এংকৰ ৱাট (ইংৰাজী: Angkor Wat) বা আক্ষৰিক অৰ্থত "মন্দিৰৰ নগৰ"[2]) হৈছে কম্বোডিয়াত অৱস্থিত এক ধৰ্মীয় স্থাপত্য আৰু ই মাটিকালিৰ জোখেৰে পৃথিৱীৰ সৰ্ববৃহৎ মন্দিৰ চৌহদ।[3] ইয়াৰ মুঠ মাটিকালি ৪০২ একৰ (১.৬২৬ বৰ্গ কি:মি:)।[4] এই মন্দিৰটো দ্বাদশ শতিকাৰ প্ৰথমভাগত ৰজা দ্বিতীয় সূৰ্যবৰ্মনে সেই সময়ৰ ক্ষ্মেৰ সাম্ৰাজ্যৰ ৰাজধানী যশোধাৰাপুৰ অৰ্থাৎ সাম্প্ৰতিক কালৰ এংকৰত ৰাজ্যিক মন্দিৰ হিচাপে নিৰ্মাণ কৰাইছিল।[5][6][7] আৰম্ভণিতে ক্ষ্মেৰ ৰজা দ্বিতীয় সূৰ্যবৰ্মণৰ ব্যক্তিগত উপাসনা গৃহ হিচাপে নিৰ্মাণ কৰা বিষ্ণুৰ এই মন্দিৰটো দ্বাদশ শতিকাৰ শেষৰফাললৈ এক বৌদ্ধ মন্দিৰলৈ ৰূপান্তৰিত হয়।[7][8]

এংকৰ ৱাট
អង្គរវត្ត
Ankor Wat temple.jpg
মূল ভৱনৰ সমুখভাগ
বিকল্প নাম নকৰ ৱাট
অৱস্থিতি চিয়েম ৰিপ, কম্বোডিয়া
সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা 65 মিটাৰ (213 ফুট)
ইতিহাস
নিৰ্মাতা সূৰ্যবৰ্মণ দ্বিতীয় (আৰম্ভণি)
স্থাপনা দ্বাদশ শতিকাৰ প্ৰথমভাগ[1]
সভ্যতা ক্ষ্মেৰ সাম্ৰাজ্য
স্থাপত্য
স্থাপত্যশৈলী ক্ষ্মেৰ স্থাপত্য (এংকৰ ৱাট শৈলী)
আনুষ্ঠানিক নাম: এংকৰ
প্ৰকাৰ: সাংস্কৃতিক
মাপকাঠী: i, ii, iii, iv
অভিহিত: ১৯৯২
উদ্ধৃতি #: 668

সবাতোকৈ সংৰক্ষিত মন্দিৰ হোৱাৰ বাবে স্থাপন কালৰেপৰা বৰ্তমানলৈকে ধৰ্মীয় কেন্দ্ৰস্থল হিচাপে পৰিগণিত হৈ থকা এইটোৱেই একমাত্ৰ মন্দিৰ। এংকৰ ৱাটক ক্ষ্মেৰ স্থাপত্যৰ সৰ্বোৎকৃষ্ট নিদৰ্শন বুলি কোৱা হয়। ই কম্বোডিয়াকে ধৰি সমগ্ৰ বিশ্বৰে গুৰুত্বপূৰ্ণ বৌদ্ধ তীৰ্থস্থানসমূহৰ অন্যতম।[9] ইয়াক কম্বোডিয়াৰ জাতীয় চিহ্নসমূহৰ মাজত স্থান দিয়া হয়[10] আৰু দেশখনৰ ৰাষ্ট্ৰীয় পতাকাতো ইয়াক অংকন কৰা হয়। এংকৰ ৱাট কম্বোডিয়া প্ৰধান পৰ্যটন স্থল।[11] কম্বোডিয়াক এক বৌদ্ধধৰ্মীয় দেশ হিচাপে গঢ় দিয়াত এংকৰ ৱাটৰ অন্যতম ভূমিকা আছে।[8]

