ওদালগুৰি
ওদালগুৰি (/ˌɒdɑːlˈɡʊəri/) অসমৰ বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ এখন চহৰ আৰু ওদালগুৰি জিলাৰ সদৰ ঠাই। ই বড়োলেণ্ড অঞ্চলৰ অন্যতম উল্লেখযোগ্য চহৰ।[1]
ওদালগুৰি | |
---|---|
চহৰ | |
স্থানাংক: 26°44′43″N 92°05′46″E / 26.7452°N 92.0962°Eস্থানাংক: 26°44′43″N 92°05′46″E / 26.7452°N 92.0962°E | |
দেশ | দেশ |
ৰাজ্য | অসম |
জিলা | ওদালগুৰি জিলা |
চৰকাৰ | |
• পৰিচালনা | ওদালগুৰি নগৰ সমিতি |
কালি | |
• মুঠ |
4.69 km2 (1.81 sq mi) |
উচ্চতা | ১৮০ মিটাৰ (৫৯০ ফুট) |
জনসংখ্যা (2011) | |
• মুঠ |
15,279 |
• ঘনত্ব | 3,300/km2 (8,400/sq mi) |
নামৰ উৎপত্তি
সম্পাদনা কৰকওদালগুৰি নামৰ উৎপত্তি "ওদাল" নামৰ গছৰ পৰা হোৱা বুলি প্ৰবাদ আছে। "ওদাল" মানে এডাল গছ ইয়াৰ লগত গুৰি অৰ্থাৎ শিপা যোগ কৰি ওদালগুৰি নাম সৃষ্টি হৈছে। ইয়াৰ অৰ্থ হ’ল- ওদাল গছেৰে আগুৰা এখন ঠাই। আন এক প্ৰবাদমতে এই ঠাইত ওদ্দালক নামৰ এক ঋষিৰ আশ্ৰম থকা বুলি বিশ্বাস কৰা হৈছিল। আনহাতে দুটা বড়ো শব্দ "ওৰ্দ্লা" আৰু "গুন্দ্ৰি" মিলি নামটো হ’লগৈ ওৰ্দ্লাগুন্দ্ৰি > ওৰ্দ্লাগুন্দি > ওদালগুৰি বা উদালগুৰি। বড়ো ভাষাত "ওৰ্দ্লা" মানে বহল তথা মূল্যবান আৰু "গুন্দ্ৰি" মানে গুড়ি।[2]
ইতিহাস
সম্পাদনা কৰক১৯ শতিকাৰ মাজভাগলৈ ওদালগুৰি আৰু সমগ্ৰ দৰং জিলাতে বহুসংখ্যক বড়ো জনজাতিৰ লোকে বাস কৰিছিল। উপেন্দ্ৰচন্দ্ৰ গুহৰ "কছাৰীৰ ইতিবৃত্ত" নামৰ গ্ৰন্থখনৰ অনুসৰি পুৰাণ আৰু মধ্য যুগৰ সময়ত বড়ো আৰু কছাৰী অধিবাসীৰ মুঠ সংখ্যা আছিল ৬,৩৯,০০০ জন। ওদালগুৰিৰ ওচৰৰ উত্তৰ দিশত ভৈৰৱকুণ্ড আৰু ইয়াৰ আশে-পাশে কোঁচ ৰজা নৰনাৰায়ণৰ (১৫১৫-১৬১৫) প্ৰভাৱ আছিল।
২০ শতিকাৰ শেষৰ ফালে অসম ৰাজ্যখনক পুনৰগঠন কৰি তিনিখন নতুন জিলা সৃষ্টি কৰা হয়। জিলা তিনি খনৰ নাম হ’ল চিৰাং, বাক্সা আৰু ওদালগুৰি। দৰং জিলাৰ উত্তৰ অংশ লৈ বড়ো টেৰিটৰিয়েল এৰিয়া ড্ৰিষ্টিক (বি টি এ ডি)-ৰ অধিনত ওদালগুৰি জিলা গঠন কৰা হয়। এনে পুনৰগঠনৰ ফলত ৰাজ্যখনৰ জিলাৰ সংখ্যা ২৭ খনলৈ বৃদ্ধি হয়। ইয়াৰ পাছত অসম চৰকাৰৰ ২০০৩ চনৰ ৩০ অক্টোবৰৰ বিজ্ঞপ্তি নং জিএজি(বি)১৩৭/২০০২/পিটি/১১৭ অনুসৰি "বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ" চমুকৈ বিটিচিৰ অধীনত উক্ত নতুন জিলাকেইখনৰ লগতে কোকৰাঝাৰ জিলাক সাঙুৰি ৪ জিলাক বিটিএডিৰ অন্তৰ্ভুক্ত কৰা হয়।
