জিয়া (চলচ্চিত্ৰ)
জিয়া (ইংৰাজী: Jiya) হৈছে ২০২৪ চনত মুক্তি লাভ কৰা কেনি বসুমতাৰীৰ দ্বাৰা পৰিচালিত এখন সামাজিক-ড্ৰামা প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ। কাহিনীকাৰ-প্ৰযোজক শৰ্মিষ্ঠা চক্ৰৱৰ্তীকে প্ৰমুখ্য কৰি ঈপ্সিতা হাজৰিকা, ৰিকি শৰ্মা, কৌশিক ভৰদ্বাজ, মনোজ বৰকটকী, উদয়ন দুৱৰা, শিশুশিল্পী আৰাধ্যা মহন্ত আদিয়ে ছবিখনত অভিনয় কৰিছে৷ অনাকাংক্ষিত মানসিক পৰিস্থিতিৰ সন্মুখীন হৈ বৈবাহিক জীৱন ত্যাগ কৰা 'জিয়া' নামৰ মাতৃগৰাকীৰ জীৱন আৰু সংগ্ৰামৰ বিষয়ত আলোকপাত কৰা ছবিখনে প্ৰাগ চিনে বঁটা ২০২৪ত ৫ টাকৈ মনোনয়ন আৰু ৪টা শাখাত বিজয় সাব্যস্ত কৰে৷ ইয়াৰ ভিতৰত 'শ্ৰেষ্ঠ ছবি'ৰ বঁটাটোও আছে৷ [1]
কাহিনী
সম্পাদনা কৰকছবিখনত জীয়া (শৰ্মিষ্ঠা চক্ৰৱৰ্তী) নামৰ এগৰাকী যুৱতীৰ কাহিনী কোৱা হৈছে, যিয়ে নিৰ্যাতনৰ সন্মুখীন হোৱা যুগ্ম জীৱনৰ পৰা আঁতৰি আহে আৰু একক মাতৃত্বৰ প্ৰত্যাহ্বানসমূহ প্ৰতিহত কৰাৰ প্ৰয়াস কৰে৷ জিয়াৰ সংগ্ৰামত সহায় কৰে তেওঁৰ ঘনিষ্ঠ বান্ধৱী পল্লৱীয়ে (ইপ্সিতা হাজৰিকা)৷ শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে কয় যে "জিয়া" কেৱল জিয়াৰ কাহিনী নহয় বৰঞ্চ প্ৰতিগৰাকী নাৰী আৰু মাতৃৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি৷ ছবিখন তেওঁলোকৰ দৈনন্দিন সংগ্ৰাম আৰু শক্তিৰ চিত্ৰণ৷ [2]
কলা-কুশলী
সম্পাদনা কৰকঅভিনয়ত
সম্পাদনা কৰক- জিয়াৰ চৰিত্ৰত শৰ্মিষ্ঠা চক্ৰৱৰ্তী
- পল্লৱীৰ চৰিত্ৰত ঈপ্সিতা হাজৰিকা
- অভিৰ চৰিত্ৰত ৰিকি শৰ্মা
- পাপলুৰ চৰিত্ৰত কৌশিক ভৰদ্বাজ
- জিয়াৰ প্ৰাক্তন স্বামীৰ চৰিত্ৰত মনোজ বৰকটকী
- পল্লৱীৰ বন্ধুৰ চৰিত্ৰত উদয়ন দুৱৰা
- জিয়াৰ কন্যা সন্তানৰ চৰিত্ৰত আৰাধ্যা মহন্ত
আন বিভাগত
সম্পাদনা কৰক- মুখ্য সহকাৰী পৰিচালক:অৰিন্দম কাশ্যম
- প্ৰডাকচন মেনেজাৰ: বিভাস সিনহা
- সাজসজ্জা: ঈপ্সিতা হাজৰিকা
- ৰূপসজ্জা: জাৰা জিয়া
মুক্তি
সম্পাদনা কৰকসংগীত
সম্পাদনা কৰকছবিখনৰ সংগীত পৰিচালক আৰু সুৰকাৰ হৈছে অম্বৰ দাস৷ ছবিখনৰ গীতসমূহত কণ্ঠ নিগৰাইছে অংগৰাগ মহন্ত, শংকুৰাজ কোঁৱৰ, মৈত্ৰেয়ী পাটৰ, শৰ্মিষ্ঠা চক্ৰৱৰ্তী আৰু ঈপ্সিতা হাজৰিকাই৷[4] ছবিখনৰ
গীতৰ শীৰ্ষ | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গীতিকাৰ | কণ্ঠশিল্পী | দৈৰ্ঘ্য | ||||||
1. | "সপোন সপোন লগা" | শৰ্মিষ্ঠা চক্ৰৱৰ্তী | অংগৰাগ মহন্ত আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তী | ০৪:০৪ | ||||||
2. | "নুফুটা জোনাক" | মৈত্ৰেয়ী পাটৰ | মৈত্ৰেয়ী পাটৰ | ০৩:৪১ | ||||||
3. | "এই সাধু" | ৰাজদ্বীপ | শংকুৰাজ কোঁৱৰ আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তী | ০৪:০১ | ||||||
4. | "কথাবোৰ যদি হুল হয়" | চন্দনা পাঠক | ঈপ্সিতা হাজৰিকা আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তী | ০৪:১৩ |
বঁটা-সন্মান
সম্পাদনা কৰকছবিখনে প্ৰাগ চিনে বঁটা ২০২৩ত শ্ৰেষ্ঠ ছবিৰ শিতানত প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ীৰ সন্মান লাভ কৰে৷ ইয়াৰ লগতে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ শিতানত কেনি বসুমতাৰী আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে, শ্ৰেষ্ঠ কণ্ঠশিল্পী (পুৰুষ) শিতানত অংগৰাগ মহন্ত আৰু শ্ৰেষ্ঠ নেপথ্য সংগীতৰ শিতানত অম্বৰ দাসে প্ৰাগ চিনে বঁটা লাভ কৰিবলৈ সক্ষম হয়৷[2]
ইয়াৰ লগতে ছবিখনে ব্ৰহ্মপুত্ৰ ভেলি ছবি মহোৎসৱত প্ৰদৰ্শনৰ বাবেও আনুষ্ঠানিক নিমন্ত্ৰণ লাভ কৰে৷ ২০২৩ চনৰ ১৫ ডিচেম্বৰত ছবিখন মহোৎসৱত প্ৰদৰ্শিত হয়৷ ছবিখনে দৰ্শকৰ মাজত ইতিবাচক সমৰ্থন লাভ কৰে৷ [5]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Jiya". IMDB. https://www.imdb.com/title/tt31356180/। আহৰণ কৰা হৈছে: 7 August 2024.
- ↑ 2.0 2.1 2.2 "Assamese film 'Jiya' set to release across theaters on May 17". indiatodayne. ndia Today NE. May 11, 2024. https://www.indiatodayne.in/assam/story/assamese-film-jiya-set-to-release-across-theaters-on-may-17-1004392-2024-05-11। আহৰণ কৰা হৈছে: 7 August 2024.
- ↑ "Jiya". Times of India. 16 may 2024. https://timesofindia.indiatimes.com/entertainment/assamese/movie-details/jiya/movieshow/110183479.cms#:~:text=Jiya%20is%20a%20Assamese%20movie%20released%20on,Kenny%20Basumatary%20and%20featured%20Sarmistha%20Chakravorty%2C%20Eepsita। আহৰণ কৰা হৈছে: 7 August 2024.
- ↑ Jiya Trailer (Video). You Tube. 1 May 2024.
- ↑ "houseful-global-premiere-of-jiya-at-brahmaputra-valley-film-festival". Newsmill. 15 December 2023. https://thenewsmill.com/2023/12/houseful-global-premiere-of-jiya-at-brahmaputra-valley-film-festival/। আহৰণ কৰা হৈছে: 7 August 2024.
বাহ্যিক সংযোগ
সম্পাদনা কৰক- জিয়া (চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- জিয়াৰ আনুষ্ঠানিক ট্ৰেইলাৰ