কন্নড় ভাষা
কন্নড় (ইংৰাজী: Kannada, কন্নড়: ಕನ್ನಡ কন্নড) ভাৰতৰ ২২টা চৰকাৰী ভাষাৰ এটা। এই ভাষা কৰ্ণাটক ৰাজ্যৰ চৰকাৰী ভাষা আৰু এই ৰাজ্যৰ প্ৰায় চাৰে তিনি কোটি লোকে এই ভাষাত কথা পাতে। তদুপৰি ই অন্ধ্ৰ প্ৰদেশ, তামিলনাডু আৰু মহাৰাষ্ট্ৰত প্ৰচলিত। মাতৃভাষী আৰু দ্বিতীয় ভাষাভাষীৰ সংখ্যা মিলাই কন্নড়-ভাষীৰ সংখ্যা প্ৰায় ৫ কোটি।