কবীৰ এগৰাকী সন্ত, উত্তৰভাৰতৰ এগৰাকী ধৰ্মগুৰু।

পৰিচয়সম্পাদনা কৰক

১৩৯৮ খৃষ্টাব্দৰ জেঠ মাহৰ পূৰ্ণিমা তিথিত কবীৰে কাশী (বৰ্তমানৰ বাৰাণসী)-ৰ লহৰতাৰা নামে ঠাইত জন্ম গ্ৰহণ কৰিছিল; আৰু ১৫১৮ খৃষ্টাব্দৰ মাঘ মাহত কাশীৰ ওচৰৰ মগহৰ নামে এক গাৱঁত দেহত্যাগ কৰিছিল। কৰীৰৰ জন্ম বৃত্তান্ত সম্বন্ধে অনেক আশ্চৰ্যজনক কাহিনীৰ প্ৰচলন আছে। কোনোৰ মতে কবীৰ আছিল মুছলমানৰ সন্তান। কোনোৱে কয় তেওঁ মুছলমানৰ দ্বাৰা পালিত। কোনোৰ মতে তেওঁ ব্ৰাহ্মণীৰ সন্তান। মুঠতে তেওঁৰ জন্ম ৰহস্যৰ মাজতে আছে। তথাপি কবীৰৰ পাৰিবাৰিক জীৱন সম্পৰ্কে যিসমূহ কথা পোৱা যায়, সেই অনুসৰি তেওঁৰ পিতাকৰ নাম আছিল নীৰু আৰু মাকৰ নাম আছিল নীমা। লোঈ আছিল তেওঁৰ পত্নী। কবীৰৰ এটি লৰা আৰু এজনী ছোৱালী আছিল– তেওঁলোকৰ নাম ৰাখিছিল ক্ৰমে— কমাল আৰু কমালী। কবীৰৰ পৈতৃক ব্যৱসায় আছিল কাপোৰ বোৱা, আৰু এই ব্যৱসায়ৰ দ্বাৰা পৰিয়ালক ভৰণ-পোষণ দিছিল। কথিত আছে যে কবীৰৰ দেহত্যাগৰ পাচত তেওঁৰ মৃতদেহ লৈ হিন্দু আৰু মুছলমান শিষ্যবিলাকৰ ভিতৰত এক অপূৰ্ব হাই-কাজিয়াৰ সৃষ্টি হৈছিল। হিন্দু শিষ্যবিলাকে তেওঁৰ দেহ অগ্নিত দাহ দিবলৈ বিচাৰিছিল আৰু মুছলমান শিষ্যবিলাকে কবৰ দিবলৈ বিচাৰিছিল। ইয়াকে লৈ এক ভীষণ সমস্যা হৈছিল। প্ৰবাদ আছে যে ঠিক সেই সময়তে কবীৰে বোলে নিজেই হেনো স্বয়ং উপস্থিত হৈ সেই সমস্যাৰ সমাধান কৰিবলৈ শিষ্যবিলাকক মৃতদেহৰ পৰা চাদৰখন উঠাই দিবলৈ কলে। এজন শিষ্যই যেতিয়া কবীৰৰ মৃতাত্মাই কোৱা মতে মৃতদেহৰ ওপৰত ঢাকি থোৱা চাদৰখন তুলিলে, তেতিয়া দেখি সকলোৱেই বিস্ময় মানিলে যে শ নাই, আছে কেৱল কিছুমান ফুল! এই ঘটনাৰ পাচত তাৰে আধাখিনি ফুল হিন্দু শিষ্যবিলাকে নি অগ্নিত দাহ দিলেগৈ, আৰু বাকী আধাখিনি ফুল মুছলমান শিষ্যবিলাকে নি কবৰ দিলেগৈ।

কবীৰৰ ধৰ্মসম্পাদনা কৰক

মধ্যযুগত গঢ় লৈ উঠা সৰ্বভাৰতীয় ভক্তি আন্দোলনৰ এগৰাকী মহাপুৰুষ বা সন্ত হিচাপে কবীৰক গণ্য কৰা হয়। কবীৰ প্ৰথমে বিখ্যাত বৈষ্ণৱ সাধু ৰামানন্দৰ এজন অতি প্ৰিয় শিষ্য আছিল, পাচত তেওঁ নিজেই এক বেলেগ মত প্ৰচাৰ কৰিলে। কবীৰৰ প্ৰচাৰিত ধৰ্ম্ম পাচত ‘কবীৰ ধৰ্ম” নামে অভিহিত হল। কবীৰৰ নামত প্ৰচলিত প্ৰায় আঠ শতাধিক পদ বা দোহা পোৱা যায়। সেইসমূহত বিভিন্ন সজ আৰু নৈতিকতামূলক বাণী প্ৰকাশিত হৈছে।

তথ্য উৎসসম্পাদনা কৰক

কবীৰ গ্ৰন্থাৱলী (হিন্দী) সম্পাদনা- কমলাপতি পাণ্ডে সুভদ্ৰা প্ৰকাশন, নতুন দিল্লী, ২০১৫, ISBN 978-81-88459-92-6