একলব্য
একলব্য (ইংৰাজী: Ekalavya, হিন্দী: एकलव्य) মহাভাৰতৰ এটা চৰিত্ৰ। তেওঁ নিষাদ জাতিৰ ৰাজকোঁৱৰ আছিল। তেওঁ হিৰণ্যধনুষৰ পুত্ৰ আছিল। তেওঁ একাগ্ৰতা তথা অধ্যৱসায়ৰ দ্বাৰা শিকা ধনুৰ্বিদা তথা অদ্বিতীয় গুৰুভক্তিৰ বাবে বিশেষভাৱে জনা যায়।
মহাভাৰতৰ কাহিনী মতে একলব্যই গুৰু দ্ৰৌনৰ ওচৰত ধনুবিদ্যা শিকিবলৈ আহিছিল, কিন্তু ক্ষত্ৰিয় নোহোৱাৰ বাবেই দ্ৰৌনে শিষ্যত্য প্ৰদান কৰাত অস্বীকাৰ কৰে। নিৰাশ হৈ একলব্য বনলৈ গুচি যায় আৰু দ্ৰৌনৰ মূৰ্তি বনাই তাকেই গুৰু বুলি লৈ ধনু চৰ্চা আৰম্ভ কৰে। একাগ্ৰতা তথা অধ্যৱসায়ৰ বলত একলব্যই কম সময়ৰ ভিতৰতে এজন নিপুণ ধনুৰ্ধৰত পৰিণত হয়। এদিন কৌৰৱ আৰু পাণ্ডৱ ৰাজকুমাৰসকলে সেইখন বনলৈ গৈছিল। তেওঁলোকৰ লগত যোৱা কুকুৰ এটাই বাট হেৰুৱাই একলব্যৰ সাধনা স্থানত উপস্থিত হৈ ভুকিব ধৰে। সাধনাত বাধা অহা বাবে একলব্যই এক বিশেষ কৌশলেৰে কুকুৰটোৰ আঘাত নলগাকৈ ভুকিব নোৱাৰাকৈ মুখখন শৰ মাৰি বান্ধি পেলায়। পিছত দ্ৰৌনে তাকে দেখি শৰ মাৰোতাক বিচাৰি একলব্যৰ ওচৰ পালেহি। আহি তেওঁৰেই মানসশিষ্য বুলি গম পাই তেওঁৰ বুঢ়া আঙুলি গুৰু দক্ষিণা হিচাপে বিচাৰে। তেওঁৰ প্ৰতিভা নাশ কৰাৰ বাবেই এনে কৰা বুলি জানিও বিনাদ্বিধাই আঙুলি দান কৰে। তেওঁ তেতিয়া তৰ্জনি আৰু মধ্যমা আঙুলিৰে বাণ চলোৱা এক কৌশল উদ্ভৱ কৰে। এই কৌশলেৰেই আধুনিক যুগৰ ধনুৰ্ধৰসকলে ধনুচালনা কৰে।