এংকৰ ৱাটৰ স্থাপত্যত দুটা প্ৰধান বৈশিষ্ট্য দেখা যায়। সেয়া হৈছে শৃংগ-শৈলী বা টেম্পল মাউনণ্টেইন আৰু 'পাৰ্শীয়-পদপথ বা গেলেৰী। ই হিন্দু আৰু বৌদ্ধ ধৰ্মবিশ্বাসৰ দেৱতাৰ নিবাসস্থান মেৰু পৰ্বতক প্ৰতিনিধিত্ব কৰে। ই প্ৰায় ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা খাৱৈ[12] ৩.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেৱালেৰে আগুৰা। মন্দিৰটোত তিনিটা চতুৰ্ভুজাকাৰ পাৰ্শ্বীয় পদপথ বা গেলেৰী আছে। এইকেইটা এটাৰ ওপৰত আনটো অৱস্থিত। মন্দিৰৰ মাজভাগত পঞ্চবৃক্ষ (ইংৰাজী: quincunx) সজ্জাত পাঁ‌চটা স্তম্ভ আছে। মন্দিৰৰ বেৰত খোদিত শৈলভাস্কৰ্য আৰু অনন্য স্থাপত্যশৈলীৰ বাবে এংকৰ ৱাট প্ৰসিদ্ধ। ১৯৯২ চনত এংকৰ ৱাটক ইউনেস্ক'ৰ বিশ্ব ঐতিহ্যবাহী স্থানৰ মৰ্যাদা প্ৰদান কৰা হয়।

নামৰ উৎপত্তিসম্পাদনা কৰক

ক্ষ্মেৰ ভাষাত এংকৰ ৱাট (বা নকৰ ৱাট)[13] শব্দদ্বয়ৰ অৰ্থ হৈছে মন্দিৰৰ নগৰ। এংকৰৰ সমাৰ্থক নকৰ শব্দটো সংস্কৃত বা পালি ভাষাৰ নগৰ শব্দৰ পৰা আহিছে।[14] ক্ষ্মেৰ ভাষাত ৱাটৰ অৰ্থ মন্দিৰ চৌহদ। সংস্কৃত বা পালি ভাষাত ৱাট (vāṭa) মানে সংলগ্ন।[2]

মন্দিৰটোৰ প্ৰাচীন নাম আছিল ব্ৰহ বিষ্ণু লোক (বৰাহ বিষ্ণু লোক) বা বৰম বিষ্ণু লোক (পৰম বিষ্ণুলোক) আৰু এয়া আছিল মন্দিৰটোৰ নিৰ্মাতা ৰজাগৰাকীয়ে মৰণোত্তৰভাৱে লাভ কৰা নাম।[15][16]

ইতিহাসসম্পাদনা কৰক

নিৰ্মাণসম্পাদনা কৰক

 
এংকৰ ৱাটৰ নিৰ্মাতা ৰজা দ্বিতীয় সূৰ্যবৰ্মন

আখ্যানমতে, দেৱৰাজ ইন্দ্ৰই তেওঁৰ পুত্ৰ প্ৰেচা কেট মিলিৰ বাবে এক প্ৰাসাদ হিচাপে এংকৰ ৱাট নিৰ্মাণৰ আদেশ দিছিল।[17] ত্ৰয়োদশ শতিকাৰ চীনা পৰিব্ৰাজক ঝও ডেগুৱানৰ মতে বহুলোকে বিশ্বাস কৰিছিল যে কোনো দৈৱ শিল্পীয়ে এই মন্দিৰটো একেৰাতিৰ ভিতৰতে সজাইছিল।[18]