বিটিচি গঠন হোৱাৰ আগলৈকে ওদালগুৰি এখন নগৰ সমিতি আৰু দৰং জিলাৰ এটা মহকুমা আছিল। পিছলৈ বড়ো সংগঠন যেনে বড়ো লিবাৰেচন টাইগাৰচ্ (সংক্ষেপে বিএলটি), ভাৰত আৰু অসম চৰকাৰৰ সৈতে ১০ ফেব্ৰুৱাৰী ২০০৩ চনত হোৱা ত্ৰিপক্ষীয় শান্তি চুক্তি মৰ্মে আৰু ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদ সংশোধন কৰাৰ ফলত অঞ্চলটো ওদালগুৰি জিলা হিচাপে বিটিচিৰ অন্তৰ্ভুক্ত হয়।
ভৌগোলিক অৱস্থান
সম্পাদনা কৰকওদালগুৰিৰ অৱস্থান 26°44′43″N 92°05′46″E / 26.7452°N 92.0962°E।[3] সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা ১৮০ মিটাৰ বা ৫৯০ ফুট।
উল্লেখযোগ্য স্থান
সম্পাদনা কৰকওদালগুৰিত এখন বাথৌ মন্দিৰ আৰু গৱেষণা কেন্দ্ৰ আছে। ইয়াৰ লগতে চহৰখনত এটা পুৰণি নামঘৰ, এটা হনুমান মন্দিৰ আৰু বাপিষ্ট খ্ৰীষ্টান গীৰ্জা আছে।
প্ৰশাসন
সম্পাদনা কৰকওদালগুৰি চহৰ হৈছে ওদালগুৰি জিলাৰ দুখন মহকুমাৰ এখন ওদালগুৰিৰ সদৰ ঠাই। বিটিচি গঠন হোৱাৰ আগলৈকে ওদালগুৰি এখন নগৰ সমিতি আৰু দৰং জিলাৰ এটা মহকুমা আছিল। বৰ্তমান ওদালগুৰিৰ প্ৰশাসনৰ বাবে ওদালগুৰি নগৰ সমিতি আছে।
ৰাজনৈতিক ভাবে ই ৬৯নং ওদালগুৰি বিধানসভা সমষ্টি আৰু মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।[1]
জনবসতি
সম্পাদনা কৰকওদালগুৰিৰ সংখ্যাগৰিষ্ঠ অধিবাসী বড়ো জনগোষ্ঠীৰ লোক।[1] আন জনগোষ্ঠীসমূহ হৈছে: নেপালী, চাঁওতাল আৰু ৰাভা। জিলাখনৰ মূল কথিত ভাষাসমূহ হৈছে: বড়ো, অসমীয়া, নেপালী আৰু চাঁওতালি।[1]
তথ্য উৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 1.3 udalguri.gov.in. "District at a Glance: Udalguri". http://udalguri.gov.in/districtatglance.htm। আহৰণ কৰা হৈছে: 28 December 2018.
- ↑ udalguri.gov.in. "Udalguri district: History". http://udalguri.gov.in/districthistory.htm। আহৰণ কৰা হৈছে: 28 December 2018.
- ↑ Falling Rain Genomics, Inc – Odalguri