একত্ৰিশ জুন

১৯৯৪ চনত মুক্তি পোৱা ভাস্কৰ বৰা পৰিচালিত কথাছবি
(একত্ৰিছ জুনৰ পৰা পুনঃনিৰ্দেশিত)

একত্ৰিশ জুন (ইংৰাজী: Ektrish June) প্ৰথম অসমীয়া ফেণ্টাচী ছবি। তুৰংগ ফিল্মছৰ বেনাৰত উনেম আহমেদ আৰু লক্ষ্মণ শ্বাহ প্ৰযোজিত আৰু ভাস্কৰ বৰা পৰিচালিত এই ছবিখন ১৯৯৪ৰ ৮ এপ্ৰিলৰ দিনা মুক্তি পাইছিল।[1]

একত্ৰিশ জুন
Ektrish June

একত্ৰিশ জুনৰ এটা দৃশ্যত পঙ্কজ মহন্ত আৰু মণিতা কাকতি
পৰিচালক ভাস্কৰ বৰা
চিত্ৰনাট্য ৰঞ্জিত শৰ্মা
কাহিনী ৰঞ্জিত শৰ্মা
প্ৰযোজক উনেম আহমেদ, লক্ষ্মণ শ্বাহ
অভিনয়ত প্ৰাঞ্জল শইকীয়া
মণিতা কাকতি
চিত্ৰগ্ৰহণকাৰী ইন্দুকল্প হাজৰিকা
সম্পাদনা নৰেশ এচ অম্বাস্ত
সংগীত পৰিচালক প্ৰশান্ত বৰদলৈ
প্ৰযোজনা
কোম্পানী
মুক্তি
৮ এপ্ৰিল ১৯৯৪
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কাহিনী সম্পাদনা কৰক

চল্লিচ বছৰ বয়সলৈ অবিবাহিত হৈ থকা, কেবল অধ্যয়ন আৰু অধ্যাপনাতে ব্যস্ত হৈ থকা ইংৰাজী বিষয়ৰ অধ্যাপক মহৎ শইকীয়াই হঠাৎ উপলব্ধি কৰে যে প্ৰেম সম্পৰ্কে তেওঁৰ কোনো অভিজ্ঞতাই নহ'ল আৰু তেওঁৰ জীৱনটো আধৰুৱা হৈ ৰ'ল। বন্ধু তথা সহকৰ্মী সঞ্জীৱ দত্তই তেওঁক একেখন কলেজৰে অধ্যাপিকা ময়ূৰী বৰুৱাৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়িবলৈ পৰামৰ্শ দিয়ে। ময়ূৰীৰো কিছু বয়স হৈছে। বন্ধুৰ পৰামৰ্শ মতে মহতে ময়ূৰীৰ সৈতে সম্পৰ্ক গঢ়িবলৈ প্ৰচেষ্টা চলায় যদিও ময়ূৰীৰ প্ৰতি তেওঁৰ কোনো প্ৰেমৰ অনুভূতি জাগ্ৰত নহ'ল। তেওঁ অনুভৱ কৰে যে নাৰীৰ প্ৰেমত পৰাৰ শক্তি হেৰুৱাই পেলাইছে।

হতাশাগ্ৰস্ত মহৎ শইকীয়াই এনিশা সুৰামত্ত অৱস্থাত কামদেৱৰ দৰ্শন পায়। কামদেৱে তেওঁক এটুকুৰা পঞ্চমুখী শিলাখণ্ডলৈ যাবলৈ পৰামৰ্শ দিয়ে, য'ত দয়ালু বাবাৰ আত্মাই বিৰাজ কৰে। সেই অনুসৰি তেওঁ দয়ালু বাবাৰ ওচৰলৈ যায়। দয়ালু বাবাই তেওঁক এজন কিশোৰলৈ ৰূপান্তৰ হোৱাৰ বৰ দিয়ে। বাবাই চৰ্ত বান্ধি দিয়ে যে এই কিশোৰ ৰূপ তেওঁ তিনিমাহৰ বাবে পাব। এই তিনিমাহতে তেওঁ প্ৰেমৰ অনুভৱ লাভ কৰিব। ঠিক তিনিমাহ পিছত ৩১ জুনৰ দিনা আগৰ ৰূপলৈ ঘূৰি যাবলৈ পুনৰ বাবাৰ ওচৰলৈ যাব লাগিব। অন্যথা তেওঁ গাধলৈ ৰূপান্তৰ হ'ব। সেই অনুসাৰে মহৎ শইকীয়া প্ৰীতমলৈ ৰূপান্তৰ হ'ল আৰু মহতৰে ভাগিনীয়েক বুলি পৰিচিতি লৈ কলেজত নাম লিখালে।

পংখী- ময়ূৰী বৰুৱাৰ ভাগিনীয়েক; মহতৰ ছাত্ৰী। বয়সত প্ৰীতমতকৈ দুবছৰ ডাঙৰ। এই পংখীৰ লগতে প্ৰীতমৰ প্ৰেমৰ সম্পৰ্কই গঢ় লয়। প্ৰীতমৰূপী মহতে প্ৰেমৰ সঁচা অনুভূতি লাভ কৰে। হঠাৎ তেওঁ আৱিষ্কাৰ কৰে যে কেলেণ্ডাৰত কোনো ৩১ জুন তাৰিখ নাই।

