এঞ্জেলিনা জলি (ইংৰাজী: Angelina Jolie) (জন্ম: ৪ জুন, ১৯৭৫[1]; এঞ্জেলিনা জলি ভট) এগৰাকী জনপ্ৰিয় আমেৰিকান অভিনেত্ৰী। তেখেতে তিনিবাৰ গোল্ডেন গ্লোব পুৰস্কাৰ, দুবাৰ স্ক্ৰিন এক্ট্ৰেছ গিল্ড পুৰস্কাৰ আৰু এবাৰ একাডেমি পুৰস্কাৰ লাভ কৰিছে। চলচ্চিত্ৰ জগতৰ বাহিৰে ২০০১ চনত তেখেতে জাতিসংঘৰ শৰণাৰ্থী সংস্থাৰ শুভেচ্ছাদূত হিচাপে মনোনীত হৈছে। বিশ্বব্যাপী মানৱতাৰ প্ৰচাৰ আৰু বিশেষ কৰি শৰণাৰ্থীসকলৰ বাবে কাম কাজ কৰাৰ বাবে জলি বিশেষভাবে সমাদৃত। একাধিকবাৰ তেখেতে ‘বিশ্বৰ শ্ৰেষ্ঠ সুন্দৰী’ হিচাপে নিৰ্বাচিত হৈছে। ৰূপালী পৰ্দাৰ অন্তৰালত তেখেতৰ ব্যক্তিগত জীৱনত প্ৰায় সময়েই গণমাধ্যমত ব্যাপক প্ৰচাৰ লাভ কৰিছে[2]

এঞ্জেলিনা জলি

২০১১ চনত কান চলচ্চিত্ৰ উৎসৱত দ্য ট্ৰি অফ লাইফ চলচ্চিত্ৰৰ প্ৰিমিয়াৰত জলি
জন্ম এঞ্জেলিনা জলি ভট
৪ জুন, ১৯৭৫ (৪৮ বছৰ)
পেচা চলচ্চিত্ৰ অভিনেত্ৰী, প্ৰযোজক
সক্ৰিয় হৈ থকা সময় ১৯৮২; ১৯৯৩ – বৰ্তমান
দাম্পত্যসঙ্গী জনি লি মিলাৰ (১৯৯৬–১৯৯৯)
বিলি বব থৰ্নটন (২০০০–২০০৩)
অংশীদাৰ ব্ৰেড পিট (২০০৫–বৰ্তমান)
পিতৃ-মাতৃ জন ভট (পিতৃ)
মাৰ্ছেলিন বাৰ্ট্ৰাণ্ড (মাতৃ)
সন্তান ৬ জন (৩ জন পুত্ৰ আৰু ৩জনী পুত্ৰী)
চলচ্চিত্ৰ পুৰস্কাৰ
একাডেমি পুৰস্কাৰ
২০০০ শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী
গোল্ডেন গ্লোব পুৰস্কাৰ
১৯৮৮ গোল্ডেন গ্লোব পুৰস্কাৰ (শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী - ধাৰবাহিক, চুটি ধাৰাবাহিক, বা তথ্যচিত্ৰ)
১৯৯৯ গোল্ডেন গ্লোব পুৰস্কাৰ (শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী - ধাৰবাহিক, চুটি ধাৰাবাহিক, বা তথ্যচিত্ৰ)
২০০০ গোল্ডেন গ্লোব পুৰস্কাৰ (শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী - চলচ্চিত্ৰ)
স্ক্ৰিন একট্ৰেছ গিল্ড পুৰস্কাৰ
১৯৯৯ গোল্ডেন গ্লোব পুৰস্কাৰ (শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী - ধাৰবাহিক, চুটি ধাৰাবাহিক, বা তথ্যচিত্ৰ)
২০০০ শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী - চলচ্চিত্ৰ

১৯৮২ চনত লুকিন’ টু গেট আউট চলচ্চিত্ৰত বাবা জন ভটৰ লগত এটা শিশু চৰিত্ৰ অভিনয়ৰ যোগেদি চলচ্চিত্ৰ জগতত জলিৰ আবিৰ্ভাব হয়। পেছাদাৰ চলচ্চিত্ৰ অভিনেত্ৰী হিচাপে তেখেতৰ অভিষেক ঘটে কম বাজেটেৰ ছবি চাইবৰ্গ ২ (১৯৯৩)’ত অভিনয়ৰ যোগেৰে। তেখেতৰ অভিনীত প্ৰথম ডাঙৰ মাপৰ ছবি হেকাৰছ (১৯৯৫)। এই ছবিত তেখেত নামভূমিকাত অভিনয় কৰে। পৰৱৰ্তী সময়ত তেওঁক জৰ্জ ৱেলছ (১৯৯৭) আৰু জিয়া (১৯৯৮) চলচ্চিত্ৰৰ দৰে সমালোচক-নন্দিত চলচ্চিত্ৰত অভিনয় কৰা দেখা যায়। নাট্য চলচ্চিত্ৰ গাৰ্ল, ইণ্টাৰাপ্টেড (১৯৯৯) চলচ্চিত্ৰত অনবদ্য অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী বিভাগৰ একাডেমি পুৰস্কাৰ লাভ কৰে। ভিডিঅ’ গেমৰ নায়িকা লাৰা ক্ৰফ্‌ট চৰিত্ৰ লৈ লাৰা ক্ৰফ্‌ট: টম্ব ৰেইডাৰ (২০০১) চলচ্চিত্ৰত অভিনয় কৰি তেখেতৰ তাৰকাখ্যাতি আৰু বাঢ়ি যায়। মূলত ইয়াৰ পৰাই জলি হলিউদৰ অন্যতম আৰু সৰ্বোচ্চ পাৰিশ্ৰমিক-প্ৰাপ্ত এগৰাকী অভিনেত্ৰী হিচাপে বিবেচিত হৈ আহিছে।[3] তেখেতৰ চলচ্চিত্ৰ-জীৱনৰ সৰ্বোচ্চ ব্যবসায়িক সাফল্য যি দুখন দুটি চলচ্চিত্ৰৰ পৰা আহিছে সেইসমূহৰ হৈছে একছন-কমেডীধৰ্মী মি. এণ্ড মিছেচ স্মিথ (২০০৫) আৰু এনিমেছন চলচ্চিত্ৰ কুং ফু পাণ্ডা (২০০৮)।[4]

