কঁহুৱা বন

(কঁহুৱাৰ পৰা পুনঃনিৰ্দেশিত)

কঁহুৱা বন বা খাগৰী বা বনৰীয়া কুঁহিয়াৰ[1] (বঙালী: কাশ, হিন্দী: काँस, নেপালী: काँस, ওড়িয়া: କାଶତଣ୍ଡି, তামিল: நாணல்) হৈছে এবিধ তৃণ জাতীয় উদ্ভিদ। এই বনবিধৰ বৈজ্ঞানিক নাম ছ্যাচাৰাম স্পণ্টেনিয়াম (Saccharum spontaneum)। ই ছ্যাচাৰাম গণ আৰু স্পণ্টেনিয়াম প্ৰজাতিৰ অন্তৰ্ভুক্ত। অসমত কঁহুৱা নামেৰে জনাজাত এই বনবিধ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ উপৰিও দক্ষিণ আফ্ৰিকা আৰু হিমালয়ৰ কাষৰীয়া ঠাই নেপাল, ভূটান আদিত প্ৰচুৰ পৰিমাণে পোৱা যায়। এই বনবিধ সাধাৰণতে নদী কাষৰীয়া অঞ্চলত প্ৰচুৰ পৰিমাণে গজে।

কঁহুৱা বন
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Monocots
(অশ্ৰেণীকৃত): Commelinids
বৰ্গ: Poales
পৰিয়াল: Poaceae
গণ: Saccharum
প্ৰজাতি: S. spontaneum
বৈজ্ঞানিক নাম
Saccharum spontaneum
L.

ব্যৱহাৰ সম্পাদনা কৰক

এই বনবিধ ভাৰতৰ গঁড়ৰ প্ৰধান খাদ্য। ইয়াৰোপৰি গৰু, মহ আদিৰ খাদ্য হিচাপেও ইয়াৰ ব্যৱহাৰ হয়। গাঁও অঞ্চলত এইবিধ বন ঘৰৰ চাল চোৱা কামত প্ৰায়ে ব্যৱহাৰ কৰা দেখা যায়। ইয়াৰোপৰি ঠাই সাৰিবলৈ ব্যৱহাৰ কৰা শোটা আদি বনাবলৈয়ো কঁহুৱা বনৰ ব্যৱহাৰ হয়। ইয়াৰোপৰি কঁহুৱা বন আয়ুৰ্বেদিক চিকিৎসাৰ বাবেও ব্যৱহাৰ হয়।[2][3]

বিৱৰণ সম্পাদনা কৰক

কঁহুৱা এবিধ তৃণ জাতীয় উদ্ভিদ। ই একবীজপত্ৰি। ইয়াৰ শিপা গুচ্ছ মূল জাতীয়। এই বনবিধৰ জীৱনকাল দুবছৰ। ইহঁতৰ উচ্চতা তিনি মিটাৰলৈকে হয়।[4][5] নৈ পাৰৰ বালি অঁহিয়া মাটিত ইয়াৰ বিকাশ ভাল হয়। কঁহুৱা বনৰ বীজবোৰে পানীৰ মাধ্যমেৰে ভ্ৰমণ কৰে। শৰৎ ঋতুৰ সময়ছোৱাত কঁহুৱা বনবোৰে ফুলিবলৈ আৰম্ভ কৰে। ইয়াৰ ফুলবোৰ বগা বৰণৰ আৰু আকাৰত দীঘলীয়া।

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক

  •   ৱিকিপ্ৰজাতিত কঁহুৱা বন সম্পৰ্কীয় তথ্য
  •   ৱিকিমিডিয়া কমন্সত কঁহুৱা বন সম্পৰ্কীয় মিডিয়া ফাইল।