কৃষ্ণ দাস (ইংৰাজী: Krishna Das; জন্ম ১২ অক্টোবৰ ১৯৯০) এজন ভাৰতীয় প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ। তেওঁ অসম ক্ৰিকেট দলৰ হৈ খেলে।[1] তেওঁ এজন সোঁহতীয়া ফাষ্ট-মেডিয়াম বলাৰ। তেওঁ ২০০৫-০৬ চনৰ ৰঞ্জি ট্ৰফীৰ জৰিয়তে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটায়। ২০০৯ চনত তেওঁ অষ্ট্ৰেলিয়া ভ্ৰমণকাৰী ভাৰতৰ ১৯ বছৰ অনূৰ্ধ্ব ক্ৰিকেট দলত প্ৰতিনিধিত্ব কৰিছিল। আনহাতে, ২০১৫-১৬ চনৰ ঘৰুৱা চৈয়দ মুস্তাক আলী ট্ৰফীত তেওঁ প্ৰথম টুৱেণ্টী২০ খেলিছিল।[2]

কৃষ্ণ দাস
ব্যক্তিগত তথ্য
জন্ম ১২ অক্টোবৰ, ১৯৯০ (৩৩ বছৰ)
বৰপেটা, অসম, ভাৰত
বেটিং শৈলী সোঁহতীয়া
বলিং শৈলী সোঁহতীয়া ফাষ্ট-মেডিয়াম
ভূমিকা বলাৰ
ঘৰুৱা দলৰ তথ্য
বছৰ দল
২০০৫/০৬- বৰ্তমান অসম ক্ৰিকেট দল
উৎস: Cricinfo, ৪ অক্টোবৰ ২০১৫

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Krishna Das". ESPN Cricinfo. http://www.espncricinfo.com/ci/content/player/227724.html। আহৰণ কৰা হৈছে: 4 October 2015. 
  2. "Syed Mushtaq Ali Trophy, Group C: Assam v Baroda at Vadodara, Jan 2, 2016". ESPN Cricinfo. http://www.espncricinfo.com/ci/engine/match/902103.html। আহৰণ কৰা হৈছে: 10 January 2016. 

বহিঃ সংযোগ সম্পাদনা কৰক