ব্যক্তিগত জীৱনত জলি দুবাৰ বিবাহবন্ধনত আবদ্ধ হৈছে। প্ৰথমবাৰ অভিনেতা জনি লি মিলাৰ আৰু দ্বিতীয়বাৰ বিলি বব থৰ্নটনৰ লগত। পৰৱৰ্তী সময়ত উভয়ৰ লগতেই তেখেতৰ বিবাহবিচ্ছেদ ঘটে। ২০০৫ চনৰ পৰা জলিয়ে আৰু এজন খ্যাতিমান আমেৰিকান অভিনেতা ব্ৰেড পিটৰ লগত দাম্পত্য সম্পৰ্ক বজায় ৰাখিছিল। যদিও দীৰ্ঘ কাল ধৰি এইধৰণৰ সম্পৰ্ক বজায় ৰাখে তথাপিটো তেখেতসকলে বিবাহবন্ধনত আবদ্ধ হোৱা নাছিল। জলি-পিট যুগলৰ এইধৰণেৰ বিবাহবহিৰ্ভূত দাম্পত্য সম্পৰ্ক বিশ্বৰ গণমাধ্যমসমূহত বাৰংবাৰ আলোচিত হৈছে। তেওঁলোকৰ সন্তান-সন্ততিৰ সংখ্যা ছয়; এইসকল হ’ল চিলোহ, নক্স, ভিভিয়ান, মেডক্স, পেক্স আৰু জাহাৰা।

প্ৰাথমিক জীৱন আৰু পৰিবাৰ সম্পাদনা কৰক

যুক্তৰাষ্ট্ৰৰ কেলিফোৰ্নিয়া অঙ্গৰাজ্যৰ লছ এঞ্জেলছত জলিৰ জন্ম হৈছিল। তেখেতত পিতৃ-মাতৃৰ নাম যথাক্ৰমে মাৰ্ছেলিন বাৰ্ট্ৰাণ্ড আৰু জন ভট; পিতৃ-মাতৃ উভয়েই পেছাদাৰী অভিনয়শিল্পী আছিল। ইয়াৰ বাদেও জলিৰ আত্মীয়বৰ্গৰ মাজতো সাংস্কৃতিক পৰিবেশৰ চাপ সুস্পষ্ট। সম্পৰ্কৰ দিশৰ পৰা জলি, চিপ টেইলৰৰ ভ্ৰাতৃৰ পুত্ৰী, জেমছ হেভেনৰ ভগ্নী আৰু জেকুইলিন বিছেট আৰু মেক্সিমিলিয়ান চেলৰ ধৰ্মকন্যা। পিতৃৰ ফালৰ পৰা জলি চেক’স্ল’ভাকিয়া আৰু জাৰ্মানী বংশোদ্ভূত[5][6]। আৰু মাতৃৰ দিশৰ পৰা ফৰাচী কানাডীয় বংশোদ্ভূত। তেখেতৰ মাতৃৰ ভাষ্য অনুসৰি তাৰ মাজত ইৰাকীয় বংশৰ চাপো বিদ্যমান[7][8]। যদিও পিতৃপৰিয়ালে এনেকথাৰ ক্ষেত্ৰত ভাষ্য প্ৰকাশ কৰে যে, তেখেতৰ স্ত্ৰী বাৰ্ট্ৰাণ্ড ‘ঠিক ইৰাকীয় নহয়’ আৰু তেখেতৰ স্ত্ৰীৰ বংশক চমকপ্ৰদ হিচাপে প্ৰচাৰ কৰাৰ উদ্দেশ্যৰেই তেখেতসকলে এনেদৰে কৈ থাকে[9]


১৯৭৬ চনত তেখেতৰ পিতৃ-মাতৃত বিবাহবিচ্ছেদৰ পাছত জলি আৰু তেখেতৰ ভাতৃ উভয়েই তেখেতৰ মাতৃৰ ওচৰতেই ডাঙৰ দীঘল হয়। বিচ্ছেদৰ পাছত - পৰৱৰ্তী এই প্ৰতিকূল পৰিস্থিতিত ত্ৰান পাবৰ বাবে তেখেতৰ মাতৃয়ে নিজৰ অভিনয়ৰ উচ্চাকাংখ্যা বিসৰ্জন দিয়ে আৰু সন্তানকেইটাক লগত লৈ নিউয়ৰ্কৰ পেলিচেডঅলৈ গুছি যায়[10]। শৈশৱৰ পৰাই জলিয়ে নিয়মিতভাবে চলচ্চিত্ৰ চাইছিল আৰু চোৱাৰ পাছত মাতৃৰ কাষত অভিনয় কৰাৰ কামত তাইৰ আগ্ৰহ প্ৰকাশ কৰিছিল। কিন্তু তেখেতে কেতিয়াও তেওঁৰ পিতৃৰ কাৰণে অভিনয়ৰ প্ৰতি আকৃষ্ট হোৱা নাছিল[11]। জলিৰ ১১ বছৰ বয়সত তেখেতৰ পৰিয়াল পুনৰ লছ এঞ্জেলেছলৈ উভতি যায়। তাতেই তেওঁ অভিনয় কৰাৰ সিদ্ধান্তত উপনীত হয়। ইয়াৰে সূত্ৰ ধৰি তেওঁ "লি ষ্ট্ৰেচবাৰ্গ থিয়েটাৰ এণ্ড ফিল্ম ইন্সটিটিউট"ত ভৰ্তি হয়। তাতেই তেখেতে ২ বছৰ ধৰি অভিনয়ৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। এই থিয়েটাৰ ইনষ্টিটিউটত থকা সময়ত তেওঁ বহুকেইখন মঞ্চনাটকত অভিনয় কৰে।

