অমৃত প্ৰীতম

ভাৰতীয় শব্দযন্ত্ৰী

অমৃত প্ৰীতম (ইংৰাজী: Amrit Pritam) এগৰাকী ভাৰতীয় শব্দযন্ত্ৰী।[1][2] তেওঁ অস্কাৰ বঁটা বিজয়ী শব্দযন্ত্ৰী ৰেচুল পুকুট্টিৰ সৈতে চলচ্চিত্ৰত শব্দ ডিজাইনিঙৰ কাম কৰে। তেওঁ ঘাইকৈ অসমীয়া, হিন্দী, ইংৰাজী আৰু অন্যান্য ভাৰতীয় ভাষাৰ ছবিত শব্দযন্ত্ৰীৰ কাম কৰে। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ একাডেমী অফ মচন পিক্সাৰ আৰ্টছ এণ্ড চাইন্সছৰ সদস্য।[3]

অমৃত প্ৰীতম

২০১৭ চনত অমৃত প্ৰীতম
জন্ম অমৃত প্ৰীতম দত্ত
৪ নৱেম্বৰ, ১৯৭৫ (৪৮ বছৰ)
যোৰহাট, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান ড॰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান
পেচা শব্দযন্ত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০২ - বৰ্তমানলৈকে
দাম্পত্যসঙ্গী গোপা বেজবৰুৱা
পিতৃ-মাতৃ দেৱপ্ৰসাদ দত্ত (পিতৃ)
নলিনীবালা দত্ত (মাতৃ)

জন্ম আৰু পৰিচয় সম্পাদনা কৰক

১৯৭৫ চনৰ ৪ নৱেম্বৰ তাৰিখে অসমযোৰহাটৰ কুশল নগৰৰ এক সাংস্কৃতিবান পৰিয়ালত অমৃত প্ৰীতম দত্তৰ জন্ম হৈছিল। তেওঁৰ পিতৃ দেৱপ্ৰসাদ দত্ত আৰু মাতৃ নলিনী বালা দত্ত। তেওঁৰ পিতৃ দেৱপ্ৰসাদ দত্ত এগৰাকী স্বাধীনতা সংগ্ৰামী আৰু শিশুনাট্যকাৰ আছিল। তেওঁৰ মাতৃ নলিনী বালা দত্ত এগৰাকী সত্ৰীয়া নৃত্যশিল্পী আৰু অভিনেত্ৰী আছিল। তেওঁ বৰগীত নিজে খোল বজাই পৰিবেশন কৰাৰ লগতে মাজুলীৰ ৰাসত অভিনয় কৰিছিল। দত্ত দম্পতীদ্বয়ে যোৰহাটৰ বিভিন্ন মঞ্চত অভিনয় কৰিছিল। অমৃত প্ৰীতমৰ ভগ্নী সুজাতা প্ৰিয়ম দত্ত এগৰাকী বিহুৱতী আছিল আৰু ভাতৃ ভগৱত প্ৰীতম অসমীয়া চলচ্চিত্ৰ আৰু দূৰদৰ্শন মাধ্যমৰ জনপ্ৰিয় অভিনেতা তথা সংগীত শিল্পী।

২০১১ চনৰ ১৬ জানুৱাৰী তাৰিখে অমৃত প্ৰীতমে গোপা বেজবৰুৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।

শিক্ষা সম্পাদনা কৰক

অমৃত প্ৰীতমে প্ৰাৰম্ভিক শিক্ষা যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ত গ্ৰহণ কৰিছিল। তাৰপিছত তেওঁ ১৯৯৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত যোৰহাটজগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত তেওঁ ১৯৯৯ চনত গুৱাহাটীত অৱস্থিত ড॰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত তিনিবছৰীয়া শব্দ অভিযান্ত্ৰিতাৰ পাঠ্যক্ৰমত নামভৰ্তি কৰে।

