চৰকাৰ
চৰকাৰ (ইংৰাজী: Government) হ'ল কোনো দেশৰ সৰ্বোচ্চ সংস্থা তথা কৰ্তৃপক্ষ যাৰ মাধ্যমৰে দেশখনৰ শাসন কাৰ্য পৰিচালিত হয়। গণতান্ত্ৰিক শাসন ব্যৱস্থাত চৰকাৰ জনসাধাৰণৰ নিৰ্বাচিত প্ৰতিনিধি, যেনে সংসদীয় সদস্যৰ দ্বাৰা গঠিত হয়। চৰকাৰৰ মৌলিক দায়িত্ব জনসাধাৰণৰ অভিপ্ৰায় অনুযায়ী দেশৰ নিৰাপত্তা বিধান কৰা, সমাজৰ শান্তি বজায় ৰখা, মানুহৰ সা-সম্পত্তি ৰক্ষা কৰা আৰু বিবাদৰ ক্ষেত্ৰত বিচাৰকাৰ্য পৰিচালনা কৰা। চৰকাৰে ইয়াৰ ওপৰত আৰোপিত দায়িত্বসমূহ পালনৰ স্বাৰ্থত ৰাজহ আহৰণ কৰে আৰু শাসনকাৰ্য পৰিচালনা তথা উন্নয়নমূলক কামৰ বাবে সেয়া ব্যয় কৰে।[1]
যদিও সকল ধৰণেৰ সংস্থাৰে শাসন ব্যৱস্থা থাকে, সাধাৰণত "চৰকাৰ" শব্দটিৰ দ্বাৰা সাৰ্বভৌম ৰাষ্ট্ৰক পৰিচালনা কৰা সংস্থাটোকহে বুজোৱা হয়।[2] চৰকাৰ স্থানীয়, ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় হ'ব পাৰে। চৰকাৰৰ আকাৰ অঞ্চল বা উদ্দেশ্য অনুযায়ী ভিন্ন ভিন্ন হয়।
শ্ৰেণীবিভাজন
সম্পাদনা কৰকচৰকাৰৰ চৰিত্ৰৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰৰ শ্ৰেণীবিভাজন কৰা হয়। সেয়েহে কোৱা হয়- চৰকাৰৰ শ্ৰেণীবিভাজন মানেই ৰাষ্ট্ৰৰ শ্ৰেণীবিভাজন। গ্ৰীক দাৰ্শনিক প্লেটোৱে চৰকাৰৰ শ্ৰেণীবিভাজনৰ সূচনা কৰিছিল। প্লেটোৰ পাছত এৰিষ্ট'টলে চৰকাৰক কেইবাটাও শ্ৰেণীত বিভাজন কৰিছিল। প্লেটো আৰু এৰিষ্ট'টলে চৰকাৰক শাসকৰ সংখ্যা আৰু লক্ষ্যৰ ভিত্তিত ভাগ কৰিছে:[3]
|
|
সেইসময়ৰ চিন্তাবিদসকলে গণতন্ত্ৰক ভাল চৰকাৰ বুলি বিবেচনা কৰা নাছিল। বৰ্তমানে ৰাজতন্ত্ৰ আৰু অভিজাততন্ত্ৰই ক্ৰমাৎ প্ৰাসংগিকতা হেৰুৱাইছে। বৰ্তমান বিশ্বৰ বেছিভাগ ৰাষ্ট্ৰৰ শাসন গণতান্ত্ৰিক। কিছু দেশত ৰজা বা ৰাণী আছে যদিও সেয়া মূলতঃ পৰম্পৰা ৰক্ষাৰহে প্ৰতীক। ৰজাৰ হাতত বিশেষ একো ক্ষমতা নাথাকে বাবে এই ব্যৱস্থাক সীমিত ৰাজতন্ত্ৰ বোলা হয়।
আধুনিক যুগত মেৰিয়ত, ব্ৰাইচ, লীকককে ধৰি বহুকেইজন পণ্ডিতে চৰকাৰৰ শ্ৰেণীবিভাজন কৰিছে। সেইবোৰৰ ভিতৰত ষ্টিফেন লীককৰ শ্ৰেণী বিভাগ আটাইতকৈ গ্ৰহণযোগ্য বুলি বিবেচিত। লীককে আধুনিক যুগৰ চৰকাৰসমূহক মূলতঃ দুটাভাগত ভগাইছে:
- একনায়কতন্ত্ৰ বা স্বৈৰতন্ত্ৰ (Dictatorship): একনায়কতন্ত্ৰ হৈছে একোজন ব্যক্তি বা এটা ৰাজনৈতিক দলৰ একচ্ছত্ৰী শাসন ব্যৱস্থা।
- গণতন্ত্ৰ (Democracy): গণতন্ত্ৰ হ'ল জনসাধাৰণৰ কল্যাণৰ বাবে জনসাধাৰণে চলোৱা শাসন।