মন্দিৰটোৰ প্ৰাথমিক নক্সা আৰু নিৰ্মাণকাৰ্য ৰজা দ্বিতীয় সূৰ্যবৰ্মনৰ ৰাজত্বকালত (১১১৩-১১৫০ চন) দ্বাদশ শতিকাৰ প্ৰথমভাগতে আৰম্ভ হয়। পূৰ্বৰ ৰজাসকলৰ শৈৱ পৰম্পৰা ভংগ কৰি এই মন্দিৰটো বিষ্ণুৰ নামত উছৰ্গা কৰা হয়। ইয়াক ৰজাৰ ৰাজ্যিক মন্দিৰ আৰু ৰাজধানী চহৰ হিচাপে নিৰ্মাণ কৰা হৈছিল। কোনোধৰণৰ আধাৰশিলাৰ অভাৱ আৰু কোনো সমসাময়িক ৰচনাতে মন্দিৰটোৰ বিষয়ে উল্লেখ নথকাৰ বাবে ইয়াৰ প্ৰকৃত নাম জনা নাযায় যদিও পূজ্য দেৱতাৰ ওপৰত ভিত্তি কৰি এংকৰ ৱাট ব্ৰহ বিষ্ণুলোক বা বৰাহ বিষ্ণুলোক নামেৰে পৰিচিত হোৱা বুলি ধাৰণা কৰা হয়। ৰজা দ্বিতীয় সূৰ্যনাৰায়ণৰ মৃত্যুৰ পিছতেই মন্দিৰ নিৰ্মাণৰ কাম স্তব্ধ হৈ পৰা যেন অনুমান হয়। ইয়াৰে কিছু শিলাংকণৰ কাম আধৰুৱা হৈ ৰয়।[19] ব্ৰহ বিষ্ণুলোক বা পৰম বিষ্ণুলোকৰ আক্ষৰিক অৰ্থ হৈছে বিষ্ণুলোককৈ গমন কৰা ৰজা যি প্ৰয়াত দ্বিতীয় সূৰ্যবৰ্মনৰ কথাকে সূচাইছে।[15]

বৌদ্ধধৰ্মৰ প্ৰভাৱসম্পাদনা কৰক

দ্বিতীয় সূৰ্যবৰ্মনৰ মৃত্যুৰ প্ৰায় ২৭ বছৰৰ পিছত, ১১৭৭ চনত ক্ষ্মেৰসকলৰ শত্ৰু চম্পসকলে এংকৰ অধিকাৰ কৰে।[20] সপ্তম জয়বৰ্মন ৰাজপাটত উঠে। তেওঁ এংকৰ ৱাটৰ উত্তৰ দিশত এংকৰ থ'ম আৰু বায়ন নামেৰে নতুন ৰাজধানী আৰু বৌদ্ধধৰ্মৰ প্ৰতি উৎসৰ্গিত ৰাজ্যিক মন্দিৰ সাজে। সেয়ে এংকৰ ৱাটতো ধীৰে ধীৰে বৌদ্ধধৰ্মৰ প্ৰভাৱ পৰে আৰু হিন্দু ভাস্কৰ্যসমূহ বৌদ্ধ কলাৰ প্ৰতিস্থাপন কৰা হয়।[21]

 
১৯০০ চনৰ এংকৰ ৱাটৰ হস্তী সমদল

দ্বাদশ শতিকাৰ শেষৰভাগলৈ এংকৰ ৱাট হিন্দু মন্দিৰৰ পৰা বৌদ্ধ উপাসনা স্থলীলৈ পৰিৱৰ্তিত হয়।[7] অন্য এংকৰ মন্দিৰসমূহৰ সৈতে এংকৰ ৱাটৰ পাৰ্থক্য এয়াই যে ১৬ শতিকাৰ পিছত ইয়াক বহু পৰিমাণে উপেক্ষা কৰা হ'লেও ই কেতিয়াও সম্পূৰ্ণৰূপে পৰিত্যক্ত হোৱা নাছিল।[22] ১৭ শতিকাত এংকৰ ক্ষেত্ৰস্মূহত উদ্ধাৰ হোৱা ১৪ খন নথিয়ে থলুৱা ক্ষ্মেৰ লোকসকলৰ আশে-পাশে জাপানী বৌদ্ধসকলে নিবাস স্থাপন কৰাৰ প্ৰমাণ দাঙি ধৰে।[23] সেই সময়ত জাপানী অভ্যাগতসকলে এই ঠাইক ভাৰতৰ মগধত অৱস্থিত গৌতম বুদ্ধৰ জেতবন বুলি ভাবিছিল।[24] এই নথিসমূহত ১৬৩২ চনত উকণ্ডায়ু কাজুফুচাই এংকৰ ৱাটত ক্ষ্মেৰ নৱবৰ্ষ পালন কৰাৰ কথা পোৱা যায়।[25]

আধুনিক কালসম্পাদনা কৰক

১৫৮৬ চনমানলৈ বিভিন্ন ভ্ৰমণকাৰীৰ যোগে[26][27] এংকৰ ৱাট ইউৰোপীয় দেশসমূহৰ দৃষ্টিগোচৰলৈ আহে আৰু ১৮৬৩ চনৰ ১১ আগষ্টত ফ্ৰান্সে কম্বোডিয়াক নইজঅৰ সুৰক্ষাত থকা ৰাষ্ট্ৰ বা প্ৰটেক্ট'ৰেট হিচাপে অধিগ্ৰহণ কৰে। ইয়াৰ লগে লগে এংকৰৰ ভগ্নাৱশেষসমূহ নিজৰ নিয়ন্ত্ৰণলৈ আনিবৰ বাবে ছিয়ামলৈ আগ্ৰাসন চলাতাৎক্ষণিকভাৱে কম্বোডিয়ায়ো ১৩৫১(বা ১৪৩১) চনৰ পৰা ছিয়ামিজসকলৰ (থাই)দখলত থকা নিজৰ ভূমি দাবী কৰিবলৈ লয়।[28]

বিংশ শতাব্দীত এংকৰ ৱাটৰ উল্লেখযোগ্য পুনৰনিৰ্মাণ কাৰ্য সংঘটিত হয়।[29]

১৯৫৩ চনৰ ৯ নৱেম্বৰত কম্বোডিয়াই ফ্ৰান্সৰপৰা স্বাধীনতা লাভ কৰে আৰু তেতিয়াৰেপৰাই এংকৰ ৱাটৰ নিয়ন্ত্ৰণ লাভ কৰে। ইয়াৰ পিছত ১৯৯২ চনত এংকৰ ৱাটে ইউনেস্কোৰ বিশ্ব ঐতিহ্যবাহী স্থানৰ মৰ্যাদা লাভ কৰে।[30]

স্থাপত্যশৈলীসম্পাদনা কৰক

ক্ষেত্ৰ আৰু নক্সাসম্পাদনা কৰক

এংকৰ ৱাটৰ নক্সা
মাজভাগত মূল মন্দিৰটোৰে সৈতে এংকৰ ৱাটৰ নক্সা
বিহংগম দৃষ্টিৰে এংকৰ ৱাট

এংকৰ ৱাটক ক্ষ্মেৰ স্থাপত্যৰ উৎকৃষ্ট নিদৰ্শন বুলি গণ্য কৰা হয়। মন্দিৰটোত শৃংগ-শৈলী বা টেম্পল মাউনণ্টেইন আৰু 'পাৰ্শীয়-পদপথ বা গেলেৰীৰ সংমিশ্ৰণ দেখিবলৈ পোৱা যায়। ইয়াৰোপৰি মন্দিৰৰ চূড়াসমূহৰ অৱস্থিতি আৰু বিশেষ একো একোটা স্থানৰপৰা দেখা পোৱা সূৰ্যোদয়ৰ প্ৰতি লক্ষ্য কৰি জ্যোতিৰ্বিদ্যাৰ ফালৰপৰাও মন্দিৰটোৰ বিশেষত্ব থাকিব পাৰে বুলি ধাৰণা কৰা হৈছে।[31] এংকৰ ৱাটৰ শৃংগ শৈলীয়ে দেৱতাসকলৰ আৱাস অৰ্থাৎ মেৰু পৰ্বতকে সূচায়। পঞ্চবৃক্ষ সজ্জাৰে সজ্জিত মন্দিৰৰ পাঁ‌চটা স্তম্ভই মেৰু পৰ্বতৰ পাঁ‌চটা স্তম্ভক প্ৰতিনিধিত্ব কৰে। চাৰিওফালৰ দেৱাল আৰু খাৱৈয়ে চৌপাশৰ পৰ্বতমালা আৰু সমুদ্ৰক সূচায়।[32] মন্দিৰৰ ওপৰ অংশলৈ সাধাৰণ লোকৰ প্ৰৱেশৰ অনুমতি নাই।[33]

 
কেন্দ্ৰীয় স্থাপত্যৰ নক্সা।

মন্দিৰৰ মূল চূড়াটো মহাবিষুৱৰ দিনাৰ পুৱাৰ সূৰ্যৰ সৈতে বিন্যাসত আবদ্ধ।[34][35] অন্যান্য ক্ষ্মেৰ মন্দিৰ পূবমুৱা হোৱাৰ পৰিৱৰ্তে এংকৰ ৱাট পশ্চিমমুৱাকৈ নিৰ্মাণ কৰা হৈছিল। সেয়ে কোনো কোনো পণ্ডিতে ক'ব খোজে যে সূৰ্যবৰ্মনে এই মন্দিৰটো অন্তিম সংস্কাৰৰ উদ্দেশ্যেৰেহে সাজিছিল।[36][37] অৱশ্যে অন্যান্য পণ্ডিতে মত প্ৰকাশ কৰে যে এংকৰৰ আন বহুকেইটা মন্দিৰ পশ্চিমমুৱা আৰু সম্ভৱতঃ এংকৰ ৱাট যিহেতু বিষ্ণুৰ প্ৰতি উৎসৰ্গিত আৰু তেওঁ পশ্চিম দিশৰ সৈতে জড়িত দেৱতা সেয়ে মন্দিৰসমূহ পশ্চিমমুৱাকৈ সজা হৈছিল।[32]

শৈলী আৰু অলংকৰণসম্পাদনা কৰক

 
পাৰ্শ্বীয় দৃষ্টিৰে এংকৰ ৱাট

এংকৰ ৱাটক ধ্ৰুপদী ক্ষ্মেৰ স্থাপত্যশৈলী—এংকৰ ৱাট শৈলীৰ ঘাই উদাহৰণ হিচাপে গণ্য কৰা হয়। দ্বাদশ শতিকালৈকে ক্ষ্মেৰ স্থপতিবিদসকল ভৱন নিৰ্মাণৰ সামগ্ৰী হিচাপে ইটা বা লেটেৰাইটতকৈ বলুকা পাথৰ অৰ্থাৎ ছেণ্ডষ্ট'নৰ ব্যৱহাৰ কৰাত নিপুণ হৈ উঠে। মন্দিৰৰ চকুৰে দেখা পোৱা অংশসমূহ বলুকা পাথৰেৰে আৰু বৰ্হিভাগ্ৰ দেৱাল তথা লোকচক্ষুৰ আঁ‌ৰৰ অংশসমূহ লেটেৰাইটেৰে নিৰ্মিত। গাঁ‌থনিত ব্যৱহাৰ হোৱা সামগ্ৰী চিনাক্ত হোৱা নাই যদিও এয়া সম্ভৱতঃ ধূনা আৰু গলোৱা চূণশিল ব্যৱহাৰ কৰা হৈছিল।[38]

সজ্জাসমূহৰ ভিতৰত শংকুগোলক (ইংৰাজী: Ogive), পদুম ফুলৰ পাহিৰ আকৃতিৰ চূড়া, বহলীকৃত অহা-যোৱাৰ পথ, যোগ চিনৰ দৰে ছাঁ‌দ আদি উল্লেখযোগ্য। অলংকৰণৰ উপকৰণসমূহৰ ভিতৰত অপ্সৰা, দেৱতা আৰু শৈলচিত্ৰৰ লগতে ত্ৰিভুজাকৃতিৰ মূধচত মালা আৰু বৰ্ণনাত্মক দৃশ্য আদিয়েই প্ৰধান।[39] অন্য আলংকৰিক উপাদান যেনে সোণপানী চৰোৱা সামগ্ৰী, মূৰ্ত্তি আদি লুটপাটৰ ফলত হেৰাই যায়।[40]

