কিষাণ মজদুৰ প্ৰজা পাৰ্টি
কিষাণ মজদুৰ প্ৰজা পাৰ্টি বা চমুকৈ প্ৰজা পাৰ্টি (ইংৰাজী: Kisan Mazdoor Praja Party[1]) ভাৰতৰ এটা অধুনা বিলুপ্ত ৰাজনৈতিক দল। ১৯৫১ চনত স্থাপিত হোৱা এই দলটোৱে ছোচিয়েলিষ্ট পাৰ্টিৰ সৈতে একত্ৰিত হৈ পিছৰ বছৰত পুনৰ প্ৰজা ছোচিয়েলিষ্ট পাৰ্টি গঠন কৰে।[2] দলটোৰ অন্ধ্ৰ গোটৱে অৱশ্যে পুৰণি দলটোক "প্ৰজা পাৰ্টি" নামেৰে পুনৰুজ্জীৱিত কৰিছিল আৰু কেইবছৰমান এনেকৈয়ে চলি আছিল।[3]
কিষাণ মজদুৰ প্ৰজা পাৰ্টি | |
---|---|
সংসদীয় সভাপতি | |
লোকসভাত নেতা | |
ৰাজ্যসভাত নেতা | |
প্ৰতিষ্ঠা | ১৯৫১ |
ৰাজনৈতিক মতাদৰ্শ | ভূমি সংস্কাৰবাদ সমাজবাদ |
দলীয় ৰং | কমলা |
ইতিহাস
সম্পাদনা কৰক১৯৫১ চনৰ জুন মাহত জে বি কৃপলানীৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিৰোধীসকলে কে.এম.পি.পি প্ৰতিষ্ঠা কৰে। ইয়াৰ দুজন নেতা প্ৰফুল্ল চন্দ্ৰ ঘোষ আৰু টাংগুতুৰি প্ৰকাশম ক্ৰমে পশ্চিম বংগ আৰু মাদ্ৰাজৰ মুখ্যমন্ত্ৰী আছিল। [4] দলটোৱে ১৯৫১–৫২ চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল, যিটো ভাৰতৰ প্ৰথম এনে নিৰ্বাচন আছিল। এই দলটোৱে ষোল্লখন ৰাজ্যৰ ১৪৫টা সমষ্টিত প্ৰাৰ্থী দিছিল যদিও মাত্ৰ দহখন আসনতহে জয়লাভ কৰিবলৈ সক্ষম হয়। ৫.৮% ভোট লাভ কৰি মাদ্ৰাজ প্ৰদেশৰ পৰা ছয়জন [5] আৰু মহীশূৰ ৰাজ্য, দিল্লী, উত্তৰ প্ৰদেশ আৰু বিন্ধ্য প্ৰদেশৰ পৰা এজনকৈ প্ৰাৰ্থী নিৰ্বাচিত হৈছিল [6][7] । কৃপলানীয়ে নিজেই বৰ্তমান বিলীন হোৱা ফৈজাবাদ জিলা (উত্তৰ পশ্চিম) সমষ্টিৰ পৰা পৰাস্ত হৈছিল যদিও তেওঁৰ পত্নী সুচেতা কৃপলানী নতুন দিল্লীৰ পৰা নিৰ্বাচিত হৈছিল। কিষাণ মজদুৰ প্ৰজা পাৰ্টিয়ে ৰাজ্যিক বিধানসভাত ৭৭খন আসন লাভ কৰে।[citation needed] ১৯৫২ চনৰ ছেপ্টেম্বৰ মাহত ই ছোচিয়েলিষ্ট পাৰ্টিৰ সৈতে একত্ৰিত হৈ প্ৰজা ছোচিয়েলিষ্ট পাৰ্টি গঠন কৰে। [4][8]
১৯৫৩ চনত মাদ্ৰাজ প্ৰদেশৰ পৰা অন্ধ্ৰক পৃথক কৰা হয়, আৰু প্ৰকাশমক ভাৰতীয় জাতীয় কংগ্ৰেছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰস্তাৱ দিয়ে। তেওঁ প্ৰজা ছোচিয়েলিষ্ট পাৰ্টিৰ পৰা বিচ্ছিন্ন হৈ পুৰণি দলটোক "প্ৰজা পাৰ্টি" নামেৰে পুনৰুজ্জীৱিত কৰে। [9] ১৯৫৫ চনৰ নিৰ্বাচনত কংগ্ৰেছ, প্ৰজা পাৰ্টি আৰু কৃষিকাৰ লোক পাৰ্টি (মূল প্ৰজা পাৰ্টিৰ আন এটা বিভাজিত গোট) কমিউনিষ্টৰ বিৰুদ্ধে এক ঐক্যবদ্ধ ফ্ৰণ্ট গঠন কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰে। [10]
লগতে চাওক
সম্পাদনা কৰকটোকা
সম্পাদনা কৰক- ↑ Bandyopadhyay 2009, পৃষ্ঠা. 134.
- ↑ Bandyopadhyay 2009, পৃষ্ঠা. 136.
- ↑ Sharma 1995, পৃষ্ঠা. 55.
- ↑ 4.0 4.1 Chandra, Bipan & others (2000). India after Independence 1947-2000, New Delhi:Penguin Books, আই.এচ.বি.এন. 0-14-027825-7, p.201
- ↑ "Members : Lok Sabha". http://loksabhaph.nic.in/members/partyardetail.aspx?party_code=69&lsno=1.
- ↑ "Election Commission India". http://www.eci.gov.in/StatisticalReports/ElectionStatistics.asp। আহৰণ কৰা হৈছে: 2008-12-18.
- ↑ "Archived copy". http://www.assembly.tn.gov.in/archive/Resumes/review_01assly/table01.pdf। আহৰণ কৰা হৈছে: 16 July 2008.
- ↑ "The case of the missing socialists - Times of India". articles.timesofindia.indiatimes.com. Archived from the original on 2012-10-21. https://web.archive.org/web/20121021053625/http://articles.timesofindia.indiatimes.com/2004-04-03/india/28332682_1_janata-party-political-parties-parties-today। আহৰণ কৰা হৈছে: 17 January 2022.
- ↑ Sharma 1995, পৃষ্ঠা. 55–57.
- ↑ Sharma 1995, পৃষ্ঠা. 57.
গ্ৰন্থপঞ্জী
সম্পাদনা কৰক- Bandyopadhyay, Sekhar (2009). Decolonization in South Asia: Meanings of Freedom in Post-independence West Bengal, 1947–52. Routledge. ISBN 978-1-134-01824-6. https://books.google.com/books?id=9Qd5AgAAQBAJ&pg=PA134.
- Mathew, George, ed (1984). Shift in Indian Politics: 1983 Elections in Andhra Pradesh and Karnataka. Studies on Indian democracy, political parties and political process. Christian Institute for the Study of Religion and Society / Concept Publishing Company.
- Weiner, Myron, ed (2015). Party Politics in India. Princeton University Press. ISBN 978-1-4008-7841-3. https://books.google.com/books?id=xz_WCgAAQBAJ&pg=PA96.
- Sharma, Sadhna (1995). States Politics in India. Mittal Publications. ISBN 9788170996194. https://books.google.com/books?id=i0HdDbdKa8UC&pg=PA55.