কুমাঊঁনী (कुमाऊँनी, pronounced [kuːmɑːʊni] কুমাওনি) এটি ভাৰতীয়-আৰ্য ভাষা যি ২ নিযুততকৈ অধিক লোকৰ দ্বাৰা ভাৰতউত্তৰাখণ্ড ৰাজ্যৰ কুমাঊঁ অঞ্চল আৰু পশ্চিম নেপালডোটী অঞ্চলত ঘাইকৈ কথিত। ১৯৬১ চনৰ জনগণনাত ১,০৩০,২৫৪ ভাৰতৰ কুমাঊঁনীভাষী লোক চিহ্নিত হৈছিল।[1] এই সংখ্যা বাঢ়ি ২০১১ চনত ২.২ নিযুত হ'ল।

৯৮৯ খ্ৰীষ্টাব্দৰ কুমাঊঁনী শিলালিপি, দেৱনাগৰী লিপিত।

কুমাঊঁনী এটি বিপন্ন ভাষা নহয়, কিন্তু ইউনেস্ক'ৰ আটলাছ অৱ দ্য ৱৰ্ল্ডছ লেংগুৱেজেছ ইন ডেঞ্জাৰত এই ভাষাক অসুৰক্ষিত আখ্যা দিয়া হৈছে, যাৰ অৰ্থ হ'ল এই ভাষাৰ অস্তিত্ব বৰ্তাই ৰাখিবলৈ নিৰন্তৰ সংৰক্ষণৰ প্ৰচেষ্টা চলাই থাকিব লাগিব।[2]

বৰ্তমানে কুমাঊঁনী দেৱনাগৰী লিপিত লিখা হয়।[3]

ভাষা পৰিয়াল

সম্পাদনা কৰক

কুমাঊঁনী এটি ভাৰতীয়-আৰ্য ভাষা যি উত্তৰী ভাৰতীয়-আৰ্য ভাষাৰ অন্তৰ্গত। এই ভাষাৰ গোটৰ ভিতৰত ই কেন্দ্ৰীয় পাহাৰী ভাগত আহে, য'ত কুমাঊঁনীৰ লগতে গঢ়ৱালী ভাষাও আহে।[4]

ভৌগলিক অৱস্থান আৰু উপভাষা

সম্পাদনা কৰক

কুমাঊঁ অঞ্চলত এই ভাষাৰ কেইবাটাও উপভাষা ব্যৱহাৰ কৰা হয়। ভাষাটোৰ উপভাষা চিহ্নিত কৰাৰ কোনো সৰ্বসন্মত বিধি নাই। ঘাইকৈ, অলমোৰা আৰু উত্তত নৈনিতালত কলি (বা কেন্দ্ৰীয়) কুমাঊঁনী কথিত, পিথোৰগড়ত উত্তৰ-পূব কুমাঊঁনী কথিত, দক্ষিণ-পূব নৈনিতালত দক্ষিণ-পূব কুমাঊঁনী কথিত আৰু অলমোৰা আৰু নৈনিতালত পশ্চিম কুমাঊঁনী কথিত।

বিশেষকৈ নিম্নলিখিত ভৌগোলিক বিতৰণ দেখা যায়:[5]

  • মল্ল আৰু তল্ল জোহাৰৰ (মিলম, মুনস্যাৰী) জোহৰী
  • অসকোটৰ অসকোটী
  • হল্দ্বানী আৰু ৰামনগৰৰ ভাভৰী[6]
  • দানপুৰৰ (বাঘেশ্বৰ, কপকোট) দানপুৰীয়া
  • গনই-গংগোলীৰ (কাণ্ডা, বেৰীনাগ, গংগোলিহাট) গংগোলী
  • অলমোৰাৰ খাসপাৰজীয়া
  • চম্পাৱতৰ কুমাইয়া
  • পালী-পচ্ছৌৰ (ৰাণীখেত, দ্বাৰহাট) পচ্ছৈ
  • ফল্ডকোটৰ ফলঅকোটীয়া
  • ঢ়ৌ-ছৌব্যন্সী (নৈনিতাল)
  • চিৰাকোটৰ (দিদিহাট) চিৰলী
  • সোৰ উপত্যকাৰ (পিথোৰগড়) সৰিয়ালী

নেপাল দেশৰ পশ্চিম অঞ্চলতো কুমাঊঁনীভাষী লোক আছে।[7]

 
কুমাঊঁ ৰাজ্যৰ ধ্বজ
 
৯৮৯ খ্ৰীষ্টাব্দৰ কুমাঊঁনী ভাষাত লিখিত শিলালিপি, দেৱনাগৰী লিপিৰে।

কত্যুৰী আৰু চান্দ কালৰ অনেক শিলালিপিত কুমাঊঁনী ভাষাৰ ব্যৱহাৰ দেখা যায়।[8][9] কুমাঊঁ ৰাজ্যতো এই ভাষাৰ ব্যৱহাৰ হৈছিল।

আনুষ্ঠানিক স্বীকৃতি

সম্পাদনা কৰক

ভাৰতীয় সংবিধানঅষ্টম অনুসূচীত কুমাঊঁনী আৰু গঢ়ৱালী ভাষা অন্তৰ্ভুক্ত কৰাৰ দাবী উঠি আহিছে। ২০১০ চনত ভাৰতৰ সংসদত ব্যক্তিগত সদস্যৰ এখন বিল উপস্থাপন হৈছিল কুমাঊঁনী আৰু গঢ়ৱালীক অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰিবলৈ।[10][11]

উত্তৰাখণ্ডৰ খিলঞ্জীয়া ভাষাৰ প্ৰসাৰ আৰু সগ্ৰক্ষণৰ উদ্দেশ্যেৰে ২০১৯ চনৰ ডিচেম্বৰত চৰকাৰে আনুষ্ঠানিক কুমাঊঁনী পাঠ্যপুথি মুকলি কৰিছিল কুমাঊঁ অঞ্চলৰ বিদ্যালয়সমূহত প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈকে পঢ়াবলৈ।[12]

কুমাঊঁনী সাহিত্য

সম্পাদনা কৰক

কুমাঊঁনী ভাষাত লিখা কেইবাগৰাকীও উল্লেখনীয় লেখক আছে:

  • লোকৰত্ন পন্ত বা গুমানী পন্ত (১৭৯০--১৮৪৬)
  • গৌৰী দত্ত পন্ত "গৰুড়" (১৮৭২--১৯৩৯)
  • চাৰু চন্দ্ৰ পেণ্ডেয় (১৯২৩--২০১৭)
  • সৈলেশ মতিয়ানী (১৯৩১--২০০১)
  • মোহন উপৰেতী (১৯২৫--১৯৯৭)
  • ব্ৰিজেন লাল শ্বাহ (১৯২৯--১৯৯৮)

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "indianmothertongues1961". http://www.languageinindia.com/aug2002/indianmothertongues1961aug2002.html. 
  2. "UNESCO Interactive Atlas of the World's Languages in Danger". UNESCO. http://www.unesco.org/culture/languages-atlas/en/atlasmap/language-id-1565.html। আহৰণ কৰা হৈছে: 3 September 2010. 
  3. Grierson, George Abraham. Linguistic Survey Of India, Volume 9.4. পৃষ্ঠা. 190. 
  4. "Kumaoni". Ethnologue: Languages of the World. SIL International. http://www.ethnologue.org.uk/show_language.asp?code=kfy। আহৰণ কৰা হৈছে: 23 December 2012. [সংযোগবিহীন উৎস]
  5. "Uttaranchal Dialects and Languages - Uttarakhand Worldwide - Kumaoni and Garhwali - Kumaon and Garhwal Dialects -". 2012-03-05. Archived from the original on 5 March 2012. https://web.archive.org/web/20120305211927/http://www.uttaranchal.org.uk/dialects.php। আহৰণ কৰা হৈছে: 2021-02-08. 
  6. "Uttaranchal Dialects and Languages - Uttarakhand Worldwide - Kumaoni and Garhwali - Kumaon and Garhwal Dialects". Uttaranchal.org.uk. Archived from the original on 5 March 2012. https://web.archive.org/web/20120305211927/http://www.uttaranchal.org.uk/dialects.php। আহৰণ কৰা হৈছে: 2012-07-12. 
  7. Eichentopf, Stephanie R. (2014). A Sociolinguistic Study of Dotyali (Report). Tribhuvan University and SIL International. https://www.sil.org/resources/publications/entry/59642. 
  8. Śarmā, Devīdatta (1983) (en ভাষাত). Linguistic History of Uttarākhaṇḍa. Vishveshvaranand Vedic Research Institute. https://books.google.com/books?id=hAIuAAAAMAAJ&q=kumauni+language+history. 
  9. Miśra, Nityānanda (1994) (en ভাষাত). Source Materials of Kumauni History. Shree Almora Book Depot. ISBN 978-81-85865-24-9. https://books.google.com/books?id=mdxHAAAAMAAJ&q=kumauni+language+history. 
  10. "Members want inclusion of Kumaoni, Garhwali in 8th schedule". 2012-03-27. Archived from the original on 2012-03-27. https://web.archive.org/web/20120327075717/http://news.in.msn.com/national/article.aspx?cp-documentid=5410372। আহৰণ কৰা হৈছে: 2020-01-11. 
  11. Saxena, Shivani (22 February 2016). "Postcards demand official language status for Kumaoni, Garhwali" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/dehradun/Postcards-demand-official-language-status-for-Kumaoni-Garhwali/articleshow/51096272.cms। আহৰণ কৰা হৈছে: 2020-02-12. 
  12. "CM releases Kumaoni books for school students" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/dehradun/cm-releases-kumaoni-books-for-school-students/articleshow/73011148.cms। আহৰণ কৰা হৈছে: 2020-01-11. 

অতিৰিক্ত পঠনসামগ্ৰী

সম্পাদনা কৰক
  • Upreti, Ganga Dutt (1894). Proverbs & folklore of Kumaun and Garhwal. Lodiana Mission Press. https://archive.org/stream/cu31924089930774#page/n7/mode/2up. 
  • Dr. Shashi Pandey, Ramesh Ch Pandey, Rama Pandey: Uttarakhandi Lokoktiyan (Published 2014, Kumaoni and Garhwali Editions)
  • Devidatta Sarma; Linguistic geography of Kumaun Himalayas: A descriptive areal distribution of Kumauni language (Studies in Tibeto-Himalayan languages). Mittal Publications; 1994. আই.এচ.বি.এন. 81-7099-529-9ISBN 81-7099-529-9.
  • Devidatta Sarma; The formation of Kumauni language (SILL : series in Indian languages and linguistics). Bahri Publications; 1985. আই.এচ.বি.এন. 81-7034-005-5ISBN 81-7034-005-5

বাহ্যিক সংযোগ

সম্পাদনা কৰক