১৪ বছৰ বয়সত জলিয়ে তেখেতৰ অভিনয় শিক্ষা সমাপ্ত কৰি এগৰাকী অন্ত্যেষ্টিক্ৰিয়া পৰিচালক হোৱাৰ স্বপ্ন দেখা আৰম্ভ কৰে।[12] সেই সময়ত তেখেতে অন্ত্যেষ্টিক্ৰিয়া পৰিচালকসকলৰ দৰে কলা পোছাক পিন্ধা আৰম্ভ কৰে। ইয়াৰ বাদেও তেওঁ চুলিৰ ৰং পৰিবৰ্তন কৰে বেগুনীয়া কৰি লৈছিল আৰু তৎকালীন প্ৰেমিকৰ লগত "মোছিং"লৈ যোৱা আৰম্ভ কৰিছিল[11]। ২ বছৰ পাছত প্ৰেমিকৰ লগত তেখেতৰ সম্পৰ্ক ভাগি যায়। ইয়াৰ পাছত তেওঁ মাতৃৰ ঘৰৰ পৰা কিছু নিলগত অৱস্থিত এটা গেৰেজৰ ওপৰৰ এটা ভাৰাঘৰ লৈ থকা আৰম্ভ কৰে[10]। কিছুদিন পাছত তেওঁ আকৌ শিক্ষালৈ উভতি যায় আৰু বহুবাৰ ছেমিষ্টাৰ পৰীক্ষাত অকৃতকাৰ্য হোৱাৰ পাছত শেষপৰ্যন্ত হাইস্কুলৰ সীমা অতিক্ৰম কৰিব সক্ষম হয়[13]

 
১৯৮৮ চনত অস্কাৰ অনুষ্ঠানত জন ভট, পাছফালে জলিকে দেখা গৈছে

পৰৱৰ্তী সময়ত জলি কেলিফোৰ্নিয়াৰ "বেভাৰলি হিল্‌চ হাইস্কুল"ত (পৰৱৰ্তী নাম মৰেনো হাই স্কুল) ভৰ্তি হয়। তাত তেখেতে অনেক সময় নিসংগ আৰু একাকী অৱস্থাত আছিল কাৰণ সেই স্কুলৰ সকলো ছাত্ৰ ছাত্ৰীসমূহ সেই এলেকাৰ ধনীঘৰৰ সন্তান আছিল। আনহাতে জলিৰ মাকে তেখেতৰ কম আয়েৰে সংসাৰ চলাবলৈ বৰ অসুবিধা পাইছিল। বেছিভাগ সময়েই জলিয়ে অন্যৰ ব্যৱহৃত পুৰনা কাপোৰকানি ব্যৱহাৰ কৰিবলগীয়া হৈছিল[11]। মডেল হোৱাৰ বাবে তাইৰ প্ৰথম চেষ্টাটি বিফল হোৱাত জলিৰ আত্মবিশ্বাস কমি গৈছিল। সেই সময়ত প্ৰায়েই তেখেতে নিজৰ শৰীৰ কটাকাটি কৰাৰ দ্বাৰা নিজেকে ৰক্তাক্ত কৰিছিল। পাছত তেওঁ এই বিষয়ে কৈছিল, “ম‍ই সকলো সময়তেই ছুৰি সংগ্ৰহ কৰিছিলো আৰু এই সমূহ মোৰ কাষতেই আছিল। কিছু কাৰণত, কটাকটি কৰাৰ এই আচৰণটো আৰু ব্যথা অনুভৱ কৰা—মোক অনুভৱ কৰিব সহায় কৰিছিল, ম‍ই বাচি আছো আৰু ম‍ই অলপ মুক্তি পাইছো। এইটো মোৰ বাবে এইয়া আছিল ৰোগনিৰাময়ৰ দৰে”[14]

