কপিলী নদী (ইংৰাজী: Kopili River) ব্ৰহ্মপুত্ৰ নদৰ এখনি দক্ষিণবাহিনী উপনৈ। কপিলী নৈ মেঘালয় মালভূমিৰ পৰা উৎপত্তি হৈ ডিমা হাছাও জিলাৰে অসমত প্ৰৱেশ কৰিছে। তাৰপিছত ই পশ্চিম কাৰ্বি আংলং জিলা, কাৰ্বি আংলং জিলা, হোজাই জিলা, নগাঁও জিলা, মৰিগাঁও জিলাৰ মাজেৰে বৈ কামৰূপ মহানগৰ জিলাব্ৰহ্মপুত্ৰ নদত পৰিছে। কপিলী ব্ৰহ্মপুত্ৰৰ দীৰ্ঘতম দক্ষিণবাহিনী উপনৈ।[1]

কপিলী নদী
উপনৈ
নগাঁওৰ কাষত কপিলী নদী
দেশ ভাৰত
প্ৰদেশসমূহ অসম, মেঘালয়
উৎস মেঘালয় মালভূমি
 - অৱস্থান মেঘালয়, ভাৰত
মোহনা ব্ৰহ্মপুত্ৰ নদ
দৈৰ্ঘ্য ২৯০ কিমি (১৮০ মাইল)

নামৰ উৎপত্তিসম্পাদনা কৰক

প্ৰাচীন ভাৰতৰ সাংখ্য দৰ্শনৰ প্ৰৱৰ্তক কপিল মুনিৰ নামৰ পৰা নদীখনৰ নামৰ উৎপত্তি হৈছে।

গতিপথসম্পাদনা কৰক

অসম-মেঘালয়ৰ সীমান্তৰ মেঘালয় মালভূমি আৰু বৰাইল পৰ্বতৰ পৰা কপিলী নদীৰ উৎপত্তি হৈছে। মেঘালয়ৰ পৰা ই অসমৰ পাৰ্বত্য জিলা আৰু মধ্য অসমৰ মাজেৰে বৈ গৈ ব্ৰহ্মপুত্ৰত পৰিছে। কপিলী নদী অসমৰ ডিমা হাছাও জিলা, পশ্চিম কাৰ্বি আংলং জিলা, কাৰ্বি আংলং জিলা, হোজাই জিলা, নগাঁও জিলা, মৰিগাঁও জিলা আৰু কামৰূপ মহানগৰ জিলাৰ মাজেৰে বৈ গৈছে।[2] নদীখনৰ মুঠ দৈৰ্ঘ্য ২৯০ কিলোমিটাৰ (১৮০ মাইল) আৰু ইয়াৰ অৱবাহিকাৰ মাটিকালি ১৬,৪২ বৰ্গ কিলোমিটাৰ (৬,৩৪০ বৰ্গ মাইল)। ইয়াৰ গতপথত কেইবাটাও জলপ্ৰপাত আছে। নগাওঁ জিলাৰ সমভূমিলৈ প্ৰৱেশ কৰাৰ আগগৈ কপিলী প্ৰায় ১২০ কিলোমিটাৰ ঠেক পাহাৰীয়া গড়াৰ মাজেৰে তীব্ৰ গতিৰে প্ৰবাহিত হয়।[1][3]

জলবিদ্যুৎ প্ৰকল্পসম্পাদনা কৰক

 
খানদং বান্ধ

কপিলী নদীৰ ওপৰত অসমৰ ডিমা হাছাও জিলা আৰু মেঘালয়ৰ জয়ন্তীয়া পাহাৰ জিলাত অৱস্থিত আৰু উত্তৰ পূৱ বৈদ্যুতিক শক্তি নিগমৰ দ্বাৰা পৰিচালিত কপিলী জল বিদ্যুৎ প্ৰকল্প অৱস্থিত। এই প্ৰকল্পৰ অধীনত খানদং আৰু উমৰাংছু বান্ধ আৰু ইহঁতৰ জলাধাৰ আছে। তিনিটা শক্তিগৃহ যুক্ত এই প্ৰকল্পৰ মুঠ ক্ষমতা ২৭৫ মেগাৱাট। ১৯৭৫ চনত সম্পূৰ্ণ হোৱা কামৰূপ জিলাৰ কপিলী প্ৰৱাহ জলসিঞ্চন আঁচনিখনে ১৪খন ৰাজহ গাঁৱৰ ১,৩০০ হেক্টৰ (৩,২০০ একৰ) ভূমিত জলসিঞ্চন প্ৰদান কৰে।[4]

প্ৰদূষণসম্পাদনা কৰক

কপিলী নদীত প্ৰায় ৫৪টা প্ৰজাতিৰ মাছ আছে।[2] মেঘালয়ৰ কপিলীৰ উদ্গমস্থলত অবৈজ্ঞানিক পদ্ধতিৰে কয়লাৰ মুক্ত খননৰ ফলত নদীখনত অম্লীয়কৰণ হৈছে। ইয়াৰ ফলত নদীখনৰ বাওঁ অংশ জৈৱিক ভাৱে মৃতপ্ৰায় অৱস্থা লাভ কৰিছে। ইয়াৰ পানী মানুহৰ ব্যৱহাৰৰ বাবে অনুপযুক্ত। জয়ন্তীয়া পাহাৰত ঘটা অবৈধ কয়লাৰ খনৰ ফলত যান্ত্ৰিক বিজুতিৰ আকাংশাত কপিলী জলবিদ্যুৎ প্ৰকল্পৰ জলবিদ্যুৎ উৎপাদন সঘনে বন্ধ কৰিবলগীয়া হয়।[5][6][7]

তথ্য উৎসসম্পাদনা কৰক

  1. 1.0 1.1 Mahanta, Kashyap (November–December 2012). "Structural Formation & Seismicity of Kopili Fault Region in North- East India and Estimation of Its Crustal Velocity". International Journal of Modern Engineering Research খণ্ড 2 (6): 4699–4700. 
  2. 2.0 2.1 Das, Bubul (May 2012). "A Comparison of Fish Diversity of Kopili and Jamuna Rivers of Karbi Anglong District, Assam". The Science Probe. 1 খণ্ড 1: 22–23. http://thesciprobe.com/files/documents/5.-A-Comparison-of-Fish-Diversity-of-Kopili-and-Jamuna-Rivers%E2%80%A6.pdf। আহৰণ কৰা হৈছে: 18 September 2013. 
  3. "Jaintia Hills". Encyclopædia Britannica. http://www.britannica.com/EBchecked/topic/1512519/Kopili-River। আহৰণ কৰা হৈছে: 18 September 2013. 
  4. "GUWAHATI WEST DIVISION (IRRIGATION), ULUBARI, GUWAHATI-8". http://kamrup.nic.in/irri.htm। আহৰণ কৰা হৈছে: 18 September 2013. 
  5. "Two Kopili power units shut down - Mining in Jaintia Hills affects machines". The Telegraph. 20 June 2013. http://www.telegraphindia.com/1130620/jsp/northeast/story_17025213.jsp#.UjnhKdLQkYo। আহৰণ কৰা হৈছে: 18 September 2013. 
  6. "'Black gold' kills rivers, stains state poll canvas". The Hindustan Times. 21 February 2013. http://www.hindustantimes.com/News-Feed/NEPolls/Black-gold-kills-rivers-stains-state-poll-canvas/Article1-1015376.aspx। আহৰণ কৰা হৈছে: 18 September 2013. 
  7. "Concern over contamination of Kopili water". The Assam Tribune. 20 June 2012. http://www.assamtribune.com/scripts/detailsnew.asp?id=jun2012/state06। আহৰণ কৰা হৈছে: 18 September 2013.