ঔৰংগাবাদী মহল

ঔৰংজেৱৰ দ্বিতীয় পত্নী

ঔৰংগাবাদী মহল (ইংৰাজী: Aurangabadi Mahal; ফাৰ্চী: اورنگ آبادی محل; অৰ্থ "ৰাজ সিংহাসনৰ সমৃদ্ধি";[1] মৃত্যু.১৬৮৮) মোগল সম্ৰাট ঔৰৎজেৱৰ পত্নী আছিল।

ঔৰংগাবাদী মহল
দাম্পত্য সঙ্গী ঔৰংজেৱ
সন্তান
মিৰ-উন-নিচা বেগম
ধৰ্ম ইছলাম

ঔৰংগাবাদী মহল হয় ঔৰংগাবাদৰ (বৰ্তমান মহাৰাষ্ট্ৰৰ অন্তৰ্গত) নিবাসী আছিল অথবা তেওঁ ঔৰংগাবাদৰ হেৰেমত স্থান পাইছিল। [2][3] তেওঁ গ্ৰেগৰীয় বা চাৰকাচীয় মূলৰ ব্যক্তি।[4] সম্ৰাট আকবৰৰ ৰাজত্ব কালৰ পৰা এনে নীতি অনুসৰণ কৰা হৈছিল যে ৰাজকীয় হেৰেমৰ মহিলাসকলৰ নাম ৰাজহুৱাকৈ উল্লেখিত নহ’ব। তেওঁলোকৰ জন্মস্থান বা যিখন নগৰৰ ৰাজকীয় হেৰেমত তেওঁলোকে প্ৰবেশ কৰে, তাৰ আধাৰত তেওঁলোক পৰিচিত হ’ব।[5]

১৬৬১ চনৰ ২৮ চেপ্তেম্বৰত তেওঁ মেহেৰ-উন-নিচা বেগমক জন্ম দিয়ে। মেহেৰ-উন-নিচা ঔৰংজেৱৰ আটাইতকৈ সৰু জীয়ৰী আছিল। তেওঁ সম্ৰাট ঔৰংজেৱৰ নৱম সন্তান আৰু ঔৰংগাবাদী মহলৰ একমাত্ৰ সন্তান।[6]

১৬৮০ চনৰ মাৰ্চ মাহত য়ালাংতোষ খান বাহাদুৰক ঔৰংগাবাদী আৰু চাহজাদী জেব-উন-নিচাদিল্লীৰ পৰা আজমেৰলৈ নিবলৈ পঠিয়াইছিল।[7] দুয়োগৰাকী মহিলা মে মাহত আজমেৰ গৈ পাইছিল আৰু তেওঁলোকক চাহজাদা মহম্মদ আজম শাহ মিৰ্জাই ৰাজকীয় হেৰেমলৈ আদৰণি জনাইছিল। যেতিয়া চাহজাদা চুলতান মহম্মদ আকবৰে পিতৃৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল, ঔৰংগাবাদীক পুনৰ দিল্লীলৈ ওভতাই লৈ যোৱা হৈছিল। তেওঁ গৈ আকবৰৰ পত্নী চালিমা চুলতান বেগম আৰু চাহজাদা চুলেইমান চিকো মিৰ্জাৰ জীয়ৰীক সংগ দিছিল।[8]

১৬৮৬ চনৰ মাৰ্চ মাহত ঔৰংজেৱৰ বিজাপুৰ দূৰ্গ দখলৰ অভিযানৰ পূৰ্বে খান জাহান বাহাদুৰক বুৰহানপুৰলৈ ঔৰংগাবাদীক লৈ আনিবলৈ পঠিয়াইছিল আৰু তেওঁৰ বাবে এটা ‘পান্না স্মাৰক’ তৈয়াৰ কৰা হৈছিল। তেওঁ ১৯৮৬ চনৰ মে মাহত দিল্লীৰ পৰা ঔৰংজেৱৰ চোলাপুৰ শিবিৰ পাইছিল আৰু দেওৰীৰ ওচৰৰ দূৰ্গৰ দুৱাৰত চাহজাদা মহম্মদ কাম বক্স মিৰ্জাই আদৰণি জনাইছিল। তেওঁ ঔৰংজেৱৰ সৈতে বিজাপুৰলৈকে গৈছিল আৰু ১৬৮৬ চনৰ চেপ্তেম্বৰলৈ বিজাপুৰ অভিযান সফল হোৱালৈতে তাত আছিল।[9]

১৬৮৮ চনৰ নবেম্বৰ মাহলৈকে ঔৰংগাবাদী বিজাপুৰত বসতি কৰি আছিল। সেই সময়ত সমগ্ৰ চহৰখনত প্লেগ ৰোগ বিয়পি পৰিছিল। প্লেগ ৰোগত অন্য বহু লোকৰ সৈতে ঔৰংগাবাদী মহলৰো মৃত্যু হৈছিল। তেওঁৰ মৃত্যুৰ পিছত "মাচিৰ-ই-আলমগীৰ" গ্ৰন্থৰ ৰচয়িতা চাকি মুস্তাক খানে তেওঁক ‘সম্ৰাটৰ অনুগামী, প্ৰাচীন আৰু সমৰ্পিত হাতধৰা লিগিৰি’ বুলি উল্লেখ কৰি গৈছে।[10]

যেতিয়া ঔৰংজেৱৰ জীয়ৰী জেব-উন-নিচা বেগমে ঔৰংগাবাদীৰ ৰোগৰ কথা শুনিলে, তেওঁ গভীৰ শোকত বুৰ গ’ল, যিগৰাকী নাৰী সদায় সকলোৰে বাবে ভাল আছিল।[11] তেওঁৰ মৃত্যুৱে ঔৰংজেৱৰ আটাইতকৈ সৰু আৰু সকলোতকৈ মৰমৰ উপপত্নী, চাহজাদা কাম বক্সৰ মাতৃ উদয়পুৰী মহলৰ শেষ প্ৰতিদ্বন্দী নাইকীয়া কৰিলে।[12]

  1. Manucci, Niccolò (1907). Storia Do Mogor: Or, Mogul India, 1653-1708 - Volume 2. J. Murray. পৃষ্ঠা. 333. https://archive.org/details/pli.kerala.rare.17155. 
  2. Iftikhar, Rukhsana (June 6, 2016). Indian Feminism: Class, Gender & Identity in Medieval Ages. Notion Press. ISBN 978-9-386-07373-0. 
  3. Sarkar, Sir Jadunath (1973). 1618-1659. Orient Longman. পৃষ্ঠা. 34. 
  4. Krieger-Krynicki, Annie (2005). Captive Princess: Zebunissa, Daughter of Emperor Aurangzeb. Oxford University Press. পৃষ্ঠা. 3, 41. ISBN 978-0-195-79837-1. 
  5. Eraly, Abraham (January 1, 2007). The Mughal World: Life in India's Last Golden Age. Penguin Book India. পৃষ্ঠা. 126. ISBN 978-0-143-10262-5. 
  6. Sarkar 1947, পৃষ্ঠা. 323.
  7. Sarkar 1947, পৃষ্ঠা. 117.
  8. Sarkar 1947, পৃষ্ঠা. 126.
  9. Sarkar 1947, পৃষ্ঠা. 166-7.
  10. Sarkar 1947, পৃষ্ঠা. 192.
  11. Krieger-Krynicki, Annie (2005). Captive Princess: Zebunissa, Daughter of Emperor Aurangzeb. Oxford University Press. পৃষ্ঠা. 175. ISBN 978-0-195-79837-1. 
  12. Sarkar, Jadunath (1912). History of Aurangzib mainly based on Persian sources: Volume 1 - Reign of Shah Jahan. M.C. Sarkar & sons, Calcutta. পৃষ্ঠা. 64. 

গ্ৰন্থপঞ্জী

সম্পাদনা কৰক
  • Sarkar, Jadunath (1947). Maasir-i-Alamgiri: A History of Emperor Aurangzib-Alamgir (reign 1658-1707 AD) of Saqi Mustad Khan. Royal Asiatic Society of Bengal, Calcutta.