ভাৰত-আৰ্য ভাষা পৰিয়াল

পূবত অসমৰ পৰা পশ্চিমত জাৰ্মানীলৈ কথিত ভাষাৰ এক পৰিয়াল

ভাৰত-আৰ্য বা ভাৰতীয় আৰ্য ভাষাসমূহ হৈছে ভাৰতীয় উপমহাদেশৰ মুখ্য ভাষা। ভাষাকেইটাই ভাৰত-ইৰানীয় ভাষাসমূহৰ ঠাল, যিটো বৃহত্তৰ ভাৰত-ইউৰোপীয় ভাষাপৰিয়াল ৰ অন্তৰ্গত। ভাৰত-আৰ্য ভাষা-ভাষীসকল মুঠ ভাৰত-ইউৰোপীয় ভাষা কওঁতাৰ প্ৰায় আধা অৰ্থাৎ মুঠ ভাৰত-ইউৰোপীয় কওঁতাৰ সংখ্যা ৩ বিলিয়নৰ হোৱাৰ বিপৰীতে ভাৰতীয় আৰ্যভাষী প্ৰায় ১.৫ বিলিয়ন। ভাষাসমূহ দক্ষিণ এছিয়াত প্ৰধানকৈ প্ৰচলিত হোৱাৰ বাহিৰেও ইউৰোপ আৰু মধ্যপ্ৰাচ্যতো কোৱা হয়। আটাইতকৈ বেছি ভাষী থকা ভাষাসমূহ হৈছে: হিন্দুস্তানী (হিন্দী-উৰ্দু, প্ৰায় ৩২৯ নিযুত), বঙালী (প্ৰায় ২৪২ নিযুত), পঞ্জাবী (প্ৰায় ১০০ নিযুত) আৰু বাকী ভাষাসমূহৰ ২০০৫ৰ হিচাপ অনুসৰি প্ৰায় ৯০০ নিযুত কওঁতা আছে।

ভাৰত-আৰ্য
ভাৰতীয়
ভৌগোলিক
বিস্তৃতি:
দক্ষিণ এছিয়া (আৰু ইউৰোপ তথা মধ্যপ্ৰাচ্যৰ কিছু এলেকা। )
ভাষাৰ শ্ৰেণীবিভাজন: ভাৰত-ইউৰোপীয়
প্ৰাক্‌-ভাষা: আদি-ভাৰত-আৰ্য
উপশ্ৰেণীসমূহ:
ISO 639-5: inc

১৯৭৮ চনৰ মানচিত্ৰখনত প্ৰধান ভাৰত-ইৰানীয় ভাষাসমূহৰ ভৌগোলিক অৱস্থান দেখুওৱা হৈছে। (উৰ্দু ভাষা হিন্দী ভাষাৰ অন্তৰ্ভুক্ত কৰা হৈছে। ৰোমানী ভাষা, দোমাৰী ভাষা আৰু ল’মাভ্ৰেন ভাষাৰ অৱস্থান মানচিত্ৰখনৰ বাহিৰত। ) বিন্দুযুক্ত/ৰেখাযুক্ত এলেকাসমূহে বহুভাষিকতা দেখাইছে।

আদি-ভাৰত-আৰ্য

সম্পাদনা কৰক

আদি-ভাৰত-আৰ্য (বা আদি-ভাৰতীয়) হৈছে ভাৰত-আৰ্য ভাষাসমূহৰ পুনৰ্গঠন কৰা আদি-ভাষা। এই কাম আদি-ভাৰত-আৰ্যসকলৰ ভাষাৰ পুনৰ্গঠনৰ উদ্দেশ্যে কৰা হৈছে। আদি-ভাৰত-আৰ্য হৈছে পুৰণি ভাৰত-আৰ্যৰ (১৫০০-৩০০ খ্ৰীষ্টপূৰ্ব) পূৰ্বপুৰুষ, যিটো বেদীয় সংস্কৃত আৰু মিতান্নী-আৰ্য হিচাপে প্ৰত্যক্ষভাবে প্ৰত্যায়তি। বেদীয় অতি প্ৰাচীন তথাপিও আন ভাৰত-আৰ্য ভাষাসমূহে প্ৰাচীন লক্ষণসমূহৰ এটা সৰু অংশ সংৰক্ষিত কৰি ৰাখিছে, যোনখিনি বেদীয়ত হেৰাইছে।

ভাৰতীয় উপমহাদেশ

সম্পাদনা কৰক

পুৰণি ভাৰত-আৰ্য

সম্পাদনা কৰক

এই গোটটোৰ সৰ্বপ্ৰথম প্ৰমাণ বেদীয় আৰু মিতান্নী-আৰ্যৰ পৰা আহিছে। বৈদিক ভাষা ব্যৱহাৰ হৈছিল প্ৰাচীন সংৰক্ষিত ধাৰ্মিক স্তুতিত, যি হৈছে হিন্দু ধৰ্মৰ মূল ধৰ্মশাস্ত্ৰ যাক বেদ হিচাপে জনা যায়। মিতান্নী-আৰ্যৰ বয়স ঋগবেদৰ ভাষাৰ বয়সৰ অনুৰূপ, কিন্তু ইয়াৰ একমাত্ৰ প্ৰমাণ হৈছে কেইটামান নাম আৰু ঋণশব্দ। বেদৰ ভাষা – যাক আধুনিক পণ্ডিতসকলে "বৈদিক সংস্কৃত" বুলি কয় – হৈছে কেৱল সীমিতভাৱে আদি-ভাৰত আৰ্য (ভাৰত আৰ্য ভাষাসমূহৰ আদি ভাষা)ৰ পৰা বেলেগ।

বৈদিকৰ পৰা, "সংস্কৃত" (অৰ্থ হৈছে "সংস্কাৰ সাধন কৰা") সংস্কৃতি, বিজ্ঞান আৰু ধৰ্ম, তদুপৰি নাটকৰ আদিৰ এটি আদৰণীয় ভাষা হিচাপে উন্নীত হৈছিল।

তথ্যসূত্ৰ

সম্পাদনা কৰক