কাৰ্ল' ৰ'ভেল্লী

(কাৰ্লো ৰ'ভেলীৰ পৰা পুনঃনিৰ্দেশিত)

কাৰ্ল' ৰ'ভেল্লী (ইংৰাজী: Carlo Rovelli) এগৰাকী তাত্ত্বিক পদাৰ্থবিজ্ঞানী আৰু লেখক। ইটালী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ্মজীৱনৰ আৰম্ভণি কৰা কাৰ্ল' ৰ'ভেল্লীয়ে ২০০০ চনৰ পৰা ফ্ৰান্সত কাম কৰি আহিছে।[1] তেওঁৰ কৰ্মই প্ৰকৃততে কোৱাণ্টাম গ্ৰেভিটিৰ ক্ষেত্ৰখনক সাঙুৰি লায়। তেওঁ‌ লুপ কোৱাণ্টাম গ্ৰেভিটি নামৰ তত্ত্বটোৰ এজন প্ৰতিষ্ঠাপক। ইতিহাস আৰু বিজ্ঞান-দৰ্শনৰ ক্ষেত্ৰখনলৈও তেখেতে অৱদান আগবঢ়াইছে। তেওঁৰ ছেভেন ব্ৰিফ লেছন্‌ছ অন্ ফিজিক্স নামৰ জনপ্ৰিয় বিজ্ঞানভিত্তিক কিতাপখন প্ৰথমে ইটালিয়ান ভাষাত ২০১৪ চনত প্ৰকাশ পাইছিল। বৰ্তমানলৈকে এই গ্ৰন্থখন বিশ্বৰ ৫২টা ভাষা[2]লৈ অনুবাদ কৰা হৈছে। বিশ্বজুৰি গ্ৰন্থখনৰ এক মিলিয়নতকৈও অধিক ক'পী বিক্ৰি হৈছে।[3]

কাৰ্ল' ৰ'ভেল্লী

জন্ম ৩ মে', ১৯৫৬ (৬৮ বছৰ)
ভেৰোনা, ইটালী
বাসস্থান ফ্ৰান্স
জাতীয়তা ইটালিয়ান
ক্ষেত্ৰ তাত্ত্বিক পদাৰ্থবিজ্ঞানী
কৰ্মস্থান
  • University of Pittsburgh
  • Aix-Marseille University
  • Sapienza University of Rome
  • Syracuse University
  • Yale University
শিক্ষানুষ্ঠান
  • University of Bologna
  • University of Padua
ডক্তৰেল পৰামৰ্শদাতা Marco Toller
জনা যায়
  • Loop quantum gravity
  • Relational interpretation of quantum mechanics
  • Thermal time hypothesis
  • Timeless formulation of physical laws
  • Loop quantum gravity
  • Discreteness of space
প্ৰভাৱ Chris Isham
উল্লেখনীয় বঁটা Prix du Rayonnement International (2004)
স্বাক্ষৰ

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "Resume". www.cpt.univ-mrs.fr. http://www.cpt.univ-mrs.fr/~rovelli/vita.pdf. 
  2. ঈশান জ্যোতি বৰা (আগষ্ট,২০২২). পদাৰ্থ বিজ্ঞানৰ সাতটা নাতিদীৰ্ঘ পাঠ. বনলতা. পৃষ্ঠা. ৯. ISBN 978 93 91135 32 4. 
  3. Carlo Rovelli (2017-07-25). "Carlo Rovelli: 'I felt the beautiful adventure of physics was a story that had to be told'". The Guardian. https://www.theguardian.com/books/2017/jul/25/carlo-rovelli-i-felt-the-beautiful-adventure-of-physics-was-a-story-that-had-to-be-told। আহৰণ কৰা হৈছে: 2018-04-05. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক