বৰাইল পৰ্বত (ইংৰাজী: Borail Range) উত্তৰ-পূব ভাৰতৰ এখন অন্যতম বিশাল পৰ্বতমালা। এই পৰ্বতমালা অসম তথা মণিপুৰ আৰু নাগালেণ্ডৰ কিছু অঞ্চল জুৰি বিস্তৃত (দ্ৰাঘিমাংশ ৯৩.১৫০০°, অক্ষাংশ ২৫.১৫০০°)। এই পৰ্বত প্ৰধানতঃ অসমৰ ডিমা-হাছাও জিলাত অৱস্থিত আৰু ই হৈছে অসমৰ আটাইতকৈ ওখ আৰু দীঘল পাহাৰ (বা পৰ্বত)। এই পৰ্বত হৈছে বিশাল হিমালয় পৰ্বতমালাৰ অংশ বিশেষ।[1][2] বৰাইল পৰ্বত মালাৰ সৰ্বোচ্চ উচ্চতা সমুদ্ৰ পৃষ্ঠৰ পৰা ১৯০০ মিটাৰতকৈও অধিক আৰু সৰ্বনিম্ন উচ্চতা সমুদ্ৰ পৃষ্ঠৰ পৰা ১০০ মিটাৰতকৈও কম। ইয়াৰ সৰ্বোচ্চ শৃংগ লাইকেইৰ উচ্চতা ১৯৫৯ মিটাৰ।[3]

বৰাইল
উচ্চতম শিখৰ
উচ্চতা 1,959 মিটাৰ (6,427 ফুট)
পৰিধি
নামকৰণ
ভৌগোলিক বিৱৰণ
Map
দেশ ভাৰত
ৰাজ্য অসম, মণিপুৰ, নাগালেণ্ড
ভূতত্ত্ব
পৰ্বতাৰোহন

এই বৰাইল পৰ্বততে বিয়পি আছে সমগ্ৰ বৰাইল অভয়াৰণ্য। বৰাইল পৰ্বত হৈছে বিভিন্ন জীৱ-জন্তু আৰু উদ্ভিদৰ আৱাসস্থল। জৈৱ-বৈচিত্ৰ্যৰ বাবে বিখ্যাত এই সমগ্ৰ অঞ্চল। বৰাইল পৰ্বতৰ প্ৰাকৃতিক আভাই বিভিন্ন দেশী-বিদেশী পৰ্যটকক আকৰ্ষিত কৰি আহিছে। এই পৰ্বতৰ পৰা নিকটতম ডাঙৰ চহৰ হৈছে হাফলং (দূৰত্ব ১৭.২ কিঃ মিঃ)। ইয়াৰ পৰাই উৎপত্তি হৈছে দক্ষিণ অসমৰ বৃহৎ নদী বৰাকৰ।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক