কমফোৰ্ট ৱুমেন বা কমফোৰ্ট গাৰ্ল (ইংৰাজী: Comfort Women) আছিল দ্বিতীয় বিশ্বযুদ্ধৰ পূৰ্বে আৰু সাম্ৰাজ্যবাদী জাপানী সেনাই দখল কৰা দেশ আৰু ভূখণ্ডত যৌন দাসত্বত আকোৱালি ল’বলৈ বাধ্য কৰোৱা মহিলা আৰু ছোৱালী। [2] [3] "কমফোৰ্ট ৱ’মেন" শব্দটো জাপানী ইয়ানফু শব্দৰ (慰安婦)ৰ অনুবাদ, [4] যাৰ আক্ষৰিক অৰ্থ হৈছে "সুখ, সান্ত্বনা দিয়া মহিলা"। [5]

কমফোৰ্ট ৱুমেন

বাৰ্মাৰ মিইটকনা ঘেৰাও কৰাৰ পিছত আমেৰিকান সেনাই কোৰিয়াৰ পৰা অহা ‘কমফোৰ্ট ৱ’মেন’সকলক সোধাপোচা কৰিছে, ১৪ আগষ্ট ১৯৪৪[1]
স্থানীয় নাম জাপানী: 慰安婦, ianfu
তাৰিখ ১৯৩২-১৯৪৫
স্থান এছিয়া
অন্য নাম ৰাজকীয় জাপানী সৈন্যবাহিনীত যৌন দাসত্ব


কিমানগৰাকী মহিলা ইয়াৰ সৈতে জড়িত আছিল সেই সম্পৰ্কে বেলেগ বেলেগ অনুমান কৰা হয়। বেছিভাগ ইতিহাসবিদৰ মতে কমফোৰ্ট ৱুমেনৰ সংখ্যা ৫০,০০০–২০০,০০০ৰ ভিতৰত;[8] সঠিক সংখ্যাৰ ওপৰত এতিয়াও গৱেষণা আৰু বিতৰ্ক চলি আছে। [6] [7] বেছিভাগ মহিলাই কোৰিয়া, চীন আৰু ফিলিপাইনছকে ধৰি অধীকৃত দেশৰ আছিল। সামৰিক "কমফোৰ্ট ষ্টেচন"ৰ বাবে ব্যৱহাৰ কৰা মহিলাসকলো বাৰ্মা, থাইলেণ্ড, ফৰাচী ইণ্ডোচাইনা, মালয়, মানচুকুও, টাইৱান (তেতিয়াৰ জাপানৰ ওপৰত নিৰ্ভৰশীল দেশ), ডাচ ইষ্ট ইণ্ডিজ, পৰ্তুগীজ টিম’ৰ, [8] পাপুৱা নিউ গিনি [9] ( কিছুমান জাপানী-পাপুৱানকে ধৰি) [10] আৰু অন্যান্য জাপান অধীকৃত ভূখণ্ডৰ পৰা আহিছিল। [11] জাপান, চীন, ফিলিপাইনছ, ইণ্ডোনেছিয়া, মালয়, থাইলেণ্ড, বাৰ্মা, নিউ গিনি, হংকং, মাকাউ আৰু ফৰাচী ইণ্ডোচাইনাত কমফোৰ্ট ষ্টেচনসমূহ অৱস্থিত আছিল। [12] নেদাৰলেণ্ড [13] আৰু অষ্ট্ৰেলিয়াৰো কম সংখ্যক ইউৰোপীয় মূলৰ মহিলা ইয়াত জড়িত হৈ পৰিছিল; য’ত ডাচ্চ মহিলাৰ সংখ্যাই প্ৰায় ২০০–৪০০ আছিল। [14] আন ইউৰোপীয় মহিলাৰ সংখ্যা অজ্ঞাত।

মূলতঃ যুদ্ধকালীন ধৰ্ষণৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰিবলৈ, যিটো অধীকৃত ভূখণ্ডত জাপান বিৰোধী আৱেগ বৃদ্ধিৰ কাৰণ আছিল আৰু সৈনিকসকলক যৌন চাহিদা পূৰণ কৰিবলৈ এই বেশ্যালয়সমূহ স্থাপন কৰা হৈছিল। [15] কিন্তু ধৰ্ষণ আৰু যৌন ৰোগ হ্ৰাস কৰাৰ লক্ষ্য থকাৰ পিছতো কমফোৰ্ট ষ্টেচনসমূহে ধৰ্ষণক আৰু অধিক ভয়াৱহ কৰি তুলিছিল আৰু যৌন ৰোগৰ বিস্তাৰ বৃদ্ধি কৰিছিল। [16] বহু মহিলাক জোৰ-জবৰদস্তি কৰা হৈছিল বেশ্যালয়ত কাম কৰিবলৈ। সাক্ষ্য অনুসৰি সাম্ৰাজ্যবাদী জাপানী শাসনৰ অধীনত থকা দেশসমূহত কিছুমান যুৱতীক ঘৰৰ পৰা অপহৰণ কৰা হৈছিল। জাপানী মহিলাসকল প্ৰথমে সামৰিক বেশ্যালয়ৰ দাসত্বৰ বলি হৈছিল আৰু সমগ্ৰ জাপান, অ’কিনাৱা, জাপানৰ উপনিবেশ আৰু অধীকৃত ভূখণ্ড আৰু বিদেশৰ যুদ্ধক্ষেত্ৰ সমূহলৈ সৰবৰাহ কৰা হৈছিল। বহু ক্ষেত্ৰত সামৰিক বাহিনীৰ বাবে মহিলা ক্ৰয় কৰাৰ দায়িত্ব দিয়া স্থানীয় মধ্যভোগীয়ে তেওঁলোকক কাৰখানা বা ৰেষ্টুৰেণ্টত কাম কৰাৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰিছিল। কিছুমান ক্ষেত্ৰত সমতা আৰু মহিলাৰ বাবে উচ্চ শিক্ষাৰ পৃষ্ঠপোষকতাৰ অপপ্ৰচাৰ চলোৱা হৈছিল। আন আন প্ৰলোভনৰ ভিতৰত আছিল আউটপোষ্ট বা জাপানী সেনা ঘাটিত নাৰ্চৰ চাকৰিৰ বাবে ভুৱা বিজ্ঞাপন। এবাৰ নিযুক্তি পোৱাৰ পিছত তেওঁলোকক নিজৰ দেশৰ বা বিদেশৰ কমফোৰ্ট ষ্টেচনত আবদ্ধ কৰি ৰখা হৈছিল। কমফোৰ্ট ৱ’মেনৰএক উল্লেখযোগ্য সংখ্যক মহিলা নাবালক আছিল। [17]

তথ্য উৎস সম্পাদনা কৰক

  1. Psychological Warfare Team Attached to U.S. Army Forces India-Burma Theater APO 689 (October 1, 1944). Japanese Prisoner of War Interrogation Report No. 49 (Report). National Archives and Records Administration. http://www.exordio.com/1939-1945/codex/Documentos/report-49-USA-orig.html. 
  2. The Asian Women's Fund. "Who were the Comfort Women?-The Establishment of Comfort Stations". Digital Museum The Comfort Women Issue and the Asian Women's Fund. The Asian Women's Fund. http://www.awf.or.jp/e1/facts-01.html। আহৰণ কৰা হৈছে: August 8, 2014. 
  3. The Asian Women's Fund. "Hall I: Japanese Military and Comfort Women". Digital Museum The Comfort Women Issue and the Asian Women's Fund. The Asian Women's Fund. http://awf.or.jp/e1/facts-00.html। আহৰণ কৰা হৈছে: August 12, 2014. "...'wartime comfort women' were those who were taken to former Japanese military installations, such as comfort stations, for a certain period during wartime in the past and forced to provide sexual services to officers and soldiers." 
  4. Soh 2009, p. 69 "It referred to adult female (fu/bu) who provided sexual services to "comfort and entertain" (ian/wian) the warrior...
  5. "The Origins and Implementation of the Comfort Women System". December 14, 2018. https://www.e-ir.info/2018/12/14/the-origins-and-implementation-of-the-comfort-women-system/. 
  6. Asian Women's Fund, পৃষ্ঠা 10–11
  7. Huang 2012, p. 206 "Although Ianfu came from all regions or countries annexed or occupied by Japan before 1945, most of them were Chinese or Korean. Researchers at the Research Center of the Chinese Comfort Women Issue of Shanghai Normal University estimate that the total number of comfort women at 360,000 to 410,000."
  8. Coop, Stephanie (December 23, 2006). "Japan's Wartime Sex Slave Exhibition Exposes Darkness in East Timor". Japan Times. http://www.japanfocus.org/-Stephanie-Coop/2300. 
  9. ""Japanese Troops Took Locals as Comfort Women": International". September 21, 1999. Archived from the original on April 14, 2021. https://web.archive.org/web/20210414024738/http://www.pireport.org/articles/1999/09/21/japanese-troops-took-locals-comfort-women-international. 
  10. The Consolation Unit: Comfort Women at Rabaul Archived June 10, 2007, at the Wayback Machine, Hank Nelson, The Australian National University–Research School of Pacific and Asian Studies, retrieved October 26, 2009
  11. Reuters 2007-03-05.
  12. "Documents detail how Imperial military forced Dutch females to be 'comfort women'". Japan Times. October 7, 2013. http://www.japantimes.co.jp/news/2013/10/07/national/documents-detail-how-imperial-military-forced-dutch-females-to-be-comfort-women/#.WLdzKRiZM19. 
  13. ""Comfort Woman" Ellen van der Ploeg passed away". Archived from the original on January 5, 2016. https://web.archive.org/web/20160105033245/http://www.janbanning.com/comfort-woman-ellen-van-der-ploeg-passed-away/। আহৰণ কৰা হৈছে: January 1, 2016. 
  14. Gottschall, Jonathan (May 2004). "Explaining wartime rape". Journal of Sex Research খণ্ড 41 (2): 129–36. doi:10.1080/00224490409552221. PMID 15326538. https://pubmed.ncbi.nlm.nih.gov/15326538/। আহৰণ কৰা হৈছে: September 12, 2020. 
  15. Norma, Caroline (2015). The Japanese Comfort Women and Sexual Slavery during the China and Pacific Wars (War, Culture and Society). প্ৰকাশক London: Bloomsbury Academic. পৃষ্ঠা. 1. ISBN 978-1472512475. 
  16. "Press Conference: Latest research on Japan's military sexual slavery ("comfort women")". April 17, 2007. Archived from the original on August 16, 2020. https://web.archive.org/web/20200816055134/https://apjjf.org/data/2007_press_conference.pdf. 
  17. Argibay 2003, পৃষ্ঠা 376

বাহ্যিক সংযোগ সম্পাদনা কৰক