বৰ্তমানৰ অৱস্থাসম্পাদনা কৰক

প্ৰাকৃতিক আৰু মানৱসৃষ্ট উভয় কাৰণতে এংকৰ ৱাটৰ বিস্তৰ ক্ষতি সাধন হয়। ১৯০৮ চনত কনজাৰভেছন দিএংকৰ নামৰ সংস্থাৰ সহায়ত মন্দিৰটোৰ পুনৰনিৰ্মাণৰ কাম আৰম্ভ হয়। ইয়াৰ আগলৈকে মন্দিৰৰ মূলতঃ পুনৰুদ্ধাৰ কাৰ্যহে চলিছিল।[41][42] ১৯৭০ চনলৈকে এই পুনৰনিৰ্মাণ কাৰ্য চলি থাকে[43] আৰু ষাঠিৰ দশকতেই বিস্তৃত ৰূপত পুনৰনিৰ্মাণ কাৰ্য সম্পাদন কৰা হয়।[44] ইয়াৰ পিছতে কিছুবছৰ এই কাম স্থগিত থাকে আৰু ১৯৭৫ চনত উক্ত সংস্থাটো ভংগ হয়।[45] ১৯৮৬ চনৰ পৰা ১৯৯২ চনলৈ ভাৰতীয় পুৰাতত্ত্ব বিভাগে মন্দিৰৰ পুনৰনিৰ্মাণৰ কাম হাতত লয়।[46] ইয়াৰ পিছতে বিভিন্ন ৰাসায়নিক আৰু চিমেণ্টে শিলসমূহৰ ক্ষতি কৰা বুলি বিতৰ্কৰ সূত্ৰপাত ঘটে।[47][48]

এংকৰ ৱাটৰ সীমাত অৱস্থিত খাৱৈ
দেৱালত খোদিত দেৱতাৰ মূৰ্ত্তি
নাগ আৰু পহৰাদাৰ সিংহ
অভ্যন্তৰভাগত মূধচৰ ফুলৰ নক্সা

১৯৯২ চনত এংকৰ ৱাটে ইউনেস্ক'ৰ বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে স্বীকৃতি লাভ কৰে।[49][50] Zoning of the area was set up to protect the Angkor site in 1994,[51] ১৯৯৫ চনত এংকৰৰ সুৰক্ষাৰ বাবে অপ্সৰা (APSARA) নামৰ এক প্ৰশাসনীয় সংস্থাৰ স্থাপন কৰা হয় আৰু ১৯৯৬ চনত কম্বোডিয়াৰ ঐতিহ্য সংৰক্ষণ কৰাৰ বাবে এখন আইন গৃহীত কৰা হয়। [52][53]