গণতন্ত্ৰৰ সকলো ক্ষমতাৰ উৎস আৰু অধিকাৰী জনসাধাৰণ। প্ৰাচীন গ্ৰীচৰ এথেন্সত প্ৰতক্ষ গণতন্ত্ৰ (Direct Democracy) চলিছিল। জনসাধাৰণে প্ৰতক্ষভাৱে শাসনত অংশগ্ৰহণ কৰিব পাৰিছিল। বৰ্তমানে প্ৰতক্ষ গণতন্ত্ৰ বিভিন্ন কাৰণত সম্ভৱ নোহোৱা হৈছে। আধুনিক যুগত গণতন্ত্ৰত প্ৰতিনিধিৰ যোগেদিহে সৰ্বসাধাৰণে শাসনত অংশগ্ৰহণ কৰিব পাৰে বাবে এনে গণতন্ত্ৰক পৰোক্ষ গণতন্ত্ৰ (Indirect Democracy) বোলে।
লীককে আধুনিক গণতন্ত্ৰক সীমিত ৰাজতন্ত্ৰ বা সাংবিধানিক ৰাজতন্ত্ৰ (Constitutional monarchy) আৰু গণৰাজ্য বা প্ৰজাতন্ত্ৰ (Republic) - এই দুটা ভাগত ভাগ কৰিছে। তেখেতে পুনৰ দুয়োটা প্ৰকাৰকে আকৌ এককেন্দ্ৰীয় (Unitary) আৰু যুক্তৰাষ্ট্ৰীয় (Federal) এই দুই ভাগত ভগাইছে। শেষত এককেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰকো সংসদীয় (Parliamentary) আৰু ৰাষ্ট্ৰপতীয় (Presidential) এই দুভাগত বিভক্ত কৰিছে।
ক্ষমতাৰ কেন্দ্ৰীকৰণ আৰু বিতৰণৰ ওপৰত ভিত্তি চৰকাৰক এককেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় এই দুই শ্ৰেণীত ভাগ কৰা হয়। যি পদ্ধতিৰ চৰকাৰত সকলো ক্ষমতা একমাত্ৰ কেন্দ্ৰীয় চৰকাৰৰ হাতত কেন্দ্ৰীভূত হৈ থাকে অৰ্থাৎ মাত্ৰ এটা কেন্দ্ৰৰ পৰাই শাসন চলে, তেনে চৰকাৰক এককেন্দ্ৰীয় চৰকাৰ বোলা হয়। ইয়াৰ বিপৰীতধৰ্মী চৰকাৰখন হ'ল যুক্তৰাষ্ট্ৰীয় চৰকাৰ। যুক্তৰাষ্ট্ৰীয় চৰকাৰত এখন কেন্দ্ৰীয় চৰকাৰ থকাৰ লগতে কেইবাখনো ৰাজ্য চৰকাৰ থাকে। যুক্তৰাজ্য, ফ্ৰান্স, জাপান, ইটালী আদিৰ চৰকাৰ এককেন্দ্ৰীয়, আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰত, ৰাছিয়া, অষ্ট্ৰেলিয়া আদিৰ চৰকাৰ যুক্তৰাষ্ট্ৰীয়।
সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকাই ইয়াৰ গণতান্ত্ৰিক বৈধতা বিধামণ্ডল বা সংসদৰ পৰা পায়। কাৰ্যপালিকা আৰু বিধামণ্ডল পৰস্পৰ সম্বন্ধিত হয়। এই পদ্ধতিত ৰাষ্ট্ৰৰ মুৰব্বী আৰু চৰকাৰৰ মুৰব্বী বেলেগ বেলেগ হয় অৰ্থাৎ ই এক দ্বৈত্ব মুৰব্বী ব্যৱস্থা। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰী পৰিষদখন প্ৰধান কাৰ্যপালিকা আৰু ৰাষ্ট্ৰপ্ৰধানজন (ৰজা, ৰাণী বা ৰাষ্ট্ৰপতি) নামমাত্ৰ কাৰ্যপালিকাহে। ইয়াৰ বিপৰীতে যি চৰকাৰত ক্ষমতাৰ পৃথক্কৰণ নীতিৰ দ্বাৰা কাৰ্যপালিকা আৰু বিধামণ্ডল দুয়ো নিজৰ নিজৰ ক্ষেত্ৰত স্বাধীন আৰু য'ত কাৰ্যপালিকা বিধানমণ্ডলে ওচৰত দায়বদ্ধ নহয়, তেনে চৰকাৰকে ৰাষ্ট্ৰপতীয় চৰকাৰ বোলে।
