অসমীয়া লিপিস্বৰবৰ্ণৰ দশম আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'ও'ও এটি স্বৰধ্বনি, সেয়েহে 'ও' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'ও'-ক এনেদৰে ⠕ (braille pattern dots-135) লিখা যায়।[2]

ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে সম্পাদনা কৰক

কোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে 'ও'ৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'ও'ৰ গৌণ প্ৰতীক। 'ও'ৰ এই ৰূপ হ'ল 'ো'।[3] যেনে-ক্+ও=কো আদি।

ইউনিক’ড সম্পাদনা কৰক

ৰূপ চিহ্ন ইউনিক’ড ক’ড নম্বৰ ইউনিক’ডত বিৱৰণ[4]
স্বতন্ত্ৰ ৰূপ U+0993 U+0993 BENGALI LETTER O
গৌণ ৰূপ U+09CB U+09CB BENGALI VOWEL SIGN O

'ও'ৰ পৰা আৰম্ভ হোৱা শব্দ সম্পাদনা কৰক

কিছু উদাহৰণ হ'ল :

  • ওঁঠ
  • ওঁত
  • ওংকাৰ
  • ওক
  • ওকণি
  • ওকালতি
  • ওলগ
  • ওদালগুৰি
  • ওপৰত
  • ওলকবি
  • ওলোটাই

আদি।

ও-কাৰ যুক্ত শব্দৰ উদাহৰণ সম্পাদনা কৰক

  • খোল
  • ঢোল
  • কোঁচ
  • কোঁঠ
  • কোঁহ
  • চোকা
  • কোৰ
  • বোল‌
  • বোৰ
  • টোকা
  • টোল
  • মোৰ
  • লোক
  • চোৰ আদি।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. xobdo.org search result of স্বৰবৰ্ণ
  2. World Braille Usage, UNESCO, 2013
  3. ডেকা আৰু ডেকাৰ 'ৰচনা প্ৰবাহ'ৰ পৃষ্ঠা ৫
  4. বঙালী ইউনিক’ড তালিকা (পি.ডি.এফ.)