কাক বাঁহ
কাক বাঁহ (বৈজ্ঞানিক নাম: Dendrocalamus hamiltonii; ইংৰাজী: Hamilton's bamboo; কাছাৰ: পেচা বাঁহ; ৰাভা: বাজং) এবিধ বনৰীয়া বাঁহ। এই বাঁহৰ জোপা জোপাকৈ একেলগে বহুতো বাঁহগছ উৎপত্তি হৈ বৃহৎ এলেকা অধিকাৰ কৰি পেলোৱা দেখা যায়।[1]
কাক বাঁহ (Hamilton's bamboo) | |
---|---|
Dendrocalamus harmitonii at the bamboo garden of KFRI (Kerala Forest Research Institute) at Palappilli, Thrissur district, Kerala, India. | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
গণ: | Dendrocalamus |
প্ৰজাতি: | hamiltonii |
সমাৰ্থক | |
|
বিস্তৃতি
সম্পাদনা কৰককাক বাঁহ প্ৰায়ভাগ দক্ষিণ এছিয়াৰ দেশ যেনে ভাৰত, শ্ৰীলংকা, ভুটান, নেপাল, পাকিস্তান, চীন আদিৰ থলুৱা উদ্ভিদ।[2] অসমত প্ৰধানকৈ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলাৰ পাৰ্বত্য অঞ্চলসমূহত এই প্ৰজাতিৰ বাঁহনি দেখা পোৱা যায়।[1]
বিৱৰণ
সম্পাদনা কৰককাক বাঁহৰ উচ্চতা প্ৰায় ১৫-১৮ মিটাৰ আৰু ব্যাস ১২-১৫ ছেমি হোৱা দেখা যায়।
এইবিধ বাঁহৰ বাকলি পাতল আৰু চুঙাবোৰ ডাঙৰ ডাঙৰকৈ ফোঁপোলা হয়। গাইগুটিয়া বাঁহৰ লেকেচিবোৰে মাটিলৈ হাউলি অহা দেখা যায়। বাঁহগাজৰ বৌখাত শুঙৰ উৎপত্তি হয়। বাঁহবিধৰ গাঁঠিয়ে গাঁঠিয়ে শিপাৰ গজালি ওলায়।[1]
২০-২৫ বছৰৰ অন্তৰে অন্তৰে কাক বাঁহৰ ফুল ফুলে। ফুল ফুলাৰ পাছত বাঁহবোৰ একেলগে মৰি যায়।[1]
প্ৰকাৰ
সম্পাদনা কৰককাক বাঁহৰ প্ৰধানকৈ তিনিটা উপ-প্ৰজাতি দেখা পোৱা যায়। এইকেইবিধ হৈছে-
- D. h. var. edulis
- D. h. var. hamiltonii
- D. h. var. undulatus
ব্যৱহাৰ
সম্পাদনা কৰককাক বাঁহৰ গাজ খৰিচা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। তদুপৰি এই বাঁহৰ পৰা কাগজকলত কাগজৰ মণ্ড তৈয়াৰ কৰা হয়।[1]
চকোৱা আদি নিৰ্মাণ কৰিবলৈও কাক বাঁহৰ ব্যৱহৰ হয়।[1]
তথ্যউৎস
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰক- fao.org
- Thailand bamboos Archived 2020-10-17 at the Wayback Machine
- Kew.org
- bamboos