৩০ জুনৰ দিনা প্ৰীতমে ভগ্ন হৃদয়েৰে পংখীৰ পৰা বিদায় লৈ বাবাৰ ওচৰলৈ যায়। বাবাই দেখা দি কয় যে তেওঁ সময়ৰ উৰ্ধত। সেয়েহে ৩১ জুন তাৰিখটো প্ৰীতমে যেতিয়াই বিচাৰে তেতিয়াই আনি দিব পাৰিব। কিন্তু গভীৰ অন্তৰ্দ্বন্দ্ব্বত ভোগা, প্ৰতিকুল পৰিস্থিতিৰ মুখামুখি হ'বলৈ সাহস গোটাব নোৱাৰা, ভীতিগ্ৰস্ত প্ৰীতমে তেওঁক পুনৰ আগৰ ৰূপলৈ আনি দিবলৈ অনুৰোধ জনোৱাত বাবাই পুনৰ তেওঁক চল্লিশ বছৰীয়া মহৎ শইকীয়ালৈ ৰূপান্তৰ কৰি দিয়ে। ইফালে প্ৰীতমক হেৰুৱাই পংখী ভাগি পৰিল। মহতে অনুভৱ কৰিলে যে তেৱোঁ সঁচাকৈ পংখীৰ প্ৰতি গভীৰ প্ৰেমত নিমজ্জিত হৈছে। তেওঁ পুনৰ বাবাৰ ওচৰলৈ গ'ল, যাতে বাবাই পুনৰ তেওঁক প্ৰীতমলৈ ৰূপান্তৰ কৰি দিয়ে। এইবাৰ কিন্তু বাবাই তেওঁক দেখা নিদিলে। তাইৰ অৱস্থা চাই থাকিব নোৱাৰি মহতে এদিন সকলো কথা তাইক খুলি ক'লে আৰু ক্ষমা বিচাৰিলে। অৱশেষত পংখীয়ে তাইৰ ফালৰ পৰা মহতক '৩১ জুন'ৰ প্ৰস্তাৱ দিলে।[1]

কলা-কুশলী সম্পাদনা কৰক

  • পৰিচালনা- ভাস্কৰ বৰা
  • প্ৰযোজনা- উনেম আহমেদ, লক্ষ্মণ শ্বাহ
  • সঙ্গীত- প্ৰশান্ত বৰদলৈ
  • কাহিনী, চিত্ৰনাট্য, সংলাপ- ৰঞ্জিত শৰ্মা
  • শব্দ- শনিৰাম ডেকা
  • ৰূপসজ্জা-যোগেন দাস
  • কলা- ফটিক বৰুৱা
  • চিত্ৰগ্ৰহণ আৰু পোহৰ- নিৰ্মল ডেকা (টিটো)
  • চিত্ৰগ্ৰহণ নিৰ্দেশক- ইন্দুকল্প হাজৰিকা
  • সম্পাদনা- নৰেশ এচ অম্বাস্ত[2]

অভিনয় শিল্পী সম্পাদনা কৰক

  • প্ৰাঞ্জল শইকীয়া (মহৎ শইকীয়া)
  • মাধুৰিমা চৌধুৰী (ময়ূৰী বৰুৱা)
  • মণিতা কাকতি (পংখী)
  • দেবেন দত্ত (সঞ্জীৱ দত্ত)
  • পঙ্কজ মহন্ত (প্ৰীতম)
  • কমল শৰ্মা, ইন্দ্ৰানী চেতিয়া, বাদল দাস, হিৰণ্য কুমাৰ ভূঞা, মৰমী বৰদলৈ, নিতুমণি গগৈ, ডিম্পী গোহাঁই, গৌৰী দত্ত[2]

গীত সম্পাদনা কৰক

ছবিখনত তিনিটা গীত আছিল। গীতকেইটা লিখিছিল কেশৱ মহন্ত আৰু প্ৰশান্ত বৰদলৈয়ে। কণ্ঠ দিছিল কুমাৰ চানু, সাধনা স্বৰগম আৰু অভিজিতে[1][2]

ক্ৰমিক নং গীতৰ শীৰ্ষক গীতিকাৰ কণ্ঠ
প্ৰেম অন্তৰময়, অন্তৰে অন্তৰে বন্ধন ই যে অন্তৰৰ বিনিময় কেশৱ মহন্ত সাধনা স্বৰগম
হৃদয়ৰ দিয়া নিয়া স্বৰ্তবিহীন হ'লে বাজে এটি প্ৰণয়ৰ মধুৰ সঙ্গীত প্ৰশান্ত বৰদলৈ অভিজিত, সাধনা স্বৰগম
জীৱনৰে এই ভুল কি বিচাৰি পায়ো ভুল হ'ল, পাৰা যদি কৰিবা ক্ষমা মোক প্ৰশান্ত বৰদলৈ কুমাৰ চানু

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 অৰুণলোচন দাস (২০১৩). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. শশী শিশু প্ৰকাশন, গুৱাহাটী. পৃষ্ঠা. ৪০২. 
  2. 2.0 2.1 2.2 Casting of Ektrish June.