ফ্ৰান্স, চীন, জাপান, জাৰ্মানী আদি দেশে এংকৰ ৱাটৰ সংৰক্ষণৰ বাবে বৰঙণি আগবঢ়াই আহিছে।[54]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. Editors, History com. "Angkor Wat" (en ভাষাত). https://www.history.com/topics/landmarks/angkor-wat. 
  2. 2.0 2.1 Cambodian-English Dictionary by Robert K. Headley, Kylin Chhor, Lam Kheng Lim, Lim Hak Kheang, and Chen Chun (1977, Catholic University Press)
  3. Society, National Geographic (1 March 2013). "Angkor Wat" (en ভাষাত). http://www.nationalgeographic.org/photo/angkor-wat-cambodia-990/. 
  4. "Largest religious structure". Guinness World Records. http://www.guinnessworldrecords.com/world-records/largest-religious-structure/. 
  5. Higham, C. (2014). Early Mainland Southeast Asia. প্ৰকাশক Bangkok: River Books Co., Ltd.. পৃষ্ঠা. 372, 378–379. ISBN 978-616-7339-44-3. 
  6. Atlas of the World's Religions. Oxford university press. পৃষ্ঠা. 93. 
  7. 7.0 7.1 7.2 Ashley M. Richter (8 September 2009). "Recycling Monuments: The Hinduism/Buddhism Switch at Angkor". CyArk. http://www.cyark.org/news/recycling-monuments-the-hinduismbuddhism-switch-at-angkor. 
  8. 8.0 8.1 "Angkor Wat". http://www.apsaraauthority.gov.kh/?page=detail&menu1=218&menu2=745&menu3=746&ctype=article&id=746&lg=en. 
  9. "Angkor Wat | Description, Location, History, Restoration, & Facts" (en ভাষাত). https://www.britannica.com/topic/Angkor-Wat. 
  10. "Government : Cambodia". CIA World Factbook. https://www.cia.gov/the-world-factbook/countries/cambodia/. 
  11. "Cambodia's Angkor Wat Breaking Records for Visitors Again | News from Tourism Cambodia". http://www.tourismcambodia.com/news/localnews/8637/cambodias-angkor-wat-breaking-records-for-visitors-again.htm. 
  12. Jarus, Owen (5 April 2018). "Angkor Wat: History of Ancient Temple". Live Science (Purch). https://www.livescience.com/23841-angkor-wat.html. 
  13. Khmer dictionary adopted from Khmer dictionary of Buddhist institute of Cambodia, p. 1424, pub. 2007
  14. Chuon Nath Khmer Dictionary (1966, Buddhist Institute, Phnom Penh)
  15. 15.0 15.1 Falser, Michael (16 December 2019) (en ভাষাত). Angkor Wat – A Transcultural History of Heritage: Volume 1: Angkor in France. From Plaster Casts to Exhibition Pavilions. Volume 2: Angkor in Cambodia. From Jungle Find to Global Icon. Walter de Gruyter GmbH & Co KG. পৃষ্ঠা. 12. ISBN 978-3-11-033584-2. https://books.google.com/books?id=wjrEDwAAQBAJ&q=Vrah+Visnuloka+Parama+Visnuloka&pg=PA12. 
  16. "Angkor Wat". http://www.apsaraauthority.gov.kh/?page=detail&menu1=218&menu2=745&menu3=746&ctype=article&id=746&lg=en. 
  17. J. Hackin; Clayment Huart; Raymonde Linossier; Raymonde Linossier; H. de Wilman Grabowska; Charles-Henri Marchal; Henri Maspero; Serge Eliseev (1932). Asiatic Mythology:A Detailed Description and Explanation of the Mythologies of All the Great Nations of Asia. পৃষ্ঠা. 194. ISBN 978-81-206-0920-4. https://books.google.com/books?id=HAZrFhvqnTkC. 
  18. daguan Zhou (2007). A Record of Cambodia: The Land and Its People. Translated by Peter Harris. Silkworm Books. 
  19. "Angkor Wat, 1113–1150". The Huntington Archive of Buddhist and Related Art. College of the Arts, The Ohio State University. http://huntingtonarchive.osu.edu/seasia/angkor.html. 
  20. Coedès, George (1968). Walter F. Vella. ed. The Indianized States of Southeast Asia. trans.Susan Brown Cowing. University of Hawaii Press. পৃষ্ঠা. 164. ISBN 978-0-8248-0368-1. 
  21. "Angkor Wat | Description, Location, History, Restoration, & Facts". https://www.britannica.com/topic/Angkor-Wat. 
  22. Glaize, The Monuments of the Angkor Group p. 59.
  23. Masako Fukawa; Stan Fukawa (6 November 2014). "Japanese Diaspora – Cambodia". http://www.discovernikkei.org/en/journal/2014/11/6/japanese-diaspora-cambodia/. 
  24. Abdoul-Carime Nasir. "Au-dela du plan Japonais du XVII siècle d'Angkor Vat, (A XVII century Japanese map of Angkor Wat)" (fr ভাষাত). Bulletin de l'AEFEK. http://aefek.free.fr/iso_album/carteangkor_jetavana.pdf। আহৰণ কৰা হৈছে: 18 October 2015. 
