কাৰ্শলা সাপ (ইংৰাজী: Bronzeback, বৈজ্ঞানিক নাম: Dendrelaphis tristis) দক্ষিণ এছিয়াত দেখা পোৱা এবিধ গছ সাপ (tree-snake)-ৰ প্ৰজাতি।

কাৰ্শলা সাপ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Reptilia
বৰ্গ: Squamata
উপবৰ্গ: Serpentes
পৰিয়াল: Colubridae
গণ: Dendrelaphis
প্ৰজাতি: D. tristis
বৈজ্ঞানিক নাম
Dendrelaphis tristis
(Daudin, 1803)

বিৱৰণ সম্পাদনা কৰক

 

কাৰ্শলা সাপ এবিধ দীঘল সাপ, ইয়াৰ মূৰটো জোঙা আৰু ব্ৰঞ্জৰ বৰণৰ এডাল আঁচ ইয়াৰ পিঠিয়েদি তললৈ গৈছে।

বিতৰণ সম্পাদনা কৰক

এই সাপবিধ দক্ষিণ এছিয়াৰ হিমালয় পৰ্বতৰ পাদদেশ আৰু দক্ষিণ ভাৰতত দেখিবলৈ পোৱা যায়।

বাসস্থান সম্পাদনা কৰক

কাৰ্শলা সাপে ঘাইকৈ গছৰ ডালে পাতে বাস কৰে। ইয়াৰ গাৰ মুগা বৰণৰ বাবে এই সাপবিধ গছৰ সৈতে মিলি থাকে।

আচৰণ সম্পাদনা কৰক

এই সাপবিধ প্ৰায় সকলো সময়তে অস্থিৰ হৈ থাকে। মাটি তথা গছ সকলোতে ই খুবেই খৰকৈ চালচলন কৰিব পাৰে।

খাদ্য সম্পাদনা কৰক

কাৰ্শলা সাপে সাধাৰণতে চৰাই, ভেকুলী, জেঠী আদি খাই জীয়াই থাকে।

প্ৰজনন সম্পাদনা কৰক

এই সাপবিধে কণী পাৰি পোৱালি জন্ম দিয়ে। এবাৰত ই ৬-৭ টাকৈ কণী পাৰে। ৪-৬ সপ্তাহৰ উমনিৰ অন্তত কণী ফুটি পোৱালি জগে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  • Boulenger, George A. 1890 The Fauna of British India, Including Ceylon and Burma. Reptilia and Batrachia. Taylor & Francis, London, xviii, 541 pp.
  • Daudin, F. M. 1803 Histoire Naturelle Generale et Particuliere des Reptiles. Vol. 6. F. Dufart, Paris.

বাহ্যিক সংযোগ সম্পাদনা কৰক