কালিকা পুৰাণ

(কালিকাপুৰাণৰ পৰা পুনঃনিৰ্দেশিত)

কালিকা পুৰাণ (সংস্কৃত: कालिका पुराण) (আনুমানিক ১০ম শতিকা) এখন হিন্দু ধাৰ্মিক গ্ৰন্থ। ইয়াক ১৮ খন উপপুৰাণৰ এখন বুলি গণ্য কৰা হয়। পুৰণি কাব্যখনত ৯৮টা পঠত ৯০০০টা পৰিচ্ছেদ আছে। কালী দেৱীৰ বিভিন্ন ৰূপ যেনে "গিৰিজা", "দেৱী", "ভদ্ৰকালী", "মহামায়া" আদিৰ স্তুতি কৰা এইখন একমাত্ৰ কাব্যশৃঙ্খল। এই গ্ৰন্থত কামৰূপ ৰাজ্যৰ পৰ্বত-পাহাৰৰ বৰ্ণনাৰ উপৰিও "কামাখ্যা" বা "কামাখ্যী" দেৱীৰ মন্দিৰৰ উল্লেখ আছে।[1] ইয়াত কামাখ্যা দেৱীৰ মাহাত্ম্য প্ৰকাশ কৰাৰ লগতে পূজা-পাতলৰ নিয়মাৱলী সন্নিৱিষ্ট হৈছে। সেইবাবে এই গ্ৰন্থক হিন্দু ধৰ্মৰ "শাক্তপন্থী"সকলৰ দ্বাৰা ৰচিত বুলি অনুমান কৰা হয়। খুব সম্ভৱ কামৰূপ ৰাজ্যত (এতিয়াৰ অসম) ইয়াক ৰচনা কৰা হৈছিল। বিশেষকৈ শক্তি পূজাৰ ক্ষেত্ৰত কালিকা পুৰাণক কৰ্তৃত্বশীল গ্ৰন্থ বুলি পিছৰ কালৰ "নিবন্ধ" ("স্মৃতি"ৰ সংকলন) লেখকসকলে ব্যক্ত কৰিছে।[2] এই উপপুৰাণখনত উল্লেখিত তথ্যৰ পৰা ইতিহাসৰ ঘটনাৱলী জানিব পাৰি। "হিন্দু" শব্দটো উল্লেখ কৰা প্ৰাচীন আপুৰুগীয়া হিন্দু গ্ৰন্থৰ ভিতৰত এইখন অন্যতম।

গ্ৰন্থখনৰ আৰম্ভণিতে দেৱীয়ে শিৱক পুনৰ প্ৰেমত পেলাই তপস্বী জীৱনৰ পৰা গৃহস্থৰ জীৱনলৈ ঘূৰাই আনিবলৈ চেষ্টা কৰা কিংবদন্তিবোৰ লিখা হৈছে।[3] লুডো ৰ'চাৰৰ মতে, ব্ৰহ্ম, শিৱ আৰু বিষ্ণু কেনেকৈ "এক আৰু একে" আৰু সকলো দেৱী কিদৰে (সতী, পাৰ্বতী, মেনকা, কালি আদি) একে নাৰী শক্তিৰ প্ৰকাশ-সেয়া মাৰ্কেণ্ডয়ত বৰ্ণনা কৰা হৈছে।[3][4] ইয়াত কামাখ্যা বা কামাক্ষী দেৱীক মহিমামণ্ডিত কৰা হৈছে আৰু তেওঁৰ পূজাৰ বাবে প্ৰয়োজনীয় আচাৰ-ব্যৱহাৰৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে। ইয়াত কামৰূপ তীৰ্থৰ নদী আৰু পৰ্বতৰ বিশদ বৰ্ণনা কৰা হৈছে আৰু ব্ৰহ্মপুত্ৰ নদী আৰু কামাখ্যা মন্দিৰৰ কথাও উল্লেখ কৰা হৈছে।[3][5]

ৰুধিৰাধ্যায়া

সম্পাদনা কৰক

গ্ৰন্থখনৰ ৬৭ৰ পৰা ৭৮ অধ্যায়লৈকে ৰুধিৰাধ্যায় গঠিত হৈছে, য'ত বলি (পশু বলি) আৰু বামাচৰ তন্ত্ৰ ধৰ্মৰ বিষয়ে আলোচনা কৰা হৈছে।[3] ৰুধিৰাধ্যায় খণ্ডটো মানৱ বলিৰ অস্বাভাৱিক আলোচনাৰ বাবে উল্লেখযোগ্য। গ্ৰন্থখনত কোৱা হৈছে যে দেৱীক সন্তুষ্ট কৰিবলৈ মানৱ বলি দিব পাৰি, কিন্তু যুদ্ধ বা আগতীয়া বিপদৰ ক্ষেত্ৰত ৰাজকুমাৰৰ সন্মতি সাপেক্ষেহে। গ্ৰন্থখনত আৰু কোৱা হৈছে, যি ব্যক্তি শাৰীৰিকভাৱে অক্ষম, ব্ৰাহ্মণৰ সৈতে সম্পৰ্কিত, বা যজ্ঞৰ জৰিয়তে "মৰিবলৈ ইচ্ছুক নহয়" তেওঁ এই অনুষ্ঠানৰ বাবে অযোগ্য। গ্ৰন্থখনত যুদ্ধৰ পূৰ্বে শত্ৰুৰ বিকল্প বালি বা চাউলৰ মিশ্ৰণৰ সৈতে জড়িত আচাৰ-ব্যৱহাৰৰ বৰ্ণনা কৰা হৈছে যদিও প্ৰকৃততে বলিদান কেনেকৈ কৰা হৈছিল সেই বিষয়ে বৰ্ণনা কৰা হোৱা নাই।[6]

এই গ্ৰন্থখন হিন্দু ধৰ্মৰ দেৱীমুখী শাক্ত শাখাৰ। সম্ভৱতঃ ইয়াৰ ৰচনা মধ্যযুগীয় কামৰূপত (বৰ্তমান অসম) বা তাৰ ওচৰে-পাজৰে। শক্তি পূজাৰ সম্পৰ্কে নিবন্ধ সাহিত্যিকসকলৰ ই এক পলমকৈ লিখা গ্ৰন্থ বুলি হাজৰাই কয়।[7]ইয়াৰ উপৰি ই অন্যতম বিৰল হিন্দু গ্ৰন্থ য'ত প্ৰকৃততে "হিন্দু" শব্দটোৰ উল্লেখ আছে।

হাজৰাৰ মতে বৰ্তমানৰ গ্ৰন্থখনতকৈ পুৰণি এখন গ্ৰন্থ আছিল আৰু সেই গ্ৰন্থখনৰ উৎপত্তি বংগ আছিল।[7] কিন্তু এই কথা শাস্ত্ৰীয়ে অস্বীকাৰ কৰে। তেওঁ দাবী কৰে যে হাজৰাই পূৰ্বৰ গ্ৰন্থৰ বাবে প্ৰদান কৰা প্ৰমাণসমূহ অন্য উপায়েৰে ব্যাখ্যা কৰিব পাৰি,পুৰণি গ্ৰন্থৰ আমন্ত্ৰণ নকৰাকৈ।[8] শাস্ত্ৰীৰ মতে স্থানীয় বৰ্ণনা; কামৰূপৰ সকলো বংশই নিজৰ বংশ আহৰণ কৰা নৰকৰ কল্পকথাৰ বৰ্ণনা; ব্ৰহ্মপুত্ৰ নদীৰ কল্পকথাৰ বৰ্ণনা; আৰু গ্ৰন্থখনত কামৰূপ আনকি বাৰাণসীতকৈও পবিত্ৰ আছিল বুলি কৰা দাবীটোৱে এই গ্ৰন্থখন কামৰূপত ৰচিত হোৱাৰ কথা সূচায়।[9]

কালিদাস আৰু মাঘৰ উল্লেখৰ পৰা অনুমান কৰিব পাৰি যে, ই আদিম পুৰাণৰ ভিতৰত অন্যতম নহয়।[9] কামৰূপ অঞ্চলৰ ৰত্ন পাল (৯২০-৯৬০)ৰ সৈতে জড়িত স্থান আৰু পৰিঘটনাৰ উল্লেখে এই গ্ৰন্থখন দশম শতিকাৰ পিছৰ স্থানত ৰাখিছে।[10] ম্লেচ্ছ জনসংখ্যাৰ বাবে গ্ৰন্থখনত দিয়া ব্যাখ্যা আৰু হৰজাৰৱৰ্মনৰ (৮১৫-৮৩২) হ্যুনথাল তামৰ প্লেটৰ শিলালিপিত সমান্তৰাল ব্যাখ্যাৰ ইংগিতে গ্ৰন্থখনক তেওঁৰ ৰাজত্বকালৰ ওচৰৰ বুলি ইংগিত দিয়ে।[10] ৰ’চাৰৰ মতে কামৰূপৰ ৰজা ধৰ্মপালৰ উল্লেখৰ ফলত কালিকা পুৰাণ একাদশ বা দ্বাদশ শতিকাৰ গ্ৰন্থ বুলি প্ৰস্তাৱ কৰা হৈছে। কিন্তু গ্ৰন্থখনৰ বিভিন্ন অংশ আনুমানিক শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত বুলি কোৱা হৈছে।[11][3]

ছপা সংস্কৰণ

সম্পাদনা কৰক

এই গ্ৰন্থখনৰ আটাইতকৈ প্ৰাচীন ছপা সংস্কৰণ ১৮২৯ চনত বম্বেৰ ভেংকটেশ্বৰ প্ৰেছত (১৯০৭ খ্ৰীষ্টাব্দ) প্ৰকাশ পাইছিল। তাৰ পিছত ১৩১৬ চনত বংগব্দত (১৯০৯ খ্ৰীষ্টাব্দ) কলিকতাৰ ভাঙাবাছী প্ৰেছত প্ৰকাশ পাইছিল।

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Dowson, John (1984) [1879]. A Classical Dictionary of Hindu Mythology, and Religion, Geography, History. প্ৰকাশক Calcutta: Rupa & Co.. পৃষ্ঠা. 143. 
  2. Hazra, R.C. (1962, reprint 2003). The Upapuranas in S. Radhakrishnan (ed.) The Cultural Heritage of India, Vol.II, Kolkata:The Ramakrishna Mission Institute of Culture, ISBN 81-85843-03-1, p.280
  3. 3.0 3.1 3.2 3.3 3.4 Rocher (1986), পৃষ্ঠা. 179-183.
  4. Dalal (2010), পৃষ্ঠা. 187.
  5. Dowson (1984), পৃষ্ঠা. 143.
  6. Lawrence (1976), পৃষ্ঠা. 232-234.
  7. 7.0 7.1 Hazra (2003), পৃষ্ঠা. 280.
  8. Shastri (1994), পৃষ্ঠা. 23.
  9. 9.0 9.1 Shastri (1994), পৃষ্ঠা. 24.
  10. 10.0 10.1 Shastri (1994), পৃষ্ঠা. 25.
  11. Shin 2018, পৃষ্ঠা. 32.

বহিঃ সংযোগ

সম্পাদনা কৰক