  25. "History of Cambodia, Post-Angkor Era (1431 – present day)". Cambodia Travel. http://www.cambodia-travel.com/khmer/post-angkor.htm. 
  26. Higham, The Civilization of Angkor pp. 1–2.
  27. Brief Presentation by Venerable Vodano Sophan Seng Archived 23 August 2006 at the Wayback Machine
  28. Penny Edwards (2007).Cambodge: The Cultivation of a Nation, 1860–1945 আই.এচ.বি.এন. 978-0-8248-2923-0
  29. Glaize p. 59.
  30. Falser, Michael: Clearing the Path towards Civilization – 150 Years of "Saving Angkor". In: Michael Falser (ed.) Cultural Heritage as Civilizing Mission. From Decay to Recovery. Springer: Heidelberg, New York, pp. 279–346.
  31. Fleming, Stuart (1985). "Science Scope: The City of Angkor Wat: A Royal Observatory on Life?". Archaeology খণ্ড 38 (1): 62–72. 
  32. 32.0 32.1 Freeman and Jacques p. 48.
  33. Glaize p. 62.
  34. "How countries around the world celebrate the spring equinox" (en-CA ভাষাত). https://www.msn.com/en-ca/news/world/how-countries-around-the-world-celebrate-the-spring-equinox/ss-BBKsKZB#image=20. 
  35. "Ankgor Wat, Cambodia". http://www.art-and-archaeology.com/seasia/angkorwat/awsite.html. 
  36. Coedès, George (1968). Walter F. Vella. ed. The Indianized States of Southeast Asia. trans.Susan Brown Cowing. University of Hawaii Press. পৃষ্ঠা. 162. ISBN 978-0-8248-0368-1. 
  37. ১২৯৫ চনত তৈমূৰ খানে প্ৰেৰণ কৰা কূটনৈতিক দূত ঝও দা গুৱানে জনাইছিল যে ৰাজ্যৰ মূৰব্বীজনক এটা স্তম্ভত সমাধি দিয়া হৈছিল আৰু তেওঁ এংকৰ ৱাটক এক সমাধি মন্দিৰ বুলি অভিহিত কৰিছিল।
  38. German Apsara Conservation Project Building Techniques, p. 5.
  39. APSARA authority, Angkor Vat Style
  40. Freeman and Jacques p. 29.
  41. "Considerations for the Conservation and Presentation of the. Historic City of Angkor". World Monuments Fund. পৃষ্ঠা: 65. http://www.wmf.org/sites/default/files/wmf_publication/Considerations_for_the_Conservation_and_Preservation_of_the_Historic_City_of_Angkor_Report_I.pdf. 
  42. "The Siem Reap Centre, Cambodia". EFEO. http://www.efeo.fr/base.php?code=217. 
  43. "The Modern Period: The creation of the Angkor Conservation". APSARA Authority. http://www.autoriteapsara.org/en/angkor/history/conservation.html. 
  44. Cambodia. Lonely Planet. 2010. পৃষ্ঠা. 157. ISBN 978-1-74179-457-1. https://books.google.com/books?id=5UTelRMB4BAC&pg=PA157. 
  45. Kapila D. Silva, ed (2013). Asian Heritage Management: Contexts, Concerns, and Prospects. Routledge. পৃষ্ঠা. 220–221. ISBN 978-0-415-52054-6. https://books.google.com/books?id=UWKTmJ8iR84C&pg=PA220. 
  46. "Activities Abroad#Cambodia". Archaeological Survey of India. http://asi.nic.in/asi_abroad.asp. 
  47. Phillip Shenon (21 June 1992). "Washing Buddha's Face". New York Times. https://www.nytimes.com/1992/06/21/magazine/washing-buddha-s-face.html. 
  48. Kapila D. Silva, ed (2013). Asian Heritage Management: Contexts, Concerns, and Prospects. Routledge. পৃষ্ঠা. 223. ISBN 978-0-415-52054-6. https://books.google.com/books?id=3ofDt_8kyYcC&pg=PA223. 
  49. Michael Falser, ed (2015). Cultural Heritage as Civilizing Mission: From Decay to Recovery. Springer International. পৃষ্ঠা. 253. ISBN 978-3-319-13638-7. https://books.google.com/books?id=zIMECAAAQBAJ&pg=PA253. 
  50. Albert Mumma; Susan Smith (2012). Poverty Alleviation and Environmental Law. ElgarOnline. পৃষ্ঠা. 290. ISBN 978-1-78100-329-9. https://books.google.com/books?id=1miIRLRaLEoC&pg=PA290. 
  51. "Royal Decree establishing Protected Cultural Zones". APSARA. http://www.autoriteapsara.org/en/apsara/about_apsara/legal_texts/decree3.html. 
  52. Yorke M. Rowan; Uzi Baram (2004). Marketing Heritage: Archaeology and the Consumption of the Past. AltaMira Press. পৃষ্ঠা. 123. ISBN 978-0-7591-0342-9. https://books.google.com/books?id=1W6BWEWdJWQC&pg=PA123. 
  53. Hing Thoraxy. "Achievement of "APSARA". http://www.lideekhmer.org.kh/publication_roundtable5.htm. 
  54. German Apsara Conservation Project Archived 5 February 2005 at the Wayback Machine, Conservation, Risk Map, p. 2.