আৰু ৰং বিৰংগীৰ (১৯৮৩) দৰে চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ সৰ্বাধিক পৰিচিত।[1][2][3] মৃত্যুৰ মাত্ৰ কিছুদিন আগতে ১৯৯৩ চনত দূৰদৰ্শন ধাৰাবাহিক ব্যোমকেশ বক্সীৰ ‘সীমান্ত হীৰা’ খণ্ডত তেওঁ ছাৰ দিগেন্দ্ৰ নাৰায়ণ নামৰ এজন ভাস্কৰ্যশিল্পীৰ চৰিত্ৰতো অভিনয় কৰিছিল।

১৯৭০ চনত তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ উপৰিও তিনিটাকৈ শ্ৰেষ্ঠ কৌতুক অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। নাট্যজগতলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে ১৯৯০ চনত সংগীত নাটক একাডেমীয়ে তেওঁক ফেলোশ্বিপ প্ৰদান কৰে।

বঁটা আৰু স্বীকৃতিসম্পাদনা কৰক

তথ্যসূত্ৰসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক