কিৰণ কুমাৰ গগৈ অসমৰ এজন ৰাজনীতিবিদ আৰু মৰাণ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল। তেখেতৰ জন্ম হৈছিল ১৯৫৬ চনত অসমৰ ডিব্ৰুগড় জিলাৰ লেজাইত। তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত জয়ী হৈ বিধায়ক হৈছিল[1] আৰু পিছত অসম গণ পৰিষদত যোগদান কৰে। ২০১৯ চনৰ ৮ জুন তাৰিখে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে।[2]

কিৰণ কুমাৰ গগৈ
অসম বিধানসভাৰ বিধায়ক
কাৰ্যকাল
১৯৮৫ – ১৯৯১
পূৰ্বসূৰী জয়চন্দ্ৰ নাগবংশী
উত্তৰসূৰী জয়চন্দ্ৰ নাগবংশী
সমষ্টি মৰাণ
ব্যক্তিগত তথ্য
জন্ম ১৯৫৬ ভাদ মাহৰ কৃষ্ণ অষ্টমী
ডিব্ৰুগড়, অসম, ভাৰত
মৃত্যু ৮ জুন, ২০১৯
ডিব্ৰুগড়, অসম, ভাৰত
ৰাজনৈতিক দল অসম গণ পৰিষদ

জন্ম আৰু মৃত্যু সম্পাদনা কৰক

ডিব্ৰুগড় জিলাৰ লেজাই অঞ্চলৰ ভিতৰুৱা বৰদৈবাম গাৱঁত ১৯৫৬ চনৰ ভাদ মাহৰ কৃষ্ণ অষ্টমীত কিৰণ কুমাৰ গগৈৰ জন্ম হৈছিল৷ বহু দিনৰ পৰা তেওঁ বৃক্কৰোগত আক্ৰান্ত হৈ আছিল[3], শেষত ২০১৯ চনৰ ৮ জুন তাৰিখে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে।[2] মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দুজন পুত্ৰক এৰি থৈ যায়।[3]

ৰাজনৈতিক জীৱন সম্পাদনা কৰক

ৰাজনীতিত যোগদান কৰাৰ পূৰ্বে তেখেত লেজাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হিন্দী শিক্ষক হিচাপে কৰ্মৰত আছিল।[3] ১৯৮৫ চনত অসমৰ ডিব্ৰুগড় জিলাৰ মৰান বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত জয়ী হৈ বিধায়ক হৈছিল আৰু পিছত অসম গণ পৰিষদত যোগদান কৰে। ইয়াৰ পিছত তেওঁ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী হিচাপে ১৯৯১ আৰু ১৯৯৬ চনতো মৰান বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও পৰাজয় বৰণ কৰিবলগীয়া হৈছিল।

তেখেত অসম পেট্ৰ'কেমিকল লিমিটেডৰ অধ্যক্ষ আছিল।[3] তেখেত অসম সাহিত্য সভাৰ ডিব্ৰুগড় জিলা সমিতিৰ প্ৰাক্তন সভাপতি আছিল আৰু মৃত্যুৰ সময়লৈকে কেন্দ্ৰিয় সমিতিৰ সদস্য আছিল।[3] তেখেত অসম অন্যান্য পিছপৰা জাতি পৰিষদৰ উপাধ্যক্ষও আছিল।[3]

তথ্য সংগ্ৰহ সম্পাদনা কৰক