কনকেশ্বৰ নাৰ্জাৰী (২ জানুৱাৰী ১৯৪৩ – ১২ অক্টোৱৰ ২০০৩) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু সদৌ বড়ো ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক।

কনকেশ্বৰ নাৰ্জাৰী

নৰ্জাৰীয়ে নতুন দিল্লীত "জৱাহৰলাল নেহৰু জীৱনকালীন কৃতিত্ব বঁটা" লাভ, ১৯৯৯।
জন্ম গমৌবিল (টেংগাইগাঁও),ছেৰফাংগুৰি থানা,কোকৰাঝাৰ জিলা।
অন্য নাম "খুংখ্ৰা"
দাম্পত্যসঙ্গী হিৰাবাই নাৰ্জাৰী
সন্তান
বঁটা, সন্মান, পুৰস্কাৰ আদি গ্ল'বেল ইকনমিক কাউন্সিলৰ দ্বাৰা জৱাহৰলাল নেহৰু জীৱনকালীন কৃতিত্ব বঁটা, ১৮ মাৰ্চ ১৯৯৯ ভাৰতৰ নতুন দিল্লীত।

১৯৪৩ চনৰ ২ জানুৱাৰীত অসমৰ কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰি থানাৰ অন্তৰ্গত টেঙাইগাঁও (গমৌবিল) নামৰ গাঁৱত জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃৰ নাম নাৰায়ণ নাৰ্জাৰী আৰু মাতৃ দুইছলুং নাৰ্জাৰী আছিল। ২০০৩ চনৰ ১২ অক্টোবৰত কলিকতাৰ এখন ব্যক্তিগত নাৰ্চিংহোমত মৃত্যু হয়।[1]

প্ৰাথমিক শিক্ষা

সম্পাদনা কৰক

তেওঁৰ প্ৰাৰম্ভিক শিক্ষা গোসাঁইনিচিনা গাঁৱৰ পৰা আৰম্ভ হৈছিল। তাত এম. ভি. স্কুল চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত সাপটগ্ৰাম এমালগেমেটেড একাডেমী পৰা ১৯৬৪ চনত মেট্ৰিক পৰীক্ষা আৰু ১৯৬৫ চনত পি.ইউ. পৰীক্ষাত উত্তীৰ্ণ হয়।[উদ্ধৃতিৰ প্ৰয়োজন]

ছাত্ৰনেতা আৰু ৰাজনৈতিক জীৱন

সম্পাদনা কৰক

স্কুলীয়া দিনৰে পৰা কনকেশ্বৰ নাৰ্জাৰী ছাত্ৰ সংগঠনৰ সক্ৰিয় সদস্য আছিল। তেওঁ ১৯৬৭ চনত এবছু গঠনৰ বাবে বিভিন্ন সভাত জড়িত হৈ পৰে। [2]একে বছৰতে সদৌ বড়ো ছাত্ৰ সন্থা আনুষ্ঠানিকভাৱে গঠন হয় আৰু তেওঁ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ পিছত তেওঁ অসমৰ ইয়ং প্লেইনছ ট্ৰাইবেল কাউন্সিলৰ আহ্বায়ক হয়। তেওঁ অসমৰ প্ৰগতিশীল সমভূমি জনজাতি পৰিষদৰ আহ্বায়ক হয়। তেওঁ পিছতলৈ ইউনাইটেড ট্ৰাইবেল নেচনেলিষ্ট লিবাৰেচন ফ্ৰণ্টৰ আহ্বায়ক হয়।[উদ্ধৃতিৰ প্ৰয়োজন] ১৯৯৬ চনৰ ১৯ জুনত বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বী হয়। ১৯৯৯ চনৰ ১৮ মাৰ্চত তেওঁক গ্ল’বেল ইকনমিক কাউন্সিলৰ দ্বাৰা জৱাহৰলাল নেহৰু লাইফ টাইম এচিভমেণ্ট বঁটা প্ৰদান কৰা হয়। তেওঁ মৃত্যুৰ সময়লৈকে ইউ. বি. এন. এল. এফ.ৰ অধ্যক্ষ আছিল। [3][4]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "Homage to Kanakeswar Narzary". Assam Times. 12 October 2014. https://www.assamtimes.org/node/12080. 
  2. "Absu celebrates foundation day | Guwahati News - Times of India". The Times of India. https://timesofindia.indiatimes.com/city/guwahati/Absu-celebrates-foundation-day/articleshow/18521031.cms. 
  3. Daimary, Bijoy Kr (2005) Ethnicity autonomy and sub_nationalism a study of Boro movement in Northeast India
  4. "Sanswrang Sports Club Win Kanakwsar Narzary Memorial Trophy". 24 October 2018. https://www.sentinelassam.com/north-east-india-news/local-sports/sanswrang-sports-club-win-kanakwsar-narzary-memorial-trophy/.