বৰ্তমান যুগত জনপ্ৰিয় হৈ পৰা গণতান্ত্ৰিক পদ্ধতিৰ শাসন ব্যৱস্থাৰ চৰকাৰসমূহক এককেন্দ্ৰীয়, যুক্তৰাষ্ট্ৰীয়, সংসদীয়, আৰু ৰাষ্ট্ৰপতীয় এই চাৰিটা ভাগত ভগাব পাৰি।
মানচিত্ৰ
সম্পাদনা কৰক সম্পূৰ্ণ ৰাষ্ট্ৰপতীয় গণৰাজ্য অৰ্ধ-ৰাষ্ট্ৰপতীয় গণৰাজ্য বিধানমণ্ডলত নিৰ্ভৰশীল কাৰ্যকৰী ৰাষ্ট্ৰপতিৰ সৈতে সংসদীয় গণৰাজ্য সংসদীয় গণৰাজ্য সংসদীয় সাংবিধানিক ৰাজতন্ত্ৰ য'ত ৰাষ্ট্ৰশাসকজনে ব্যক্তিগতভাৱে ক্ষমতা প্ৰয়োগ নকৰে (সম্ভৱতঃ আৰক্ষিত ক্ষমতাসমূহক বাদ দি) দ্বৈত্ব ব্যৱস্থাৰ সাংবিধানিক ৰাজতন্ত্ৰ ৰাষ্ট্ৰশাসকজনে ব্যক্তিগতভাৱে ক্ষমতা প্ৰয়োগ কৰে (সচৰাচৰ দুৰ্বল সংসদৰ লগত একেলগে) পূৰ্ণ ৰাজতন্ত্ৰ একক-দলীয় ৰাষ্ট্ৰ যিবোৰ ৰাষ্ট্ৰত চৰকাৰৰ বাবে সাংবিধানিক বিধানসমূহ স্থগিত কৰা হৈছে (যেনে: সামৰিক স্বৈৰতন্ত্ৰ) যিবোৰ ৰাষ্ট্ৰই ওপৰত দিয়া কোনো শ্ৰেণীত নপৰে (যেনে: অন্তৰ্বৰ্তী চৰকাৰ) কোনো চৰকাৰ নাই উল্লখযোগ্য যে বহুকেইখন ৰাষ্ট্ৰই নিজৰ সংবিধান অনুসৰি নিজকে বহু-দলীয় গণৰাজ্য হিচাপে গণ্য কৰে, পিছে বহিৰাগ সংস্থাই সেইবোৰক স্বৈৰতন্ত্ৰ ৰূপে বিবেচনা কৰে। এই তালিকাত ৰাষ্ট্ৰসমূহৰ চৰকাৰৰ সাংবিধানিক প্ৰকাৰটোহে দেখুওৱা হৈছে, ইয়াত গণতন্ত্ৰৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি চৰকাৰসমূহক দেখুওৱা হোৱা নাই। |
পূৰ্ণ গণতন্ত্ৰ ৯–১০ ৮–৯ | ত্ৰুটিপূৰ্ণ গণতন্ত্ৰ ৭–৮ ৬–৭ | মিশ্ৰিত শাসন ৫–৬ ৪–৫ | স্বৈৰতান্ত্ৰিক শাসন ৩–৪ ২–৩ ০–২ |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "government" -- Dictionary.com: cites 3 separate dictionaries
- ↑ International Encyclopedia of the Social & Behavioral Sciences. Elsevier. 2001. ISBN 978-0-08-043076-8.
- ↑ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান: সমাজ বিজ্ঞান (নৱম শ্ৰেণীৰ পাঠ্যপুথি). অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ণ আৰু প্ৰকাশন নিগম লিমিটেড, গুৱাহাটী. ২০১৪. পৃষ্ঠা. ১৩-২১.
- ↑ "Democracy Index 2017 – Economist Intelligence Unit". EIU.com. http://pages.eiu.com/rs/753-RIQ-438/images/Democracy_Index_2017.pdf। আহৰণ কৰা হৈছে: 17 February 2018.