কৰ্মজীৱন সম্পাদনা কৰক

তেওঁ ড॰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত ছাউণ্ড ৰেকৰ্ডিং আৰু ইঞ্জিনিয়াৰিয়াৰিংৰ তিনি বছৰীয়া ডিপ্ল'মা পাঠ্যক্ৰম গ্ৰহণ কৰি থাকোঁতে তেওঁৰ শিক্ষক ফাৰুক ইকবালৰ পৰা যথেষ্টখিনি সহায় পাইছিল আৰু ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত কলকতাৰ অনুপ মুখাৰ্জীৰ পৰা যথেষ্টখিনি জ্ঞান আয়ত্ত কৰিছিল। ইয়াৰ ফলত তেওঁৰ পাঠ্যক্ৰমৰ প্ৰথম ৰ্বষতে পাচঁখনকৈ অসমীয়া ছবি আৰু কেইবা খনো তথ্যচিত্ৰৰ সহকাৰী হিচাপে কাম কৰাৰ সুযোগ লাভ কৰিছিল। তেওঁ ২০০২ চনৰ মাৰ্চত শব্দযন্ত্ৰীৰ শিক্ষা সমাপ্ত কৰা আন এজন দেৱজিৎ চাংমাইৰ সৈতে তেওঁ ৰে'লেৰ মুম্বাইলৈ যায়। ২০০৩ চনত তেওঁ কৰণ জহৰৰ ছবি 'কল হো না হো'ৰ জৰিয়তে বলিউডত প্ৰৱেশ কৰে। তাৰপিছত তেওঁ কেইবাখনো বিভিন্ন ভাষাৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ লগত জড়িত হৈ পৰে। অমৃত প্ৰীতম জড়িত থকা বিশেষ ছবি কেইখন হ'ল: 'গজিনী', 'শ্লামডগ মিলিয়নেয়াৰ', 'ব্লু', 'কল হো না হো', 'ড্ৰিমিং লাছা', 'বুম', 'নেচন' ইত্যাদি।[4]

বৰ্তমান তেওঁ 'কেনাৰিছ পোষ্টছাউণ্ড'ত ছাউণ্ড ডিজাইনাৰ তথা মুখ্য শব্দ সম্পাদক পদত কৰ্মৰত।

বঁটা আৰু সন্মান সম্পাদনা কৰক

অমৃত প্ৰীতমে 'গজিনী' ছবিৰ বাবে ইণ্টাৰনেছনেল ইণ্ডিয়ান ফিল্ম একাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ উপৰিও অল মালায়ালি মুভি এৱাৰ্ড, অপ্সৰা বঁটা, জী চিনে এৱাৰ্ড, টিভি এণ্ড ফিল্ম প্ৰদিউচাৰ্ছ এৱাৰ্ড, মহাৰাষ্ট্ৰ চৰকাৰৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা, অসম চৰকাৰৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা, গোৱা চৰকাৰৰ চলচ্চিত্ৰ বঁটা লাভ কৰিছে। ২০১৫ চনত 'হাইৱে' ছৱিৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটালৈ মনোনীত হৈছিল। তদুপৰি এমপিএছই গোল্ডেন ৰীল বঁটাৰ বাবে বাবে তেওঁ দুবাৰ মনোনীত হৈছিল। ২০১০ চনত তেওঁ মালায়লম ছবি 'পাজাশ্ৰী ৰাজা'ৰ ছাউণ্ড ডিজাইনৰ বাবে ৰেচুল পুকুট্টিৰ সৈতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।[5]২০১৬ চনত তেওঁ 'ইণ্ডিয়াছ দতাৰ' তথ্যচিত্ৰৰ ছাউণ্ড ডিজাইনৰ বাবে যুটীয়াভাৱে গোল্ডেন ৰীল বঁটা লাভ কৰিছিল।[6]

তথ্য উৎস সম্পাদনা কৰক

  1. Bhattacharyya, Smita (19 October 2010). "Expert's tips for 'sound' success - Slumdog technician to cut educative album". The Telegraph (India). https://www.telegraphindia.com/states/north-east/expert-s-tips-for-sound-success-slumdog-technician-to-cut-educative-album/cid/476579। আহৰণ কৰা হৈছে: 31 January 2020. 
  2. "Sound-design is all about painting a picture with Sound". Pandolin. 15 May 2015. Archived from the original on 18 January 2018. https://web.archive.org/web/20180118010416/https://pandolin.com/sound-design-is-all-about-painting-a-picture-with-sound-amrit-pritam/। আহৰণ কৰা হৈছে: 29 June 2017. 
  3. "Academy invites record 774 new members; 39 percent female, 30 percent people color". Hollywood Reporter. 29 June 2017. http://www.hollywoodreporter.com/news/academy-invites-record-774-new-members-39-percent-female-30-percent-people-color-1017318। আহৰণ কৰা হৈছে: 29 June 2017. 
  4. সংগীতা শইকীয়া. "অমৃত প্ৰীতম: শব্দৰে খেলা কৰা যুৱকজন". Your Story. https://yourstory.com/asamiya/ddd69e4dbb--। আহৰণ কৰা হৈছে: 23 June 2020. 
  5. "National Film Award news". NDTV. 19 October 2010. http://www.ndtv.com/topic/57th-national-film-award/news। আহৰণ কৰা হৈছে: 29 June 2017. 
  6. "Amrit Pritam wins Golden Reel award". Kothasobi. 15 May 2015. Archived from the original on 14 August 2017. https://web.archive.org/web/20170814172646/http://www.kothasobi.com/award/amrit-pritam-wins-golden-reel-award/। আহৰণ কৰা হৈছে: 29 June 2017. 

বাহ্যিক সংযোগ সম্পাদনা কৰক