কাটলফিছ (Cuttlefish) এবিধ সাগৰীয় অমেৰুদণ্ডী প্ৰাণী। ইহঁতৰ আঠডাল দীঘল বাহু থকাৰ লগতে দুডাল দীঘল আকৰ্ষ থাকে। দেহৰ দুয়োকাষে থকা পাখিৰ সহায়ত ইহঁতে পানীত সাঁতুৰি ফুৰে। কাটলফিছে পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত মিলি যোৱাকৈ তাৰ গাৰ বৰণ সলনি কৰিব পাৰে আৰু সেইবাবে আত্মৰক্ষা তথা আক্ৰমণ কৰিবলৈ ইহঁতৰ বৰ সুবিধা হয়। পৃথিৱীৰ দ্ৰুত ৰং সলোৱা প্ৰাণীবোৰৰ ভিতৰত কাটলফিছ অন্যতম। গাত থকা ৰঙীণ কোষৰ মোনাৰ পৰা ইহঁতে পানীত এবিধ ক'লা ৰং এৰি দিয়ে। লগে লগে পানীৰ ৰং আন্ধাৰ যেন হৈ পৰে। সেই সুযোগতে ইহঁতে শত্ৰুৰ আগৰ পৰা পলাই সাৰে।

কাটলফিছ
জীৱাশ্ম কাল: Maastrichtian–recent
জায়েণ্ট কাটলফিছ (Sepia apama), আটাইতকৈ ডাঙৰ প্ৰজাতিৰ কাটলফিছ
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Cephalopoda
মহাবৰ্গ: Decapodiformes
বৰ্গ: Sepiida
উপবৰ্গ আৰু পৰিয়ালসমূহ
সমাৰ্থক
  • Sepiolida Fioroni, 1981[2]

কাটলফিছে সৰু সৰু মিছামাছ, কেঁকোৰা, সৰু সৰু মাছ আদি খায়। সাধাৰণতে ই দীঘলে ১৫/২০ চেণ্টিমিটাৰমান হয় যদিও দুই মিটাৰ পৰ্যন্ত দীঘল কাটলফিছো পোৱা গৈছে।

কাটলফিছৰ হৃদপিণ্ড তিনিটা। ইয়াৰ দুটা হৃদপিণ্ড ফুলৰ তলভাগত থাকে আৰু এই দুটাই ফুললৈ তেজ সঞ্চালন কৰে। আনটো হৃদপিণ্ড দেহৰ মাজভাগত থাকি শৰীৰৰ অন্যান্য অংশলৈ তেজ সৰবৰাহ কৰে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Ng, H. H. (2010). "Mystus vittatus.". The IUCN Red List of Threatened Species খণ্ড 2010: e.T166651A6255921. doi:10.2305/IUCN.UK.2010-4.RLTS.T166651A6255921.en. 
  2. Philippe Bouchet (2018). "Sepiida". World Register of Marine Species. Flanders Marine Institute. http://www.marinespecies.org/aphia.php?p=taxdetails&id=11713। আহৰণ কৰা হৈছে: 17 February 2019.