ভদ্ৰকালী (সংস্কৃত: भद्रकाली, আক্ষৰিক অৰ্থত "ৰক্ষক কালী")[1] হৈছে এগৰাকী হিন্দু দেৱী। দক্ষিণ ভাৰতত, বিশেষকৈ কেৰালাত দেৱীগৰাকীৰ জনপ্ৰিয়তা দেখা পোৱা যায়। দেৱী মাহাত্ম্যমত উল্লেখ কৰা মহান দেৱী শক্তি বা আদি পৰাশক্তিৰেই (যাক দুৰ্গা, দেৱী, মহাদেৱী বা মহামায়া বুলিও কোৱা হয়) তেওঁ অন্যতম ভয়ংকৰ ৰূপ। ভদ্ৰকালী হৈছে দেৱীৰ এক জনপ্ৰিয় ৰূপ, যাক কেৰালাত ভগৱতী, মহাকালী, চামুণ্ডা আৰু কৰিয়ম কালী মূৰ্তি হিচাপে পূজা কৰা হয়। কেৰালাত তেওঁক মহাকালীৰ শুভ আৰু সৌভাগ্যশালী ৰূপ হিচাপে বিবেচনা কৰা হয় যি সন্ত পক্ষক সুৰক্ষা প্ৰদান কৰে।

ভদ্ৰকালী
যুদ্ধৰ দেৱী, দাৰিকা নাশিনী

কেৰালাত পোৱা সপ্তদশ শতিকাৰ কাঠেৰে নিৰ্মিত ভদ্ৰকালীৰ মূৰ্তি
অন্য নাম ভগৱতী
সংস্কৃত লিপ্যন্তৰ भद्रकालि
সম্পৰ্ক দেৱী, আদি পৰাশক্তি, দুৰ্গা
নিবাস মণিদ্বীপ
অস্ত্ৰ ত্ৰিশূল, তৰোৱাল, কাঁ‌ড়, চক্ৰ, শঙ্খ, যাঠী, দণ্ড, বজ্ৰ, দুবিধ ঢাল, ধনু, পাশ, মূষল, ঘণ্টা, পৰশু
আসন/বাহন সিংহ
হিন্দু পাঠ্য কালিকা পুৰাণ, শিৱ পুৰাণ
উৎসৱ পদয়ানী, কুথিয়ুট্টম

এই দেৱীক তিনিটা চকু, আৰু চতুৰ্ভূজা, ষোড়শভূজা বা অষ্টাদশভূজা ৰূপত চিত্ৰায়িত কৰা হয়। তেওঁ হাতত কেইবাবিধো অস্ত্ৰ-শস্ত্ৰ ধাৰণ কৰে। তেওঁৰ শিৰৰ পৰা অগ্নি নিৰ্গত হয় আৰু তেওঁৰ মুখৰ পৰা এটা সৰু দাঁত বাহিৰলৈ ওলাই থাকে। ভদ্ৰকালীৰ উপাসনা মাতৃকাসকলৰ তান্ত্ৰিক পৰম্পৰাৰ লগতে দশ মহাবিদ্যাৰ পৰম্পৰাৰ সৈতেও জড়িত আৰু ই শক্তিবাদৰ বিস্তৃত ছত্ৰৰ অন্তৰ্ভুক্ত। সৰ্কাৰা, কোডুংগল'ৰ, পৰুমালা শ্ৰী ভালিয়া পানায়ানাৰক্কাভু মন্দিৰ, আটুকাল, চেট্টিকুলাংগাৰা, থিৰুমন্ধমকুন্নু আৰু চোট্টানিক্কাৰা আদি কেৰালাৰ প্ৰখ্যাত ভদ্ৰকালী মন্দিৰ। আনহাতে মান্দাইকাডু আৰু ক'লেনকোড তামিলনাডুৰ ভদ্ৰকালীৰ বিখ্যাত মন্দিৰ। ৱাৰাংগলৰ ভদ্ৰকালী মন্দিৰো বিখ্যাত।

ভদ্ৰকালীক মূলতঃ চাৰিটা ৰূপত পূজা কৰা হয়। এইকেইটা হৈছে দাৰুকাজিৎ (দানৱ দৰিকা নাশিনী হিচাপে), দক্ষজিৎ (দক্ষৰ নাশিনী হিচাপে, ৰাক্ষস ৰুৰূৰ বধ কৰোঁতা দেৱী) আৰু মহিষজিত (মহিষাসুৰমৰ্দ্দিনী হিচাপে)।

নামৰ উৎপত্তি

সম্পাদনা কৰক

সংস্কৃত ভাষাত ভদ্ৰ মানে শালীন। [1] এই নামৰ এটা মুখ্য ধৰ্মীয় ব্যাখ্যা হৈছে এই যে ভদ্ৰ শব্দটো 'ভ' আৰু 'দ্ৰ'ৰ পৰা উদ্ভৱ হৈছে। 'ভ' আখৰৰ অৰ্থ হৈছে 'ভ্ৰম' বা 'মায়া' আৰু 'দ্ৰ' যুক্তাক্ষৰটো উৎকৃষ্ট বা সৰ্বোত্তম সূচোৱা শব্দ। অৰ্থাৎ ভদ্ৰৰ অৰ্থ হৈছে মহা মায়া।[2][3]

সমৰ কলা আৰু ভদ্ৰকালী

সম্পাদনা কৰক

এইটো বিশ্বাস কৰা হয় যে ভদ্ৰকালীয়ে কালাৰিপ্পায়াট্টুৰ (একপ্ৰকাৰ পৰম্পৰাগত সমৰ কলা) অনুশীলনকাৰীসকলক সুৰক্ষা দিয়ে। মালাবাৰ অঞ্চলত এই কথা বিশ্বাস কৰা হয় যে থাচোলি ওথেনান আৰু অন্যান্য সমৰ কলাবিদসকলৰ সমস্ত বিজয় লোকনাৰকাভু মন্দিৰৰ ভদ্ৰকালীৰ আশীৰ্বাদৰ বাবে হৈছিল। এই মন্দিৰক 'মালায়ালীসকলৰ শ্বাওলিন মন্দিৰ' বুলিও জনা যায়। কেৰালাৰ বেছিভাগ পৰম্পৰাগত গাঁৱৰ নিজাকৈ কালাৰী নামৰ প্ৰাচীন সমৰ কলা বিদ্যালয় আৰু ইয়াৰ সৈতে সম্পৰ্কিত ভদ্ৰকালীৰ প্ৰতি সমৰ্পিত স্থানীয় মন্দিৰ আছে। তামিলসকলৰ মাজত ভদ্ৰকালী পৰম্পৰাগত সমৰ কলাৰ পৃষ্ঠপোষক দেৱী আৰু সকলো আইন পালনকাৰী নাগৰিকৰ অভিভাৱক হিচাপেও তেওঁ সমানে গুৰুত্বপূৰ্ণ।

কালিদাস আৰু বিক্ৰমাদিত্য

সম্পাদনা কৰক

জনশ্ৰুতি অনুসৰি, বিখ্যাত ভাৰতীয় সংস্কৃত কবি কালিদাস ভদ্ৰকালীৰ অনুগ্ৰহ লাভ কৰিয়েই মহাকবিলৈ পৰিণত হৈছিল। আন এজন কিংবদন্তীৰ মতে সম্ৰাট বিক্ৰমাদিত্য আৰু তেওঁৰ ভ্ৰাতৃ ভাট্টিও ভদ্ৰকালীৰ পৰম ভক্ত আছিল। তেওঁৰ আশীৰ্বাদৰ ফলতে দুয়োৱে সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিছিল। বিক্ৰমাদিত্যই দক্ষিণ ভাৰতৰ বহু ঠাইত, বিশেষকৈ তামিলনাডুত তীৰ্থযাত্ৰীসকলৰ বাবে পথৰ কাষত ভদ্ৰকালী মন্দিৰ আৰু উপাসনা কেন্দ্ৰ স্থাপন কৰাত সহায় কৰিছিল। এই সৰু মন্দিৰসমূহক কেন্দ্ৰ কৰি প্ৰচলিত ভক্তিমূলক পৰম্পৰাসমূহ আজিও বিদ্যমান হৈ আছে।[4]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক