কঠালগুৰি তাপ বিদ্যুৎ কেন্দ্ৰ
কঠালগুৰি তাপ বিদ্যুৎ কেন্দ্ৰ বা আধিকাৰিক ভাবে অসম গেছ ভিত্তিক শক্তি কেন্দ্ৰ (ইংৰাজী: Assam Gas based power plant) অসমৰ ডিব্ৰুগড় জিলাৰ বকুলনিত অৱস্থিত তাপ বিদ্যুৎ কেন্দ্ৰ। এই সংযুক্ত চক্ৰ গেছ টাৰ্বাইন প্ৰকল্পটো নীপকোৰ অধীনত। এই প্ৰকল্প জাপানৰ বহিঃৰাজ্য অৰ্থনৈতিক সহযোগিতা পুঁজিৰ সৈতে দ্বিপাক্ষিক ঋণ ব্যৱস্থাৰ অধীনত ৩৭.২৭২ বিলিয়ন য়েনৰ ঋণৰ সহায়ত ইয়াৰ আংশিক বিত্তীয় সাহায্য প্ৰদান কৰা হৈছে। ইয়াত উজনি অসমৰ তৈলক্ষেত্ৰত উপলভ্য প্ৰাকৃতিক গেছ প্ৰধান ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়।
কঠালগুৰি তাপ বিদ্যুৎ কেন্দ্ৰ | |
---|---|
অসম গেছ ভিত্তিক শক্তি কেন্দ্ৰৰ প্ৰৱেশ দ্বাৰ | |
আধিকাৰিক নাম | অসম গেছ ভিত্তিক শক্তি কেন্দ্ৰ |
দেশ | ভাৰত |
অৱস্থান | বকুলনি, দুলিয়াজান, অসম |
স্থানাংক | স্থানাংক: 27°20′28″N 95°24′23″E / 27.34099524°N 95.40638428°E |
অৱস্থা | কাৰ্যক্ষম |
কমিছনৰ তাৰিখ | ১৯৯৫ |
মালিকীস্বত্ব | ভাৰত চৰকাৰ |
পৰিচালক | নীপকো |
তাপ বিদ্যুৎ কেন্দ্ৰ | |
প্ৰধান ইন্ধন | প্ৰাকৃতিক গেছ |
বিদ্যুৎ উৎপাদন | |
নামফলক ধাৰণ ক্ষমতা | ২৯১ মেগাৱাট |
শক্তি কেন্দ্ৰটোত ৬টা গেছ টাৰ্বাইন আছে আৰু ইয়াৰ লগত জড়িত বৰ্জিত তাপ উদ্ধাৰ বয়লাৰ আৰু ৩টা ভাপ টাৰ্বাইন আছে। এই টাৰ্বাইনবোৰ মডিউলাৰ ধৰণেৰে সজোৱা হৈছে। এটা মডিউলত সংশ্লিষ্ট বৰ্জিত তাপ উদ্ধাৰ বয়লাৰ আৰু ১টা ভাপ টাৰ্বাইনৰ সৈতে ২টা গেছ টাৰ্বাইন থাকে।
বিৱৰণ
সম্পাদনা কৰকঅসম গেছ ভিত্তিক শক্তি প্ৰকল্প ভাৰত চৰকাৰ শক্তি মন্ত্ৰালয়ৰ অন্তৰ্গত কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ নীপকোয়ে পৰিচালনা কৰে। মিনিৰত্ন শ্ৰেণীৰ উদ্যোগ নীপকো ভাৰতৰ মহাৰত্ন শ্ৰেণীৰ উদ্যোগ ৰাষ্ট্ৰীয় তাপ শক্তি নিগম (NTPC)ৰ অন্তৰ্ভুক্ত সহায়ক কোম্পানী।[1] ইয়াত মূলত প্ৰাকৃতিক গেছ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। উজনি অসমৰ অইল ইণ্ডিয়া লিমিটেডৰ তৈলক্ষেত্ৰ সমূহৰ পৰা ইয়ালৈ প্ৰাকৃতিক গেছ যোগান ধৰা হয়। ইয়ালৈ যোগান ধৰা গেছৰ পৰিমাণ প্ৰতিদিনে ১.৪ মিলিয়ন মেট্ৰিক ষ্টেণ্ডাৰ্ড ঘনমিটাৰ ± ১৫%। ইয়াৰ প্ৰয়োজনীয় পানী বুঢ়ীদিহিং নদীৰ পৰা যোগান ধৰা হয়। প্ৰতি ঘণ্টাত ইয়াত ১৬০০ ঘনমিটাৰ পানী ব্যৱহৃত হয়। ইয়াত ব্যৱহাৰ কৰা টাৰ্বাইনৰ প্ৰকাৰ একক চিলিণ্ডাৰ ফ্ৰেম-VI আৰু জেনেৰেটৰ প্ৰকাৰ ২ মেৰু নলাকাৰ ঘূৰ্ণক। অসম গেছ ভিত্তিক শক্তি প্ৰকল্পৰ প্ৰথম দুটা গেছ টাৰ্বাইন ১৯৯৫ চনৰ ৫ জানুৱাৰী তাৰিখে কমিছন কৰা হৈছিল। একে বছৰৰ ৭ আৰু ৮ জানুৱাৰী তাৰিখে আন দুটা গেছ টাৰ্বাইন কমিছন কৰা হৈছিল। ১৯৯৭ চনৰ ৪ জানুৱাৰী তাৰিখে অন্তিম দুটা গেছ টাৰ্বাইন কমিছন কৰা হৈছিল। বাকী তিনিটা ভাপ টাৰ্বাইন ১৯৯৯ চনৰ ৪ জানুৱাৰী তাৰিখে কমিছন কৰা হৈছিল।
এই শক্তি কেন্দ্ৰৰ ক্ষমতা ২৯১ মেগাৱাট। ইয়াৰে ছয়টা গেছ টাৰ্বাইনৰ প্ৰতিটোৰে ক্ষমতা ৩৩.৫০ মেগাৱাট আৰু তিনিটা ভাপ টাৰ্বাইনৰ প্ৰতিটোৰে ক্ষমতা ৩০.০০ মেগাৱাট।[2]এই শক্তি কেন্দ্ৰত উৎপাদিত বিদ্যুৎ ২২০ কিলোভল্ট ডি/চি লাইন এটা মিছালৈ আৰু এটা মৰিয়নীলৈ,২২০ কিলোভল্ট এছ/চি কঠালগুৰি-তিনিছুকিয়া লাইন আৰু ২২০ কিলোভল্ট এছ/চি কঠালগুৰি-দেওমালি লাইনৰ সহায়ত অঞ্চলটোত বিতৰণ কৰা হয়।
অসম গেছ ভিত্তিক বিদ্যুৎ কেন্দ্ৰক ২০০২ চনত ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ে "উৎকৃষ্টতাৰ কেন্দ্ৰ" হিচাপে ঘোষণা কৰে।
অৱস্থান
সম্পাদনা কৰকএই শক্তি উৎপাদন কেন্দ্ৰটো ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ নিকটৱৰ্তী বকুলনি গাঁৱত অৱস্থিত। ই তিনিচুকীয়া ৰেলৱে ষ্টেচনৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ আৰু দুলীয়াজান ৰেলৱে ষ্টেচনৰ পৰা ১৪ কিলোমিটাৰ দূৰত্বত অৱস্থিত। সেইদৰে ইয়াৰ পৰা তিনিচুকীয়া এ এছ টি চি বাছ ষ্টেণ্ডৰ পৰা ৩২ কিলোমিটাৰ আৰু দুলীয়াজান এ এছ টি চি বাছ ষ্টেণ্ডৰ পৰা ১২ কিলোমিটাৰ দূৰত্বত অৱস্থিত। নিকটৱৰ্তী বিমানবন্দৰ হৈছে ৬৪ কিলোমিটাৰ দূৰত্বত অৱস্থিত ডিব্ৰুগড় বিমানবন্দৰ।
তথ্য উৎস
সম্পাদনা কৰক- ↑ "Press Releases | NTPC". Archived from the original on 2022-10-06. https://web.archive.org/web/20221006201331/https://www.ntpc.co.in/en/media/press-releases/details/ntpc-buys-74496-equity-stake-thdc-india-purchases-100-stake-neepco। আহৰণ কৰা হৈছে: 2024-01-16.
- ↑ "ASSAM GAS BASED POWER PLANT | North Eastern Electric Power Corporation Limited". neepco.co.in. https://neepco.co.in/projects/thermal-projects/assam-gas-based-power-project.