খোল বাদ্যযন্ত্ৰক মৃদঙ্গৰে এক আধুনিক ৰূপ বুলি কব পাৰি। আজি প্ৰায় পাঁচশ বছৰৰ পৰা ভাৰতৰ বিভিন্ন ঠাইত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ লগে লগে নাম কীৰ্তনৰ বাবে খোল বাদ্যৰ প্ৰচলন হ'ল। বিশেষকৈ, পূৱভাৰতৰ অসম, বঙ্গ, মণিপুৰ (মণিপুৰত খোলৰ নাম দুঙ্গ) আৰু উৰিষ্যাত এই বাদ্যৰ প্ৰচলন অতি বেচি। বঙ্গত এই বাদ্যক ধৰ্মীয় বাদ্য ৰূপে সন্মান কৰি ইয়াক শ্ৰীখোল বোলে।

খোল
Khol.jpg
তালাশ্ৰয়ী বাদ্য
শ্ৰেণী ভাৰতীয় তালাশ্ৰয়ী বাদ্য
আনুষঙ্গিক বাদ্য
ঢোল, তবলা


অসমত মৃদঙ্গ বাদ্য বহু কালৰ আগৰ পৰাই প্ৰচলন আছিল যদিও মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আবিৰ্ভাব হোৱাত ধৰ্ম প্ৰচাৰ কৰাৰ লগতে অসমত নিজে খোল বাদ্য তৈয়াৰ কৰি ইয়াৰ তাল,বোল আদি ৰচনা কৰি প্ৰচলন কৰে। বৰগীত আৰু সত্ৰীয়া নৃত্যৰ বাবে খোল হৈছে এক অপৰিহাৰ্য্য তাল বাদ্য। অসমৰ খোল বাদন বিশ্বত চিনাকি দিয়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পুৰস্কাৰ কৰোঁতা স্বৰ্গীয় মণিৰাম দত্ত বায়ন মুক্তিয়াৰ আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শ্ৰীৰসেশ্বৰ শইকীয়া বায়নৰ নাম বিশেষভাৱে উল্লেখযোগ্য।

খোলৰ ব্যৱহাৰসম্পাদনা কৰক

অসমীয়া সংস্কৃতিৰ ভাওনা-সবাহ , গায়ন-বায়ন, প্ৰসংগ-কীৰ্তন, বৰগীত, দেহবিচাৰ গীত, থিয়নাম, ব’ৰাগি গীত আদিত সকলোতে খোলৰ ব্যৱহাৰ কৰা হয়[1]। সাম্প্ৰতিক কালত, অসমৰ জনজীৱনত খোলে এবিধ অতি জনপ্ৰিয় আৰু বহুল প্ৰসাৰিত লোকবাদ্য হিচাপে স্থান লাভ কৰিছে।

খোলৰ নিৰ্মাণ পদ্ধতিসম্পাদনা কৰক

আকৃতিৰ ফালৰ পৰা খোলক এটা শিলিখাগুটিৰ সৈতে ৰিজাব পাৰি। চৰিত পুথিৰ মতে শংকৰদেৱৰ সময়ত কুমাৰ মাটিৰে নিৰ্মিত খোলাৰে খোল প্ৰস্তুত কৰাৰ প্ৰথা আৰম্ভ হৈছিল আৰু ই পৰৱৰ্তী বহু দিনলৈকে প্ৰচলিত আছিল [2]। কিন্তু মাটিৰে নিৰ্মিত খোল সহজে ভাগি যোৱা বাবে পিছলৈ খোল নিৰ্মাণ কৰিবলৈ কাঠ ব্যৱহাৰ কৰিবলৈ লোৱা হয়। তথাপি বিজ্ঞসকলৰ মতে মাটিৰে আৰু কাঠেৰে তৈয়াৰী খোলৰ স্বৰৰ মাজত পাৰ্থক্য আছে। মাটিৰে তৈয়াৰী খোলৰ স্বৰ শুনিবলৈ তুলনামূলক ভাবে শুৱলা হয়। কাঠৰ খোল তৈয়াৰ কৰিবলৈ সাধাৰণতে পুৰঠ কঁঠাল গছৰ গা অংশ ব্যৱহাৰ কৰা হয়[3]

খোলৰ আকৃতিসম্পাদনা কৰক

অসমীয়া খোলৰ আকৃতি এটা পুৰঠ নিঘূনীয়া শিলিখাৰ লগত মিলে। সাধাৰণতে খোলৰ দৈৰ্ঘ্য ২৫ ইঞ্চিৰ পৰা ৩৫ ইঞ্চিলৈকে হোৱা দেখা যায়। কিন্তু দৈৰ্ঘ্যৰ তাৰতম্য থাকিলেও আকাৰৰ বিভিন্ন অনুপাত বিলাক সঠিক হোৱা বাঞ্ছনীয়। খোল বিভিন্ন আকাৰৰ হয় যদিও সাধাৰণতে বজাওঁতা জনৰ হাতেৰে ১ ১/২ হাত দীঘল হ’লে সুবিধাজনক হয়। এটা পূৰ্ণ আকৃতিৰ খোলৰ দুই মূৰৰ ডাইনা আৰু বাঁয়াৰ পৰিধি ক্ৰমান্বয়ে ১৬ ইঞ্চি আৰু ৩০ ইঞ্চি মান হ’ব লাগে। প্ৰচলিত নিয়ম মতে, খোলৰ বায়াৰ পৰিধিয়েই খোলৰ দৈৰ্ঘ্য বুলি ধৰা হয়। খোলৰ মাজভাগটো শকত আৰু দুয়োফালে ক্ৰমান্বয়ে সৰু হৈ আহে। ডাইনা ফালটো (সোঁফালটো) বাঁয়া বা বেৱা ফাল (বাওঁফালটো)তকৈ সৰু হয়[4]

খোল বাদনৰ লগত জড়িত কেইজনমান উল্লেখযোগ্য ব্যক্তিসম্পাদনা কৰক

খোল বাদনক অসমীয়া সংস্কৃতিত এক পৱিত্ৰ কাৰ্য্য বুলি গণ্য কৰা হয়। ইয়াৰ লগত জড়িত কেইজনমান উল্লেখযোগ্য ব্যক্তিৰ নাম হৈছে:

  • ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰোঁতা স্বৰ্গীয় মণিৰাম দত্ত বায়ন মুক্তিয়াৰ
  • ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শ্ৰীৰসেশ্বৰ শইকীয়া বায়নৰ

খোলৰ বিভিন্ন অংগসমূহসম্পাদনা কৰক

শংকৰী সংস্কৃতিৰ এক অনবদ্য উপাদান খোলৰ গঠনক ১১ টা অংশত বিভক্ত কৰিব পাৰি [2] । তলত অসমৰ খোলৰ বিভিন্ন অঙ্গৰ নাম দিয়া হৈছে। ইয়াৰ লগতে বন্ধনীৰ মাজত হিন্দুস্থানী নামবোৰো সুমুৱাই দিয়া হৈছে। খোলৰ সোঁফালৰ ভাগক দাইনা (দাযাঁ বা দাইনা) বোলে। বাওঁফালৰ ভাগক বেঁৱা (বাঁয়া) বোলে। দুই মুখৰ ছাল কেইখনৰ নাম তালি (পুড়ি), তালিৰ চাৰিওফালৰ বৃত্তাকাৰ চামৰাৰ মেৰটোক মলুৱা বা বান্ধনি (গজৰা) বোলে। তালি বা পুড়িৰ মাজত থকা গোলাকাৰ কলা পদাৰ্থটোক ঘুণ (চিয়াঁহী) বোলে। ঘুণৰ কাষত তালিৰ যি অংশ ওলাই থাকে সেই অংশকে মাজৰ তালি (লৱ বা মৈদান) বোলে। মাজৰ তালি আৰু মলুৱাৰ মাজত অলপ বহলকৈ বৃত্তাকাৰ ভাবে থকা ছাল খনক কাটনি ছাল (চাঁটি বা কিনাৰ বোলে। মলুৱাৰ কাষে কাষে সৰু সৰু সম দূৰত্বত যিবোৰ ফুটা আছে সেইবোৰক পুলি বোলে। যি চাম্ৰৰাৰ ফিতাৰ দ্বাৰা দুয়োমূৰৰ তালিক টানি ৰখা হয়, তাকে বৰতি (বদ্দি) বোলে। খোলৰ ফোঁপোলা গা-টোক ডিমা (কুড়ি) বোলে। এই ডিমা সাধাৰণতে মাটিৰ আছিল যদিও আজিকালি কাঠেৰেও নিৰ্মাণ কৰা হয়। খোল ডিঙিত ওলোমাই লবৰ বাবে গামোচা বা ৰচি ব্যৱহাৰ হয়। এই গামোচা খোলত বান্ধিবলৈ দাইনা আৰু বেঁয়াৰ ফালে সৰু চাম্ৰাৰ ফিতা থাকে, তাককে টিকনি বা দেৱালী বোলে। অনেক খোলৰ ডিমাত হেঙ্গুল হাইতালেৰে ৰংদি ৰাখে। আৰু বিশেষকৈ মাটিৰ খোলত ৰং দিয়া কিছুমান চাম্ৰাৰ ৰচিৰে বিশেষ এক নিয়মেৰে মেৰিয়াই ৰখা যায়। সেই বিলাককে ৰূপহী আৰু ঘেৰ বোলে। এই কাৰ্য্যই খোলাটো নভঙাকৈ ৰখাত সহায় কৰে লগতে সৌন্দৰ্য্যও বৃদ্ধি কৰে। অসমৰ খোল বাদনৰ অনেক কথা উত্তৰ ভাৰতীয় আৰু দক্ষিণ ভাৰতীয় সংগীতৰ সৈতে সাদৃশ্য আছে।

সম্পৰ্কীয় গ্ৰন্থপঞ্জীসম্পাদনা কৰক

  1. খোল বাদ্য: শ্ৰীযোগেশ্বৰ বৰদলৈ – শ্ৰীমন্ত শংকৰদেৱ সংঘ
  2. খোলৰ অংক : শ্ৰীযোগেশ্বৰ বৰদলৈ – শ্ৰীমন্ত শংকৰদেৱ সংঘ
  3. অসমৰ বাদ্যযন্ত্ৰ :– শ্ৰী ধৰ্মেশ্বৰ দুৱৰা- বাণী মন্দিৰ
  4. বাদ্য অভিজ্ঞান :– ড॰ দেৱজিৎ শইকীয়া – অসম নাম সমাৰোহ উদযাপন সমিতি; শ্ৰী শ্ৰী আউনিআটী সত্ৰ

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. অভিজিত (২০১১). "খোলৰ ব্যৱহাৰ". http://www.anvesha.co.in/assamese/khol_as.htm। আহৰণ কৰা হৈছে: August 21, 2012. 
  2. 2.0 2.1 পূৰ্ণানন্দ ভূঞা (২০২১). শংকৰী সংস্কৃতিৰ আভাস. 
  3. "খোলৰ নিৰ্মাণ পদ্ধতি". ২০১১. http://www.anvesha.co.in/assamese/khol_as.htm। আহৰণ কৰা হৈছে: August 21, 2012. 
  4. অভিজিত (২০১১). "খোলৰ আকৃতি". http://www.anvesha.co.in/assamese/khol_as.htm। আহৰণ কৰা হৈছে: August 21, 2012. 

লগতে চাওকসম্পাদনা কৰক