কালিকা পুৰাণ (সংস্কৃত: कालिका पुराण) (আনুমানিক ১০ম শতিকা) এখন হিন্দু ধাৰ্মিক গ্ৰন্থ। ইয়াক ১৮ খন উপপুৰাণৰ এখন বুলি গণ্য কৰা হয়। পুৰণি কাব্যখনত ৯৮টা পঠত ৯০০০টা পৰিচ্ছেদ আছে। কালী দেৱীৰ বিভিন্ন ৰূপ যেনে "গিৰিজা", "দেৱী", "ভদ্ৰকালী", "মহামায়া" আদিৰ স্তুতি কৰা এইখন একমাত্ৰ কাব্যশৃঙ্খল। এই গ্ৰন্থত কামৰূপ ৰাজ্যৰ পৰ্বত-পাহাৰৰ বৰ্ণনাৰ উপৰিও "কামাখ্যা" বা "কামাখ্যী" দেৱীৰ মন্দিৰৰ উল্লেখ আছে।[1] ইয়াত কামাখ্যা দেৱীৰ মাহাত্ম্য প্ৰকাশ কৰাৰ লগতে পূজা-পাতলৰ নিয়মাৱলী সন্নিৱিষ্ট হৈছে। সেইবাবে এই গ্ৰন্থক হিন্দু ধৰ্মৰ "শাক্তপন্থী"সকলৰ দ্বাৰা ৰচিত বুলি অনুমান কৰা হয়। খুব সম্ভৱ কামৰূপ ৰাজ্যত (এতিয়াৰ অসম) ইয়াক ৰচনা কৰা হৈছিল। বিশেষকৈ শক্তি পূজাৰ ক্ষেত্ৰত কালিকা পুৰাণক কৰ্তৃত্বশীল গ্ৰন্থ বুলি পিছৰ কালৰ "নিবন্ধ" ("স্মৃতি"ৰ সংকলন) লেখকসকলে ব্যক্ত কৰিছে।[2] এই উপপুৰাণখনত উল্লেখিত তথ্যৰ পৰা ইতিহাসৰ ঘটনাৱলী জানিব পাৰি। "হিন্দু" শব্দটো উল্লেখ কৰা প্ৰাচীন আপুৰুগীয়া হিন্দু গ্ৰন্থৰ ভিতৰত এইখন অন্যতম।

ছপা ৰূপসম্পাদনা কৰক

১৮২৯ শক (১৯০৭ চন)ত ব'ম্বেৰ ভেঙ্কটেশ্বৰ ছপাশালে প্ৰথমবাৰ এই গ্ৰন্থখন প্ৰকাশ কৰে। তাৰ পিছত ১৩১৬ বঙ্গাব্দত (১৯০৯ চন) কলিকতাৰ বঙ্গবাসী ছপাশালে ইয়াক প্ৰকাশ কৰে।

তথ্যসূত্ৰসম্পাদনা কৰক

  1. Dowson, John (1984) [1879]. A Classical Dictionary of Hindu Mythology, and Religion, Geography, History. প্ৰকাশক Calcutta: Rupa & Co.. পৃষ্ঠা. 143. 
  2. Hazra, R.C. (1962, reprint 2003). The Upapuranas in S. Radhakrishnan (ed.) The Cultural Heritage of India, Vol.II, Kolkata:The Ramakrishna Mission Institute of Culture, ISBN 81-85843-03-1, p.280

বহিঃ সংযোগসম্পাদনা কৰক