জলিৰ লগত তেখেতৰ পিতৃ জন ভটৰ সম্পৰ্ক অত্যন্ত শীতল আৰু দূৰত্বপূৰ্ণ। তেওঁলোক দুজনে পৰৱৰ্তী বিভিন্ন সময়ত এই দূৰত্ব কমাই অনাৰ চেষ্টা কৰিছিল।[10] কিন্তু হঠাৎ ২০০২ চনৰ জুলাইত জলিয়ে তেখেতৰ নামৰ উপাধিৰ পৰা আইনগতভাবে ‘ভট’ শব্দটি বাদ দি মাত্ৰ ‘এঞ্জেলিনা জলি’ কৰাৰ বাবে আবেদন কৰে।[15] ২ মাহ পাছত, ২০০২ চনৰ ১২ ছেপ্টেম্বৰত তেখেতৰ নাম আইনগতভাৱে পৰিবৰ্তিত হৈ মাত্ৰ ‘এঞ্জেলিনা জলি’ হয়। সেই বছৰেই একছেচ হলিউদ নামৰ এটা টেলিভিশ্যন অনুষ্ঠানত ভটে দাবী কৰে যে, তেখেতৰ ছোৱালীৰ ‘মাৰাত্মক মানসিক সমস্যা’ আছে। এই কথাৰ পৰিপ্ৰেক্ষিতে জলিয়ে পাছত কয় যে, তেওঁ তেখেতৰ পিতৃৰ লগত আৰু সম্পৰ্ক চলাই ৰাখিবলৈ অপাৰগ। তেওঁৰ কথাত: “মোৰ পিতৃৰ লগত ম‍ই কথা নকওঁ, তেনেদৰেই তেওঁৰ লগত খঙো নকৰো। ম‍ই বিশ্বাস নকৰো যে কাৰোবাৰ পৰিয়ালে তেওঁলোকৰ বংশধৰ তৈয়াৰ কৰে, কাৰণ মোৰ সন্তানটো দত্তককৃত, আৰু পৰিয়ালটো আৰ্জিত”। তেওঁ আৰু উল্লেখ কৰে যে, তেওঁ পিতৃৰ সৈতে দূৰত্বৰ কাৰণসমূহক লৈ গণমাধ্যমৰ লগত কথাবাৰ্তা চলাই যাব নিবিচাৰে।[16] ২০১০ চনতৰ ফেব্ৰুৱাৰী মাহত জলিয়ে আকৌ তেখেতৰ পিতৃক দেখা কৰে আৰু সম্পৰ্ক উন্নয়নৰ আভাস দিয়ে। পুত্ৰ পুত্ৰী সমম্বিতে জলি, ব্ৰেড পিট আৰু ভট ইটালিৰ ভেনিছ চহৰত একত্ৰিত হয়। সেই সময়ত জলিয়ে ভেনিছত দা ট্যুৰিষ্ট চলচ্চিত্ৰত কাম কৰি আছিল।[17]


কৰ্মজীৱন সম্পাদনা কৰক

প্ৰাথমিক জীৱন (১৯৯৩–১৯৯৭) সম্পাদনা কৰক

এজন ফেশ্বন মডেল হিচাপে ১৪ বছৰ বয়সত জলিৰ কৰ্মজীৱন আৰম্ভ হয়। তেওঁ মডেলিং কৰিছিল মূলত লছ এঞ্জেলেছ, নিউয়ৰ্ক আৰু লণ্ডনত। সেই সময়ত তৈয়াৰ কৰা বিভিন্ন সংগীতৰ দৃশ্যশ্ৰাব্যত তেখেতক দেখা পোৱা যায়। ইয়াৰ মাজত আছে মিট লোফৰ (‘ৰক এণ্ড ৰোল ড্ৰিমস কাম থ্ৰু’), এনতোনেল্লো ভেনেডিত্তিৰ (‘আলতা মাৰিয়া’), লেনি ক্ৰ্যাভিট্‌জেৰ (‘ষ্ট্যাণ্ড বাই মাই ৱমেন’) আৰু দ্য লেমনহেডছৰ (‘ইট'স এবাউট টাইম’)। ১৬ বছৰ বয়সত মঞ্চৰ পৰা তেখেতৰ অভিনয় জীৱনৰ আৰম্ভ হয় আৰু তেখেতৰ প্ৰথম চৰিত্ৰটো আছিল এজন জাৰ্মান প্ৰতাপশালীৰ। মূলত পিতৃৰ পৰাই জলিৰ অভিনয় জীৱনৰ আৰম্ভণি। অভিনয় শিকাৰ বাবে তেওঁ তেখেতৰ পিতৄৰ শিক্ষন প্ৰক্ৰিয়া লক্ষ্য কৰিছিল। তেওঁ মানুহক পৰ্যবেক্ষণ কৰিছিল আৰু আচৰণ আৰু বাহ্যিকতাত ঠিক তেনেদৰেই হৈ উঠাৰ চেষ্টা কৰিছিল। সেই সময়ত পিতৃৰ সৈতে জলিৰ সম্পৰ্ক পৰৱৰ্তীসময়ৰ দৰে ইমান শীতল নাছিল। তেতিয়া জলিৰ কাষত তেখেত দুজনেই হৈছিল ‘নাট্যজগতেৰ ৰাজা-ৰাণী’।[11]

চলচ্চিত্ৰ তালিকা সম্পাদনা কৰক

অভিনেত্ৰী হিচাপে সম্পাদনা কৰক

বছৰ চলচ্চিত্ৰ চৰিত্ৰৰ নাম টোকা
১৯৮২ লুকিন’ টু গেট আউট টোশ
১৯৯৩ এঞ্জেলা এণ্ড ভিৰিলি এঞ্জেলা ২ মিনিটৰ স্বল্পদৈৰ্ঘ্য চলচ্চিত্ৰ
এলিচ এণ্ড ভিৰিলি এলিচ ২ মিনিৰ স্বল্পদৈৰ্ঘ্য চলচ্চিত্ৰ
চাইবৰ্গ ২ কাচেলা ‘কেছ’ ৰীজ
১৯৯৫ উইদাউট এভিডেন্স জোডি চোয়াৰিনজেন
হেকাৰচ কেট ‘এচিড বাৰ্ন’ লিবি
১৯৯৬ মোজাভে মুন এলিয়ানৰ ‘এলি’ ৰিগবি
লাভ ইজ অল দেয়াৰ ইজ জিনা মালাচিচি
ফক্স ফায়াৰ মাৰ্গাৰেট ‘লেগচ’ চেডোভস্কি
১৯৯৭ ট্ৰু ৱমেন জৰ্জিয়া ভাৰ্জিনিয়া লচি ৱিডচ
জৰ্জ ৱেলচ কৰ্নেলিয়া ৱেয়ালচ গোল্ডেন গ্লোব পুৰস্কাৰ (শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী - ধাৰবাহিক, চুটি ধাৰাবাহিক বা তথ্যচিত্ৰ)
মনোনীত — প্ৰাইমটাইম এমি পুৰস্কাৰ (শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী - মিনি ধাৰাবাহিক বা চলচ্চিত্ৰ)
প্লেয়িং গড ক্লেয়াৰ
১৯৯৮ জিয়া জিয়া মাৰি কাৰাঞ্জি গোল্ডেন গ্লোব পুৰস্কাৰ (শ্ৰেষ্ঠ অভিনেত্ৰী - ধাৰবাহিক, চুটি ধাৰাবাহিক বা তথ্যচিত্ৰ)
স্ক্ৰীন এক্টেৰচ গিল্ড পুৰস্কাৰ (শ্ৰেষ্ঠ অভিনেত্ৰী - চুটি ধাৰাবাহিক বা তথ্যচিত্ৰ)
মনোনীত — প্ৰাইমটাইম এমি পুৰস্কাৰ (শ্ৰেষ্ঠ অভিনেত্ৰী - মিনি ধাৰাবাহিক বা চলচ্চিত্ৰ)
হেল’চ কিচেন গ্লোৰিয়া মেকনিয়াৰি
প্লেইং বাই হাৰ্ট জোৱান নেশ্যনেল বোৰ্ড অফ ৰিভিউ পুৰস্কাৰ - সাফল্যমণ্ডিত অভিনেত্ৰী
পুচি টিন মেৰী বেল
১৯৯৯ দ্য বোন কালেক্টৰ এমেলিয়া ডোনাঘি
গাৰ্ল, ইণ্টাৰাপ্টেড লিছা ৰো একাডেমি পুৰস্কাৰ (শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী)
ব্ৰডকাষ্ট ফিল্ম ক্ৰিটিক্‌চ এছচিয়েশ্যন পুৰস্কাৰ (শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী)
গোল্ডেন গ্লোব পুৰস্কাৰ (শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী - চলচ্চিত্ৰ)
স্ক্ৰীন এক্টেৰছ গিল্ড পুৰস্কাৰ (শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী - চলচ্চিত্ৰ)
মনোনীত — চিকাগো ফিল্মস ক্ৰিটিক্‌ এছচিয়েছন পুৰস্কাৰ (শ্ৰেষ্ঠ অভিনেত্ৰী)
২০০০ গন ইন ছিক্সটি ছেকেণ্ডচ চাৰা ‘সোয়ে’ ৱেলেণ্ড
২০০১ লাৰা ক্ৰফ্‌ট: টম্ব ৰেইডাৰ লাৰা ক্ৰফ্‌ট মনোনীত — এমটিভি মুভি পুৰস্কাৰ (শ্ৰেষ্ঠ অভিনেত্ৰী)
মনোনীত — এমটিভি মুভি পুৰস্কাৰ (শ্ৰেষ্ঠ যুদ্ধকৌশল)
অৰিজিনাল চিন জুলিয়া ৰাছেল
২০০২ লাইফ অৰ চামথিং লাইক ইট লেনি কেৰিগেন
২০০৩ লাৰা ক্ৰফ্‌ট টুম্ব ৰেইডাৰ: দ্য
ক্ৰেডেল অফ লাইফ
লাৰা ক্ৰফ্‌ট
বিয়ণ্ড বৰ্ডাৰচ সাৰাহ জৰ্ডান
২০০৪ টেকিং লাইভচ ইলিয়ানা স্কট
চাৰ্ক টেল লোলা কণ্ঠদান
স্কাই কেপ্টেন এণ্ড দ্য
ৱৰ্ল্ড অফ টুমৰো
ফ্ৰান্সেচকা ‘ফ্ৰেঙ্কি’ কুক পিপল’চ চইছ পুৰস্কাৰ – জনপ্ৰিয় নাৰী একশ্যন তাৰকা
দ্য ফিভাৰ এজন বিপ্লবী অতিথি উপস্থিতি
আলেকজাণ্ডাৰ অলিম্পাচ
২০০৫ মি. এণ্ড মিছেচ. স্মিথ জেন স্মিথ এমটিভি মুভি পুৰস্কাৰ (শ্ৰেষ্ঠ যুদ্ধকৌশল)
মনোনীত — এমটিভি মুভি পুৰস্কাৰ (শ্ৰেষ্ঠ চুম্বন)
মনোনীত — পিপল’চ চইছ পুৰস্কাৰ – জনপ্ৰিয় নাৰী চলচ্চিত্ৰ তাৰকা
মনোনীত — পিপল’চ চইছ পুৰস্কাৰ – জনপ্ৰিয় নাৰী একশ্যন তাৰকা
মনোনীত — পিপল’চ চইছ পুৰস্কাৰ – জনপ্ৰিয় পৰ্দাৰ যুটি (ব্ৰেড পিটৰ লগত একেলগে
২০০৬ দ্য গুড চেপাৰ্ড মাৰ্গাৰেট ৰাছেল
২০০৭ আ মাইটি হাৰ্ট মাৰিয়ান পাৰ্ল মনোনীত — ব্ৰডকাষ্ট ফিল্ম ক্ৰিটিক্‌চ এচছিয়েশ্যন পুৰস্কাৰ (শ্ৰেষ্ঠ অভিনেত্ৰী)
মনোনীত — চিকাগো ফিল্ম ক্ৰিটিক্‌চ এছচিয়েচন (শ্ৰেষ্ঠ অভিনেত্ৰী)
মনোনীত — গোল্ডেন গ্লোব পুৰস্কাৰ (শ্ৰেষ্ঠ অভিনেত্ৰী - নাট্য চলচ্চিত্ৰ)
মনোনীত — ইণ্ডিপেণ্ডেণ্ট স্পিৰিট পুৰস্কাৰ (শ্ৰেষ্ঠ মূল নায়িকা)
মনোনীত — লণ্ডন ফিল্ম ক্ৰিটিক্‌চ চাৰ্কল পুৰস্কাৰ (শ্ৰেষ্ঠ অভিনেত্ৰী)
মনোনীত — অনলাইন ফিল্ম ক্ৰিটিক্‌চ পুৰস্কাৰ (শ্ৰেষ্ঠ অভিনেত্ৰী)
মনোনীত — স্ক্ৰিন এক্টেৰচ গিল্ড পুৰস্কাৰ (শ্ৰেষ্ঠ অভিনেত্ৰী - চলচ্চিত্ৰ)
বেউল্‌ফ গ্ৰেণ্ডালেৰ মা মনোনীত — এমটিভি মুভি পুৰস্কাৰ (শ্ৰেষ্ঠ খলনায়ক)
২০০৮ কুং ফু পাণ্ডা মাষ্টাৰ টিগ্ৰেচ কণ্ঠদান
ৱাণ্টেড ফক্স পিপল’চ চইছ পুৰস্কাৰ – জনপ্ৰিয় নাৰী একশ্যন তাৰকা
মনোনীত — পিপল’চ চইছ পুৰস্কাৰ – জনপ্ৰিয় নাৰী চলচ্চিত্ৰ তাৰকা
মনোনীত — এমটিভি মুভি পুৰস্কাৰ (শ্ৰেষ্ঠ অভিনেত্ৰী)
মনোনীত — এমটিভি মুভি পুৰস্কাৰ (শ্ৰেষ্ঠ চুম্বন)
মনোনীত — এমটিভি মুভি পুৰস্কাৰ (শ্ৰেষ্ঠ ডব্লিউটিএফ মুহূৰ্ত)
চেঞ্জলিং ক্ৰিষ্ট্ৰিন কলিন্স চেটাৰ্ন পুৰস্কাৰ (শ্ৰেষ্ঠ অভিনেত্ৰী)
মনোনীত — একাডেমি পুৰস্কাৰ (শ্ৰেষ্ঠ অভিনেত্ৰী)
মনোনীত — বাফটা পুৰস্কাৰ (শ্ৰেষ্ঠ অভিনেত্ৰী)
মনোনীত — ব্ৰডকাষ্ট ফিল্ম ক্ৰিটিক্‌চ এছচিয়েছন পুৰস্কাৰ (শ্ৰেষ্ঠ অভিনেত্ৰী)
মনোনীত — চিকাগো ফিল্ম ক্ৰিটিক্‌চ এছচিয়েশন পুৰস্কাৰ (শ্ৰেষ্ঠ অভিনেত্ৰী)
মনোনীত — গোল্ডেন গ্লোব পুৰস্কাৰ (শ্ৰেষ্ঠ অভিনেত্ৰী - নাট্য চলচ্চিত্ৰ)
মনোনীত — লণ্ডন ফিল্ম ক্ৰিটিক্‌চ চাৰ্কল পুৰস্কাৰ (শ্ৰেষ্ঠ অভিনেত্ৰী)
মনোনীত — স্ক্ৰীন এক্ট্ৰেছ গিল্ড পুৰস্কাৰ (শ্ৰেষ্ঠ অভিনেত্ৰী - চলচ্চিত্ৰ)
২০১০ চল্ট এভেলিন চল্ট মনোনীত — পিপল’চ চইছ পুৰস্কাৰ – জনপ্ৰিয় একশ্যন তাৰকা
মনোনীত — পিপল’চ চইছ পুৰস্কাৰ – জনপ্ৰিয় নাৰী চলচ্চিত্ৰ তাৰকা
মনোনীত — চেটাৰ্ন পুৰস্কাৰ (শ্ৰেষ্ঠ অভিনেত্ৰী)
দ্য ট্যুৰিষ্ট এলিচ ক্লিফটন-ৱাৰ্ড মনোনীত — গোল্ডেন গ্লোব পুৰস্কাৰ (শ্ৰেষ্ঠ অভিনেত্ৰী - কমেডী বা সঙ্গীতধৰ্মী চলচ্চিত্ৰ)
২০১১ কুং ফু পাণ্ডা ২ মাষ্টাৰ টিগ্ৰেচ কণ্ঠ অভিনেত্ৰী

পৰিচালক হিচাপে সম্পাদনা কৰক

বছৰ চলচ্চিত্ৰ টোকা
২০০৭ আ প্লেস ইন টাইম তথ্যচিত্ৰ
২০১১ ইন দ্য লেণ্ড অফ ব্লাড এণ্ড হ’নী

পুৰস্কাৰ সম্পাদনা কৰক

বছৰ পুৰস্কাৰ বিভাগ চলচ্চিত্ৰ ফলাফল
১৯৯৮ এমি পুৰস্কাৰ শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী - চমু ধাৰাবাহিক বা চলচ্চিত্ৰ জৰ্জ ৱেলচ মনোনীত
গোল্ডেন গ্লোব পুৰস্কাৰ শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী - ধাৰাবাহিক/চমু ধাৰাবাহিক/তথ্যচিত্ৰ বিজয়ী
নেশ্যনেল বৰ্ড অফ ৰিভিউ পুৰস্কাৰ সাফল্যমণ্ডিত অভিনেত্ৰী প্লেইং বাই হাৰ্ট বিজয়ী
এমি পুৰস্কাৰ শ্ৰেষ্ঠ অভিনেত্ৰী - চমু ধাৰাবাহিক বা চলচ্চিত্ৰ জিয়া মনোনীত
১৯৯৯ গোল্ডেন গ্লোব পুৰস্কাৰ শ্ৰেষ্ঠ অভিনেত্ৰী - ধাৰাবাহিক/চমু ধাৰাবাহিক/তথ্যচিত্ৰ বিজয়ী
স্ক্ৰীন এক্ট্ৰেছ গিল্ড পুৰস্কাৰ শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী - চমু ধাৰাবাহিক/তথ্যচিত্ৰ বিজয়ী
২০০০ গোল্ডেন গ্লোব পুৰস্কাৰ শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী - চলচ্চিত্ৰ গাৰ্ল, ইণ্টাৰাপ্টেড বিজয়ী
স্ক্ৰীন এক্ট্ৰেছ গিল্ড পুৰস্কাৰ শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী - চলচ্চিত্ৰ বিজয়ী
একাডেমি পুৰস্কাৰ শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী বিজয়ী
২০০৪ পিপল’স চয়েজ পুৰস্কাৰ জনপ্ৰিয় নাৰী একশ্যন তাৰকা স্কাই ক্যাপ্টেন এণ্ড দ্য ওয়াৰ্ল্ড অফ টুমৰো বিজয়ী
২০০৮ গোল্ডেন গ্লোব পুৰস্কাৰ শ্ৰেষ্ঠ অভিনেত্ৰী - নাট্য চলচ্চিত্ৰ আ মাইটি হাৰ্ট মনোনীত
স্ক্ৰীন এক্ট্ৰেছ গিল্ড পুৰস্কাৰ শ্ৰেষ্ঠ অভিনেত্ৰী - চলচ্চিত্ৰ মনোনীত
২০০৯ গোল্ডেন গ্লোব পুৰস্কাৰ শ্ৰেষ্ঠ অভিনেত্ৰী - নাট্য চলচ্চিত্ৰ চেঞ্জলিং মনোনীত
স্ক্ৰীন এক্ট্ৰেছ গিল্ড পুৰস্কাৰ শ্ৰেষ্ঠ অভিনেত্ৰী - চলচ্চিত্ৰ মনোনীত
বাফটা পুৰস্কাৰ শ্ৰেষ্ঠ অভিনেত্ৰী মনোনীত
একাডেমি পুৰস্কাৰ শ্ৰেষ্ঠ অভিনেত্ৰী মনোনীত
২০১১ গোল্ডেন গ্লোব পুৰস্কাৰ শ্ৰেষ্ঠ অভিনেত্ৰী - কমেডী বা সঙ্গীতধৰ্মী চলচ্চিত্ৰ দ্য ট্যুৰিষ্ট মনোনীত
—তথ্য সংগ্ৰহ: আইএমডিবি ডট কম




তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Angelina Jolie Biography: Director, Film Actress (1975–)". Biography.com (FYI / A&E Networks). Archived from the original on August 25, 2015. https://web.archive.org/web/20150825185439/http://www.biography.com/people/angelina-jolie-9356782। আহৰণ কৰা হৈছে: November 11, 2015. 
  2. 2006's Most Beautiful Star: Angelina Jolieপিপল। ২৬ এপ্ৰিল, ২০০৬। সংগৃহীত হৈছে: ৮ ছেপ্টেম্বৰ, ২০০৮।
  3. গ্ৰ্যাবিকি, মিছেল। Witherspoon is Hollywood's highest-paid actressৰয়টাৰ্চ। ৩০ নৱেম্বৰ , ২০০৭। সংগৃহীত হৈছে: ৮ ছেপ্টেম্বৰ, ২০০৮।
  4. Angelina Jolie Movie Box Office Results। বক্স অফিচ মোজো। সংগৃহীত হৈছে: ৮ ছেপ্টেম্বৰ, ২০০৮।
  5. Will the real Jon Voight please stand up?ইণ্টাৰভিউ; ১ মে, ২০০৬। সংগৃহীত হৈছে: ৮ ছেপ্টেম্বৰ, ২০০৮।
  6. যোছেফ কেম্প; নিউয়ৰ্ক টাইমচ; ২০ জুন, ১৯৪৪, পৃষ্ঠা ১৯।
  7. Short biography of Marcheline Bertrand ইণ্টাৰনেট মুভি ডাটাবেজ; সংগৃহীত হৈছে: ১৭ ডিচেম্বৰ, ২০০৯।
  8. Marcheline Bertrand at Hollywood.Premiere.com - ট্ৰিভিয়া অংশ দ্ৰষ্টব্য।
  9. Telegraph Interview with John voughtটেলিগ্ৰাফ। ২ অক্টোবৰ, ২০০১। সংগৃহীত হৈছে: ৮ ছেপ্টেম্বৰ, ২০০৮।
  10. 10.0 10.1 10.2 ভেন মিটাৰ, জনাথন; Angelina Jolie: Body Beautifulভোগ; এপ্ৰিল ২০০২। সংগৃহীত হৈছে: ৮ ছেপ্টেম্বৰ, ২০০৮।
  11. 11.0 11.1 11.2 11.3 উইলচ, ডোমিনিক; Angelina Jolie Biography। টিচকালি ডট চিঅ’ ডট ইউকে। সংগৃহীত হৈছে: ৮ ছেপ্টেম্বৰ, ২০০৮।
  12. হিথ ক্ৰিচ। Blood, Sugar, Sex, Magicৰোলিং ষ্টোন। জুলাই ২০০১। সংগৃহীত হৈছে: ৮ ছেপ্টেম্বৰ, ২০০৮
  13. ষ্ট্ৰেজেক, জিঞ্জাৰ। Attracting the Eyes of the World Archived 2011-07-16 at the Wayback Machineছিজন মেগাজিন। গ্ৰীষ্মকাল ২০০৫। সংগৃহীত হৈছে: ৮ ছেপ্টেম্বৰ, ২০০৮।
  14. Paula Zahn Now। চিএনএন ডট কম। ৯ জুন, ২০০৫। সংগৃহীত হৈছে: ৮ ছেপ্টেম্বৰ, ২০০৮।
  15. গ্ৰোচবাৰ্গ, জছ। Angelina Jolie's Name Interruptedই! অনলাইন। ১৭ ছেপ্টেম্বৰ, ২০০২। সংগৃহীত হৈছে: ৮ ছেপ্টেম্বৰ, ২০০৮।
  16. শুৰুয়েৰ্‌চ, ফ্ৰেড। Angelina Jolie Archived 2008-06-04 at the Wayback Machineপ্ৰিমিয়াৰ মেগাজিন। অক্টোবৰ ২০০৪। সংগৃহীত হৈছে: ৮ ছেপ্টেম্বৰ, ২০০৮।
  17. ফ্লাৱাৰ, ব্ৰেণ্ডি। "Brad and Angelina Have Family Reunion With Jon Voight" ইঅনলাইন। ২১ ফেব্ৰুৱাৰী, ২০১০।

আৰু পঢ়ক সম্পাদনা কৰক

  • ম্যাকফে, এডগাৰ; Angelina Jole: Angel In Disguise। আইকন প্ৰেছ, ২০০৫। ISBN 1-894864-25-5
  • জলি, এঞ্জেলিনা; Notes From My Travels। পকেট বুকচ, ২০০৩। ISBN 0-7434-7023-0
  • উইলচ, ডোমিনিক; Angelina Jolie Biography। টিসকালি ডট চিঅ’ ডট ইউকে। সংগৃহীত হৈছে: ৮ ছেপ্টেম্বৰ, ২০০৮।
  • ইউএনএইচসিআৰ; Angelina Jolie UNHCR Goodwill Ambassador Fact Sheet[সংযোগবিহীন উৎস] (পিডিএফ)।
    জাতিসংঘ শৰণাৰ্থী বিষয়ক হাইকমিশ্যনৰৰ নথি। সংগৃহীত হৈছে: ১৭ ডিচেম্বৰ, ২০০৯।
  • ইউএনএইচসিআৰ; Goodwill Ambassador Field Missions. ইউএনএইচচিআৰ ডট অৰ্গ। সংগৃহীত হৈছে: ১৭ ডিচেম্বৰ, ২০০৯।
  • ব্যানডন, আলেক্সান্দ্ৰা; Following, Ambivalently, in Mom or Dad's Footsteps
    দ্য নিউয়ৰ্ক টাইমচ। ২৫ আগষ্ট, ১৯৯৬। সংগৃহীত হৈছে: ২৫ ফেব্ৰুৱাৰী, ২০০৯।
  • ৰোশলিন, মাৰ্গি; Angelina Jolie: For A Fighting Machine, A Bad Girl Image is good
    দ্য নিউয়ৰ্ক টাইমচ; ১৭ জুন, ২০০১। সংগৃহীত হৈছে: ১৬ জানুৱাৰী, ২০০৯।
  • হিথ, ক্ৰিচ; Blood, Sugar, Sex, Magic ৰোলিং ষ্টোন; জুলাই ২০০১। সংগৃহীত হৈছে: ৮ ছেপ্টেম্বৰ, ২০০৮।
  • ভ্যান মিটাৰ, জনাথন; Angelina Jolie: Body Beautifulভোগ; এপ্ৰিল ২০০২। সংগৃহীত হৈছে: ৮ ছেপ্টেম্বৰ, ২০০৮।
  • ভ্যান মিটাৰ, জনাথন; Learning To Flyভোগ; মাৰ্চ ২০০৪। সংগৃহীত হৈছে: ৮ ছেপ্টেম্বৰ, ২০০৮।
  • সুইবেল, মেথিউ; Bad Girl Interruptedফৰ্বচ; ১২ জুন, ২০০৬। সংগৃহীত হৈছে: ৮ ছেপ্টেম্বৰ, ২০০৮।
  • ভ্যান মিটাৰ, জনাথন; The Bold and the Beautifulভোগ; জানুৱাৰী ২০০৭। সংগৃহীত হৈছে: ৮ ছেপ্টেম্বৰ, ২০০৮।
  • পালমাৰ, মাৰ্টিন। Angelina Almightyদ্য টাইমচ; ছেপ্টেম্বৰ ৮, ২০০৭। সংগৃহীত হৈছে: ৮ ছেপ্টেম্বৰ, ২০০৮।
  • হেৰিচ, মাৰ্ক; The Mommy Trackদ্য নিউয়ৰ্ক টাইমচ; ১৫ অক্টোবৰ, ২০০৮। সংগৃহীত হৈছে: ১৬ জানুৱাৰী, ২০০৮।
  • বাৰ্নেচ, ব্ৰুকচ Angelina Jolie’s Carefully Orchestrated Imageদ্য নিউয়ৰ্ক টাইমচ; ২০ নৱেম্বৰ , ২০০৮। সংগৃহীত হৈছে: ২৪ নৱেম্বৰ , ২০০৮।

বাহ্যিক সংযোগ সম্পাদনা কৰক