কামৰূপ মহানগৰ জিলা
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা
(কামৰূপ (মহানগৰ)ৰ পৰা পুনঃনিৰ্দেশিত)
এই প্ৰবন্ধটো মহানগৰ জিলাখনৰ বিষয়ে। গ্ৰাম জিলাখনৰ বাবে কামৰূপ জিলা চাওক।
কামৰূপ মহানগৰ জিলা অসমৰ ৩৩খন জিলাৰ ভিতৰত এখন।
কামৰূপ মহানগৰ জিলা | |
---|---|
— অসমৰ জিলা — | |
অসমত কামৰূপ মহানগৰৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
প্ৰশাসনিক বিভাগ | নামনি অসম |
সদৰ | গুৱাহাটী |
মহকুমা | কামৰূপ মহানগৰ সদৰ |
চৰকাৰ | |
- লোকসভা সমষ্টি | গুৱাহাটী |
- বিধানসভা সমষ্টি | জালুকবাৰী (৫১), দিশপুৰ (৫২), পূব গুৱাহাটী (৫৩), পশ্চিম গুৱাহাটী (৫৪) |
মাটিকালি | |
- মুঠ | ৯৫৫ কি.মি.২ (৩৬৮.৭ বৰ্গ মাইল) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ১২,৫৩,৯৩৮ জন |
- জনঘনত্ব | ১,৩১৩ প্ৰতি বৰ্গ কি.মি. (৩,৪০০.৭ প্ৰতি বৰ্গ মাইল) |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৮৮.৭১% |
- লিংগ অনুপাত | ৯৩৬ |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
স্থানাঙ্ক | 26°11′0″N 91°44′0″E / 26.183333°N 91.733333°Eস্থানাংক: 26°11′0″N 91°44′0″E / 26.183333°N 91.733333°E |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
ইতিহাস সম্পাদনা কৰক
কামৰূপ মহানগৰ জিলাখন ২০০৩ চনৰ ৩ ফেব্ৰুৱাৰীত পুৰণি কামৰূপ জিলাখনক দুভাগত বিভক্ত কৰি গঠন কৰা হয়।[2]
ভুগোল সম্পাদনা কৰক
কামৰূপ মহানগৰ জিলাৰ প্ৰশাসনিক কেন্দ্ৰ গুৱাহাটী মহানগৰত অৱস্থিত।[3] জিলাখনে মুঠ ৯৫৫ বৰ্গ কিলোমিটাৰ ঠাই আৱৰি আছে।
জনগাঁথনি সম্পাদনা কৰক
২০১১ চনৰ লোকপিয়ল অনুসৰি কামৰূপ মহানগৰ জিলাৰ জনসংখ্যা ১২,৫৩,৯৩৮ জন।[1] এই সংখ্যা ইষ্ট'নিয়া দেশৰ জনসংখ্যাৰ লগত[4] বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ হেম্পশ্বায়াৰ ৰাজ্যৰ লগত মিলে।[5] জনসংখ্যাৰ দিশৰপৰা ভাৰতৰ মুঠ ৬৪০খন জিলাৰ ভিতৰত ইয়াৰ স্থান ৩৮৪তম।[1] জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ১,৩১৩ জন।[1] ২০০১-২০১১ চনৰ কলছোৱাত ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৮.৩৪%।[1] কামৰূপ মহানগৰ জিলাত প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৩৬ গৰাকী[1] আৰু সাক্ষৰতাৰ হাৰ ৮৮.৭১%।[1]
তথ্য সংগ্ৰহ সম্পাদনা কৰক
- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 1.6 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/census/district/156-kamrup-metropolitan.html। আহৰণ কৰা হৈছে: 29 December 2018.
- ↑ Law, Gwillim (2011-09-25). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 2011-10-11.
- ↑ "Home page". Kamrup Metropolitan district website. http://kamrupmetro.nic.in/main.asp। আহৰণ কৰা হৈছে: 19 March 2010.
- ↑ US Directorate of Intelligence. "Country Comparison:Population". Archived from the original on 2011-09-27. https://web.archive.org/web/20110927165947/https://www.cia.gov/library/publications/the-world-factbook/rankorder/2119rank.html। আহৰণ কৰা হৈছে: 2011-10-01. "Estonia1,282,963July 2011 est."
- ↑ "2010 Resident Population Data". U. S. Census Bureau. http://2010.census.gov/2010census/data/apportionment-pop-text.php। আহৰণ কৰা হৈছে: 2011-09-30. "New Hampshire1,316,470"