কলাত খানত
কলাত খানত (ইংৰাজী: Khanate of Kalat) আছিল এখন ব্ৰাহুই খানত, যি পাকিস্তানৰ আধুনিক কালৰ বেলুচিস্তান প্ৰদেশৰ কেন্দ্ৰস্থলত গঠন হৈছিল। ১৬৬৬ চনত এই অঞ্চলত মোগল সম্প্ৰসাৰণৰ ভাবুকিৰ প্ৰতিক্ৰিয়া স্বৰূপে গঠন হোৱা এই ৰাজ্যখনে [2][3] ১৮ শতিকাৰ মাজভাগত পশ্চিমে কেৰমানৰ পৰা পূবে সিন্ধলৈকে আৰু উত্তৰে হেলমণ্ড নদীৰ পৰা দক্ষিণে আৰব সাগৰলৈকে সৰ্বাধিক বিস্তৃত হৈ বেলুচিস্তানক নিয়ন্ত্ৰণ কৰিছিল।[4] ১৯ শতিকাৰ আৰম্ভণিতে কলাত খানতে কাজাৰ ইৰাণ আৰু আফগানিস্তানৰ আমীৰশ্বাহীৰ হাতত যথেষ্ট অঞ্চল হেৰুৱায় [4] আৰু ১৮৩৯ চনত কলাত চহৰখন ব্ৰিটিছে নিজেই লুণ্ঠন কৰে।
কলাত খানত کلاتءِ ھانات ، خانات کلات
|
||||
---|---|---|---|---|
ৰাজধানী | Kalat | |||
Common languages | ব্ৰাহুই, বালুচী, পাৰ্চী, (প্ৰশাসনীয়),[1] জাটকি, দেৱাৰী | |||
চৰকাৰ | বংশানুক্ৰমিক ৰাজতন্ত্ৰ | |||
- | খান | আহমদ য়াৰ খান |
১৮৭৫ চনত কলাত খান আৰু ব্ৰাহুই চৰ্দাৰসকলে কলাতৰ সন্ধিপত্ৰত স্বাক্ষৰ কৰাৰ পিছত ব্ৰিটিছ ভাৰতৰ সৈতে সহযোগী মিত্ৰতাত আৱদ্ধ হৈ কলাত এখন স্বশাসিত ৰাজ্যত পৰিণত হয় আৰু বেলুচিস্তান এজেন্সীয়ে কলাতৰ তত্বাৱধানৰ দায়িত্ব লয়। [5] ১৯৪৭ চনৰ ১২ আগষ্টৰ পৰা ১৯৪৮ চনৰ ২৭ মাৰ্চলৈকে কলাত কিছু দিনৰ বাবে বাবে স্বাধীন আছিল। তাৰ শাসক আহমদ য়াৰ খান পাকিস্তানত যোগদান কৰাৰ পাছত ই পাকিস্তানৰ অন্যতম দেশীয় ৰাজ্য হিচাপে পৰিগণিত হয়।
মূল
সম্পাদনা কৰককলাত খানত বেলুচিস্তানৰ ইতিহাসত প্ৰথম ঐক্যবদ্ধ ৰাজনীতি আছিল।[4] ১৬৬৬ চনত ব্ৰাহুইস্তানৰ স্থানীয় যাযাবৰী ব্ৰাহুই জনগোষ্ঠীৰ সংঘৰ পৰা ইয়াৰ জন্ম হৈছিল, যিয়ে প্ৰথম মীৰ আহমদ খানৰ অধীনত মোগলৰ আধিপত্যৰ বিৰুদ্ধে স্বাধীনতা ঘোষণা কৰিছিল[4] আৰু লাহে লাহে এই অঞ্চলৰ বেলুচ ৰাজ্যসমূহ দখল কৰি কৰিছিল।
যোগদান
সম্পাদনা কৰক১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৪৮ চনৰ ২৭ মাৰ্চলৈকে কলাত সম্পূৰ্ণৰূপে স্বাধীন হৈ থাকে আৰু অৱশেষত ইয়াৰ শাসক আহমদ য়াৰ খানে (১৯০৪–১৯৭৯) পাকিস্তানত যোগদান কৰে। য়াৰ খানেই আছিল পাকিস্তানত যোগদান কৰা শেষ শাসক। [6] এই সময়ছোৱাত নিৰ্বাচন অনুষ্ঠিত হয় আৰু দ্বি-সদনীয় সংসদ গঠন কৰা হয়। [7][8] ২৭ মাৰ্চৰ নিশা অল ইণ্ডিয়া ৰেডিঅ'ই প্ৰায় ফেব্ৰুৱাৰী মাহত য়াৰ খানে ভাৰতত যোগদানৰ অনুৰোধৰ অসফল প্ৰয়াসৰ এটা কাহিনী প্ৰচাৰ কৰে। [9] পিছদিনা পুৱা য়াৰ খানে ৰাজহুৱা সম্প্ৰচাৰ যোগে ইয়াৰ সত্যতাক নাকচ কৰে আৰু তাৎক্ষণিকভাৱে পাকিস্তানত যোগদানৰ ঘোষণা কৰে। [9]
দুষ্কা এইচ ছায়েদে জোৰ দি কয় যে খাৰন, লাছ বেলা আৰু মাক্ৰানৰ বিলয়ৰ লগে লগে য়াৰ খানে তেওঁৰ সকলো দৰদামৰ সুবিধা হেৰুৱাই পেলাইছিল আৰু যাৰবাবে কলাত দ্বীপ হিচাপে ৰৈ গৈছিল। [9] ছলমান ৰফি শ্বেখ ছায়েদৰ মূল্যায়নৰ সৈতে বহুলাংশে একমত: আন একাধিক কলাত চৰ্দাৰে পাকিস্তানত যোগদান কৰিবলৈ সাজু হৈছিল আৰু য়াৰ খানৰ হাতত বিশেষ কোনো ভূখণ্ড বাকী নাথাকিলহেঁতেন, যদিহে তেওঁ সন্মতি নিদিলেহেঁতেন।[10]
১৯৫২ চনৰ ৩ অক্টোবৰত কলাত ৰাজ্যখনে তিনিখন চুবুৰীয়া ৰাজ্য খাৰন, লাছ বেলা আৰু মাক্ৰানৰ সৈতে বেলুচিস্তান ষ্টেটচ্ ইউনিয়নৰ অন্তভূক্ত হয় আৰু কলাতৰ য়াৰ খান ‘খান-ই-আজম’ উপাধিৰে ইউনিয়নৰ মুৰব্বী হয়। ১৯৫৫ চনৰ ১৪ অক্টোবৰত খানতৰ অন্ত পৰে, যেতিয়া ইয়াক পশ্চিম পাকিস্তানত অন্তৰ্ভুক্ত কৰা হয়। [6]
টোকা
সম্পাদনা কৰকতথ্যউৎস
সম্পাদনা কৰক- ↑ Spooner, Brian (2011). "10. Balochi: Towards a Biography of the Language". In Schiffman, Harold F.. Language Policy and Language Conflict in Afghanistan and Its Neighbors. Brill. পৃষ্ঠা. 320. ISBN 978-9004201453. "The medium of administration in this state, which became known as the Khanate of Kalat, was Persian, as was customary down to the 19th century throughout south and central Asia and beyond (see Spooner, this volume)."
- ↑ "Treaty of Kalat between Balochistan and Afghanistan in 1758". http://www.uob.edu.pk/journals/TREATY%20OF%20KALAT%201758%20BETWEEN%20QANDHAR%20AND%20KALAT%20AND%20ITS%20IMPACTS.pdf। আহৰণ কৰা হৈছে: 29 December 2015.
- ↑ "Baluchistan" Imperial Gazetteer of India Vol. 6, p. 277, from the Digital South Asia Library, accessed 15 January 2009
- ↑ 4.0 4.1 4.2 4.3 "Encyclopædia Iranica". BRAHUI. https://www.iranicaonline.org/articles/brahui। আহৰণ কৰা হৈছে: 4 October 2024.
- ↑ "Balochistan Archives – Records of the Agent to the Governor General in Balochistan". http://balochistanarchives.gob.pk/AGG-Balochistan-Records। আহৰণ কৰা হৈছে: 31 July 2015.
- ↑ 6.0 6.1 Siddiqi 2012, পৃষ্ঠা. 58–62.
- ↑ Harrison, Selig S. (1981), In Afghanistan's Shadow: Baluch Nationalism and Soviet Temptations, Carnegie Endowment for International Peace, p. 24, ISBN 978-0-87003-029-1, https://books.google.com/books?id=LLnCAAAAIAAJ, "Pakistani leaders summarily rejected this declaration [of independence], touching off a nine-month diplomatic tug of war that came to a climax in the forcible annexation of Kalat... But it is clear that Baluch leaders, including the Khan, were bitterly opposed to what happened... Moreover, the Pakistani version of the accession debate is discredited by a study of the discussion of the Kalat Assembly on the accession issue and by interviews with a variety of Baluch leaders that confirm the authenticity of the official assembly proceedings."
- ↑ Amirali, Alia (2015), "Balochistan: A Case Study of Pakistan's Peacemaking Praxis (Volume III)", in Rita Manchanda, SAGE Series in Human Rights Audits of Peace Processes, SAGE Publications, pp. 22–23, ISBN 978-93-5150-213-5, https://books.google.com/books?id=bipPDAAAQBAJ&pg=RA2-PA22, "Seven months later, on 27 March 1948, Kalat acceded to Pakistan. Whether it was a willing accession or a coerced one is a disputed matter, with pro-state historians arguing that the Khan willingly made the decision to accede, and nationalist scholars maintaining that Balochistan was annexed. However, what is certain is that it was an unpopular decision, and sparked the first revolt led by the Khan of Kalat's brother (see also the next section in this chapter). The Pakistan Army, which had already been sent in to Kalat, put down the rebellion."
- ↑ 9.0 9.1 9.2 Saiyid, Dushka H (2006). "The Accession of Kalat: Myth and Reality". Strategic Studies খণ্ড 26 (3): 26–45. ISSN 1029-0990. https://www.jstor.org/stable/45242356.
- ↑ IDSA News Review on South Asia/Indian Ocean. Institute for Defence Studies and Analyses. 1987. পৃষ্ঠা. 80. https://books.google.com/books?id=WVw8AAAAMAAJ.
অধিক জানিবলৈ পঢ়ক
সম্পাদনা কৰক- সাঁচ:EI3
- Breseeg, Taj Mohammad (2004) (English ভাষাত). Baloch Nationalism: Its Origin and Development. Royal Book Company. ISBN 978-969-407-309-5. https://books.google.com/books?id=cw0DHAAACAAJ.
- Siddiqi, Farhan Hanif (2012), The Politics of Ethnicity in Pakistan: The Baloch, Sindhi and Mohajir Ethnic Movements, Routledge, ISBN 978-0-415-68614-3, https://books.google.com/books?id=tDb6i9x1FKgC
বাহ্যিক সংযোগ
সম্পাদনা কৰক- Swidler, N. (1972) "The Development of the Kalat Khanate Archived 31 July 2013 at the Wayback Machine" Journal of Asian and African Studies 7: pp. 115–21
- Kalat District – Planning and Development Department of Balochistan Government
- Genealogy of the Khans of Kalat