তৰালি শৰ্মা
তৰালি শৰ্মা (ইংৰাজী: Tarali Sarma, জন্ম:৪ আগষ্ট, ১৯৭৫) অসমৰ এগৰাকী কণ্ঠশিল্পী আৰু সংগীত পৰিচালক। মূলতঃ শাস্ত্ৰীয় সংগীত আৰু লোক-সংগীতৰ চৰ্চা কৰা তৰালি শৰ্মাই মঞ্জু বৰাৰ অসমীয়া ছবি আকাশীতৰাৰ কথাৰে... নামৰ চিনেমাখনত "কিমতে ভকতি কৰিব..." শীৰ্ষক ঘোষাভাগত কৰা কণ্ঠদানৰ বাবে ২০০৩ চনৰ শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।[1][2][3]
তৰালি শৰ্মা | |
---|---|
![]() বিগ অসমীয়া মিউজিক এৱাৰ্ড ২০১০ত শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ বঁটা লাভ কৰাৰ পাছত তৰালি | |
প্ৰাথমিক তথ্য | |
জন্ম | ০৪ আগষ্ট, ১৯৭৫ (৪৭ বছৰ) |
মূল | অসম, ভাৰত |
সংগীতৰ প্ৰকাৰ | শাস্ত্ৰীয় সংগীত, লোক-সংগীত, আধুনিক |
পেচা | কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক |
বাদ্যযন্ত্ৰ | কণ্ঠ |
ৰেকৰ্ড লেবেল | বিভিন্ন |
পিতৃ-মাতৃ | প্ৰভাত শৰ্মা (পিতৃ) ৰেণু শৰ্মা (মাতৃ) |
ৱেবছাইট | taralisarma.com |
প্ৰাৰম্ভিক জীৱন আৰু ব্যক্তিগত জীৱনসম্পাদনা কৰক
তৰালি শৰ্মাৰ জন্ম হয় ১৯৭৫ চনৰ ৪ আগষ্টত। তৰালি শৰ্মাৰ পিতৃ প্ৰভাত শৰ্মা হৈছে অসমৰ এজন পৰিচিত লোক-সংগীতৰ শিল্পী, বাঁহীবাদক আৰু সংগীত পৰিচালক। সেয়ে তৰালি শৰ্মাই সৰুৰে পৰাই সংগীতময় পৰিৱেশত ডাঙৰ-দীঘল হয় আৰু ঘৰতেই সংগীত শিক্ষা লাভ কৰে। তৰালিয়ে তেওঁৰ পিতৃ আৰু ডাঙৰ খুৰাক বশিষ্ঠ দেৱ শৰ্মাক, যি হৈছে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া, নিজৰ প্ৰেৰণাৰ উৎস ৰূপে বিবেচনা কৰে।[3]
১২ বছৰৰ বয়সতে তৰালিয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰ এটি অনুষ্ঠানৰ বাবে সংগীত পৰিচালনা কৰে।[3] সেয়াই আছিল তেওঁৰ শিল্পী জীৱনৰ আৰম্ভণি।
২০০৬ চনৰ ১ ডিচেম্বৰ তাৰিখে তৰালি শৰ্মাই জিণ্টু বৰদলৈৰ লগত বিবাহপাশত আবদ্ধ হয়।
শিল্পী জীৱনসম্পাদনা কৰক
তৰালিয়ে বৰ্তমানলৈ বহু গীতত কণ্ঠদান কৰাৰ লগতে বিভিন্ন বোলছবি, চুটি ছবি, তথ্যচিত্ৰ, আৰু ধাৰাবাহিকৰ বাবে সংগীত পৰিচালনা কৰিছে।[3] অসমীয়া লোক-সংগীতৰ ওপৰত তেওঁ বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি গীতসমূহ ৰচনা কৰে। তেওঁৰ প্ৰথম এলবাম আছিল ‘অভিমান’।
তৰালি হৈছে আকাশবাণী আৰু দূৰদৰ্শনৰ নিয়মীয়া শিল্পী। ইয়াৰোপৰি তেওঁ হৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম মহিলা সংগীত পৰিচালক।[3]
২০০৩ চনত তৰালীয়ে মঞ্জু বৰাৰ অসমীয়া ছবি "আকাশীতৰাৰ কথাৰে..."-ৰ প্ৰথমবাৰৰ বাবে সংগীত পৰিচালনাৰ লগতে গীতত কণ্ঠদানো কৰে। এই ছবিখনত গোৱা এটি ভক্তিমূলক ‘কাকূতি ঘোষা’-ৰ বাবে তেওঁ ২০০৩ চনৰ শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।[4] উল্লেখযোগ্য যে এই ঘোষাটোত কোনো বাদ্যযন্ত্ৰৰ সংগীত ব্যৱহাৰ কৰা হোৱা নাছিল।[1] বঁটা প্ৰদানকাৰী জুৰীয়ে এইদৰে লিখিছে:
The award for the Best Female Playback Singer of 2003 is given to Tarali Sarma in “Akashitorar Kothare...” for her tuneful rendition of a devotional song without instrumental accompaniment.
২০০৭ চনৰ মাৰ্চত তৰালিয়ে "ৱাইণ্ডচংচ্" নামৰ এক প্ৰযোজনা সংস্থা প্ৰতিষ্ঠা কৰে। তেওঁলোকৰ প্ৰথম প্ৰযোজনা আছিল প্ৰভাত শৰ্মাৰ বাঁহীবাদনৰ এলবাম "পিচ অফ লাইফ"। তাৰ পাছতেই ২০০৮ চনত প্ৰযোজনা কৰে তৰালিৰ একক আধুনিক গীতৰ এলবাম "মুকলি"।[5] ২০১২ চনত মুক্তি পায় তৰালি শৰ্মাৰ এলবাম ‘হেঙুলীয়া'৷
সংগীতপঞ্জীসম্পাদনা কৰক
সংগীত পৰিচালনাসম্পাদনা কৰক
|
|
এলবাম: সংগীত পৰিচালনা আৰু কণ্ঠদানসম্পাদনা কৰক
|
|
বঁটাসম্পাদনা কৰক
- শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকাৰ ৰাষ্ট্ৰীয় বঁটা ২০০৩: ৰজত কমল - "আকাশীতৰাৰ কথাৰে..."-ত ঘোষা এটাত কৰা কণ্ঠদানৰ বাবে[1]
- শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী: বিগ অসমীয়া মিউজিক এৱাৰ্ড ২০১০ - কহিনুৰ থিয়েটাৰৰ গীত "চিনাকি অচিনাকি"-ৰ বাবে
- ৰেনেছাঁ অসম বঁটা ২০১২[8]
তথ্যসূত্ৰসম্পাদনা কৰক
- ↑ 1.0 1.1 1.2 "51st National Film Awards-2003". Ministry of Information & Broadcasting. http://pib.nic.in/newsite/erelease.aspx?relid=3123। আহৰণ কৰা হৈছে: December 20, 2011.
- ↑ "Profile of Tarali Sarma, Assamese Indian singer". Assam Spider. http://www.assamspider.com/resources/3474-Profile-Tarali-Sarma-Assamese-Indian-singer.aspx। আহৰণ কৰা হৈছে: December 20, 2011.
- ↑ 3.0 3.1 3.2 3.3 3.4 "About Tarali". taralisarma.com. http://taralisarma.com/about.html। আহৰণ কৰা হৈছে: December 20, 2011.
- ↑ "Compositions & Works". taralisarma.com. http://taralisarma.com/compos_work.html। আহৰণ কৰা হৈছে: December 20, 2011.
- ↑ "Wind songs". taralisarma.com. http://taralisarma.com/wind_songs.html। আহৰণ কৰা হৈছে: December 21, 2011.
- ↑ "Tarali Sarma on IMDb". Internet Movie Database. http://www.imdb.com/name/nm3690421/। আহৰণ কৰা হৈছে: December 20, 2011.
- ↑ "hengulia.com". http://hengulia.com/। আহৰণ কৰা হৈছে: June 03, 2012.
- ↑ "জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা". আমাৰ অসম. ১৩ মাৰ্চ ২০১৫.
বহিঃসংযোগসম্পাদনা কৰক
- তৰালি শৰ্মাৰ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- তৰালি শৰ্মাৰ সাংগিতীক কাৰ্য