কানীন (চলচ্চিত্ৰ)

অসমীয়া চলচ্চিত্ৰ

কানীন (ইংৰাজী: Kaaneen) হৈছে ২০১৯ চনৰ ২২ মাৰ্চ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ছবিখন শিৱম ক্ৰিয়েচনৰৰ বেনাৰত মঞ্জুল বৰুৱাই পৰিচালনা কৰিছে। ড॰ ৰীতা চৌধুৰীৰ উপন্যাস 'ৰাজীৱ ঈশ্বৰ'ৰ কাহিনীৰ আধাৰত কানীনৰ চিত্ৰনাট্য লিখি উলিয়াইছে মঞ্জুল বৰুৱাই। সংলাপ মঞ্জুল বৰুৱা আৰু ৰীতা চৌধুৰীৰ। অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেতা বাহাৰুল ইছলাম, পূৰ্ণিমা পাঠক শইকীয়া আদিৰ লগতে ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে ডাঃ জাহানাৰা বেগমে। ছবিখনৰ সংগীত পৰিচালনা কৰিছে কণ্ঠশিল্পী তৰালি শৰ্মাই। ছবিখন শব্দ পৰিকল্পনা কৰিছে বলিউদৰ প্ৰতিষ্ঠিত শব্দগ্ৰহণকাৰী অসমৰ সু-সন্তান অমৃত প্ৰীতম-এ আৰু ছবিখনৰ চাব টাইটেল কৰিছে উৎপল বৰপূজাৰীয়ে।[1]

কানীন
কানীন চলচ্চিত্ৰৰ পোষ্টাৰ.jpg
পৰিচালক মঞ্জুল বৰুৱা
চিত্ৰনাট্য মঞ্জুল বৰুৱা
প্ৰযোজক ডাঃ গোপেন্দ্ৰ প্ৰসাদ দাস
অভিনয়ত
চিত্ৰগ্ৰহণকাৰী নাহিদ আহমেদ
সম্পাদনা টৱেনচাং
সংগীত পৰিচালক তৰালী শৰ্মা
মুক্তি
মাৰ্চ ২২, ২০১৯ (2019-03-22)
দৈৰ্ঘ্য
২ ঘণ্টা ১৫ মিনিট
দেশ  ভাৰত
ভাষা অসমীয়া

কাহিনীসম্পাদনা কৰক

দুটি সন্তানৰ মাতৃ মন্দিৰা বৰুৱাৰ স্বামী উচ্চপদস্থ আৰক্ষী বিষয়া অভিজিত বৰুৱাৰে সৈতে সুখী পৰিয়াল। কিন্তু এই সুখী জীৱনত বেমেজালিৰ সৃষ্টি হ'বলৈ ধৰে যেতিয়া মন্দিৰাই নিজৰ অতীতক খুঁচৰিবলৈ আৰম্ভ কৰে। ছোৱালী কালত বিবাহ বৰ্হিভূত সম্পৰ্কৰে মন্দিৰা এটি সন্তানৰ মাতৃ হৈছিল। কিন্তু তেওঁ গম নোপোৱাকৈ সন্তানটিক তেওঁৰ ওচৰৰপৰা আঁতৰাই নিয়া হৈছিল। ঘটনাচক্ৰত পৰি সেই সন্তানটিৰ খবৰ জানিবলৈ মন্দিৰা অস্থিৰ হৈ উঠে আৰু এদিন সন্তানৰ সৈতে দেখাদেখি হয়। তাৰপিছত কি হয়! এই লৈয়ে কানীনৰ কাহিনী।[2]

অভিনয় শিল্পী[3]সম্পাদনা কৰক

  • বাহাৰুল ইছলাম (আই জি পি অভিজিৎ বৰুৱা)
  • ডাঃ জাহানাৰা বেগম (মন্দিৰা বৰুৱা)
  • ধনঞ্জয় দেৱনাথ (দে বাবু)
  • পূৰ্ণিমা পাঠক শইকীয়া (নাৰ্চ)
  • জলি ভট্টাচাৰ্য (মন্দিৰা বৰুৱাৰ মাক)
  • মিণ্টু বৰুৱা
  • কাচভী শৰ্মা (ৰশ্মি)
  • ৰাহুল গৌতম শৰ্মা (অভি)
  • পাৰ্থ হাজৰিকা (ৰাজীৱ)

সংগীতসম্পাদনা কৰক

ক্ৰমিক নং গীতৰ শীৰ্ষক গীতিকাৰ কণ্ঠ
বুকু ফালি তৰালি শৰ্মা
শুই থকা আৱেগ তৰালি শৰ্মা
মধুশালা চুফিয়াৰা বেগম
মিনিমি

তথ্যসূত্ৰসম্পাদনা কৰক

  1. "মঞ্জুল বৰুৱাৰ চিনেমা কানীন". https://www.guwahatiplus.com/buzz/monjul-baruah-s-film-kaneen-all-set-to-release। আহৰণ কৰা হৈছে: 12 May 2020. 
  2. ঈশান জ্যোতি বৰা (২৬ এপ্ৰিল, ২০১৯). "অতীতৰ গহ্বৰত বৰ্তমানক চলাথ কৰাৰ আন্তৰিক প্ৰয়াস, কানীন". সাদিন: পৃঃ ১২. 
  3. "কানীন(২০১৯) শিল্পী আৰু কলাকুশলী". https://www.cinestaan.com/. https://www.cinestaan.com/movies/kaneen-41503/cast-crew। আহৰণ কৰা হৈছে: 12 May 2020.