এচিদ বৰষুণ

একবিংশ শতিকাৰ এক অন্যতম বিশ্বজনীন সমস্যা

অম্লবৃষ্টি বা এচিড-বৰষুণ (ইংৰাজী: Acid rain) বৰ্ত্তমান শতিকাৰ এক অন্যতম বিশ্বজনীন সমস্যা। কল-কাৰখানা আৰু উদ্যোগবিলাকত ব্যৱহাৰ হোৱা বিভিন্ন জৈৱিক ইন্ধনবিলাকৰ দহনৰ ফলত প্ৰচুৰ পৰিমাণৰ ছালফাৰ-ডাই-অক্সাইড, নাইট্ৰ'জেন অক্সাইড আৰু হাইড্ৰ'জেন ক্লৰাইড আদি গেছ বায়ুমণ্ডললৈ নিৰ্গত হয়। বায়ুমণ্ডলত এই গেছসমূহ জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি ক্ৰমে ছালফিউৰিক এচিড, নাইট্ৰিক এচিড আৰু হাইড্ৰক্ল'ৰিক এচিডলৈ ৰূপান্তৰিত হয়। এই এচিডবিলাক বৰষুণপানীৰ লগত লগ হৈ অম্লবৃষ্টি হিচাপে পৃথীৱীত পৰে। বৰষুণৰ পানীৰ pH-ৰ মান ৫.৬তকৈ হ্ৰাস পালে ইয়াৰ ধৰ্ম আম্লিক হয়। অম্লবৃষ্টিত প্ৰায় ৬০ শতাংশ ছালফিউৰিক এচিড, ৩৫ শতাংশ নাইট্ৰিক এচিড আৰু খুব কম পৰিমাণৰ হাইড্ৰক্ল'ৰিক এচিড আদি থাকে। [1]

এচিড-বৰষুণৰ লগত সম্বন্ধ থকা প্ৰক্ৰিয়াসমূহ

এচিড-বৰষুণৰ পৰিণাম

সম্পাদনা কৰক
 
এচিড-বৰষুণৰ ফলত গছ-গছনিৰ হোৱা ক্ষতি

এচিড-বৰষুণে ভূ-পৃষ্ঠ তথা জৈৱবৈচিত্ৰতাক বিভিন্ন ধৰণে অনিষ্ট কৰে:

  • এচিড-বৰষুণে ঘৰ-দুৱাৰ, কীৰ্তিস্তম্ভ আদিৰ যথেষ্ট পৰিমাণে ক্ষতিসাধন কৰে। বিশেষকৈ মাৰ্বলেৰে নিৰ্মিত পুৰণি কীৰ্তিস্তম্ভবোৰক ই বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে। উদাহৰণস্বৰূপে আগ্ৰাৰ তাজমহলৰ কথা উল্লেখ কৰিব পৰা যায়।
  • এচিড-বৰষুণে প্ৰাচীন শিলালিপিসমূহ ক্ষয় নিয়ায়। গ্ৰীচ আৰু ইটালীত থকা এনেধৰণৰ বহু সৌন্দৰ্য্যবোধক শিলাস্তম্ভ এচিড-বৰষুণৰ দ্বাৰা দ্ৰবীভূত হ'ব ধৰিছে।
  • জলজ প্ৰাণী― বিশেষকৈ মাছ― এচিড-বৰষুণৰ দ্বাৰা বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। ছুইডেন, ন'ৰৱে', কানাডা আদিৰ বহুতো হ্ৰদৰ মৎস্য-বাসস্থান এই এচিড-বৰষুণৰ বাবে নাইকিয়া হৈছে।
  • এচিড-বৰষুণৰ ফলত জলাশয়ৰ কাষৰ ধাতুনিৰ্মিত শিলসমূহৰ পৰা এলুমিনিয়াম, পাৰা, মেংগানীজ, দস্তা আৰু সীহ আদি নিৰ্গত হৈ জলাশয়ৰ পানী জীৱৰ কাৰণে বিষময় কৰি তোলে।
  • এচিড-বৰষুণে মাছৰ প্ৰজনন ক্ষমতা নাইকিয়া কৰি মাছৰ মৃত্যু ঘটায়।
  • এচিড-বৰষুণে গছ-গছনি আৰু উদ্ভিদৰ ওপৰত কু-প্ৰভাৱ পেলায়।
  • বহুতো কীট-পতংগ আৰু ভেঁকুৰ এচিড-বৰষুণৰ দ্বাৰা প্ৰভাৱিত নহয়। ফলত ইহঁতে কৃষি-পথাৰ আক্ৰমণ কৰি নাইবা নানা ৰোগৰ সৃষ্টি কৰি মানুহৰ অনিষ্ট কৰে।[1]

এচিড-বৰষুণ ৰোধ কৰাৰ উপায়

সম্পাদনা কৰক
 
এচিড-বৰষুণ (প্ৰকৃততে এচিড-বৰফ)ৰ ফলস্বৰূপে হোৱা ক্ষয়ীভৱনৰ পৰা ৰক্ষা পাবলৈ ১৯৯৮ চনৰ পৰা শীতকালৰ সময়ছোৱাত হাৰ্ৱাড বিশ্ববিদ্যালয়ৰ চৌহদত থকা কিছুমান মাৰ্বল আৰু ব্ৰঞ্জৰ প্ৰতিমূৰ্তি জল-নিৰোধক আৱৰণেৰে ঢাকি ৰখা হয়।[2]
  • উদ্যোগ আৰু শক্তি প্ৰকল্পসমূহত প্ৰদূষণৰোধী সঁজুলীৰ ব্যৱহাৰ কৰি বায়ুমণ্ডলত SO2 আৰু NO2-ৰ নিৰ্গমনত বাধা দিব পাৰি।
  • হ্ৰদ আৰু স্থলভাগত চূণশিল প্ৰয়োগ কৰি এচিড-বৰষুণৰ পৰা হ'ব পৰা ক্ষতিৰ পৰিমাণ কমাব পাৰি।
  • খোৱাপানীৰ নলীবিলাকৰ ভিতৰ পৃষ্ট কোনো জৈৱ পলিমাৰৰ সহায়ত এটা ৰক্ষাকাৰী তৰপ (Protective layer)ৰ প্ৰলেপ দিলে এচিড-বৰষুণৰ প্ৰভাৱৰ পৰা পানীক মুক্ত কৰিব পাৰি।[1]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 দীপালী দাস (২য় সংস্কৰণ ২০১২). পৰিবেশ অধ্যয়ন. ISBN 81-85-916-100-4. 
  2. "Art Under Wraps", Harvard Magazine, March–April 2000

বাহ্যিক সংযোগ

সম্পাদনা কৰক