কল্কি ২৮৯৮ এডি

আগন্তুক ভাৰতীয় মহাকাব্যিক কল্পবিজ্ঞান চলচ্চিত্ৰ

কল্কি ২৮৯৮ এডি (ইংৰাজী: KALKI 2898-A.D) হৈছে নাগ অশ্বিনৰ দ্বাৰা লিখিত আৰু পৰিচালিত এখন আগন্তুক ভাৰতীয় মহাকাব্যিক কল্পবিজ্ঞান চলচ্চিত্ৰ। ইয়াৰ প্ৰযোজক হৈছে বৈজয়ন্তি মুভিজৰ সি.অশ্বিনী দত্ত। ছবিখনত প্ৰভাস, অমিতাভ বচ্চন, কমল হাছান, দীপিকা পাডুকন, দিশা পাটানি ইত্যাদিয়ে অভিনয় কৰিছে। এই ছবিখনৰ কাহিনীভাগ হিন্দু প্ৰভু বিষ্ণুৰ দশম অৱতাৰ কল্কিৰ পৰা অনুপ্ৰাণিত।[1]

কল্কি ২৮৯৮ এডি
পৰিচালক নাগ আশ্বিন
ৰচনা নাগ আশ্বিন
Dialogues by
প্ৰযোজক সি.অশ্বিনী দত্ত
অভিনয়ত
চিত্ৰগ্ৰহণকাৰী ড্জৰ্জে ষ্টোজিলজকোভিচ
সম্পাদনা কোটাগিৰি ভেংকটেশ্বৰ ৰাও
সংগীত পৰিচালক সন্তোষ নাৰায়ণন
প্ৰযোজনা
কোম্পানী
মুক্তি
১২ জানুৱাৰী ২০২৪ (2024-01-12)
দেশ ভাৰত
ভাষাসমূহ
  • তেলেগু
  • হিন্দী
বাজেট ৬০০ কোটি

২০২০ চনৰ ফেব্ৰুৱাৰী মাহত বৈজয়ন্তি মুভিজৰ ৫০ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰজেক্ট কে নামেৰে ছবিখন ঘোষণা কৰা হৈছিল। কিন্তু ক’ভিড-১৯ মহামাৰীৰ বাবে এবছৰ পলম হয়। ২০২১ চনৰ জুলাই মাহত হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটিত চিত্ৰগ্ৰহণ আৰম্ভ হৈছিল। উল্লেখ্য যে তেলেগু আৰু হিন্দী ভাষাত একেলগে শ্বুটিং কৰা হৈছিল।[2]

কলা-কুশলী সম্পাদনা কৰক

মুক্তি সম্পাদনা কৰক

কল্কি ২৮৯৮ এডি চলচ্চিত্ৰখন ২০২৪ চনৰ ১২ জানুৱাৰীত চিনেমা হলত মুক্তি পোৱাৰ কথা।[3] প্ৰথম অৱস্থাত ২০২২ চনত মুক্তিৰ লক্ষ্যৰে নিৰ্মাণ কৰা এই ছবিখন ক’ভিড-১৯ মহামাৰী আৰু লেহেমীয়া শ্বুটিঙৰ বাবে পলম হৈছিল। ২০২২ চনৰ জুলাই মাহত প্ৰযোজক দত্তই কৈছিল যে তেওঁলোকে ২০২৪ চনৰ জানুৱাৰী মাহত ছবিখন মুক্তি দিয়াৰ পৰিকল্পনা কৰিছে।[4]

চলচ্চিত্ৰখন তেলেগু, হিন্দী, তামিল, মালয়ালম, কানাড়া আৰু ইংৰাজী ভাষাত মুক্তিৰ পৰিকল্পনা কৰা হৈছে।[5]

তথ্য সংগ্ৰহ সম্পাদনা কৰক