কেঁচা সোণ

অসমীয়া চলচ্চিত্ৰ

কেঁচা সোণ (ইংৰাজী: Kecha Son) ২৯ মাৰ্চ ১৯৫৯ত মুক্তি পোৱা অসমীয়া কথাছবি[1] চাহবাগিছাৰ বনুৱা জীৱনৰ ওপৰত আধাৰিত এই ছবিৰ পৰিচালক আছিল ফণী শৰ্মা। কাহিনী আৰু চিত্ৰনাট্য লিখিছিল ডিব্ৰুগড়ৰ ভৰত বৰপূজাৰীয়ে। আই.এন.টি.ইউ.চি. তেজপুৰ শাখাৰ উদ্যোগত এই ছবিখন জ্যোতিপ্ৰসাদ আগৰৱালাৰ কনিষ্ঠ ভাতৃ হৃদয়ানন্দ আগৰৱালাই প্ৰযোজনা কৰিছিল। 'কেঁচা সোণ'ৰ সংলাপত বহুলাংশে চাহ-বনুৱাৰ ভাষা ব্যৱহাৰ কৰা হৈছিল।[2] ছবিখনক অসম চৰকাৰে আমোদ কৰ ৰেহাই দিছিল। আমোদ কৰ ৰেহাই পোৱা এইখন প্ৰথম অসমীয়া কথাছবি।[1]

কেঁচা সোণ
Kecha Son
পৰিচালক ফণী শৰ্মা
চিত্ৰনাট্য ভৰত বৰপূজাৰী
কাহিনী ভৰত বৰপূজাৰী
প্ৰযোজক হৃদয়ানন্দ আগৰৱালা
অভিনয়ত চন্দ্ৰ গোস্বামী
ইভা আচাও
চিত্ৰগ্ৰহণকাৰী নলিন দুৱৰা
সম্পাদনা তৰুণ দত্ত
সংগীত পৰিচালক ভূপেন হাজৰিকা
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কাহিনী সম্পাদনা কৰক

কেঁচা সোণৰ কাহিনী 'এটি কলি দুটি পাতৰ' কাহিনী অসমৰ হেজাৰ চাহবাগিছাৰ হেজাৰ বনুৱাৰ কাহিনী। সিহঁতৰ কপালৰ কেঁচা ঘামেৰে জীপ পাই উঠা মাইল জোৰা সেউজীয়া চাহপাতৰ আঁৰত লুকাই থাকে বনুৱাসকলৰ সাতাম পুৰুষীয়া নানান কুসংস্কাৰ, শিক্ষাৰ পোহৰ নোপোৱা বনুৱাৰ নানানবিধ কুঅভ্যাস। বাহুত হেজাৰ হাতীৰ বল থাকিলেও সদায় পদদলিত অৱহেলিত হৈ থকা বনুৱা শ্ৰেণীক মানুহ হিচাপে সমাজত ঠাই দিবলৈ এচাম মানুহ কিন্তু সদায়েই উৎসাহেৰে আগবাঢ়ি আহে। এইবোৰ কথাকে ফুটাই তুলিবলৈ চেষ্টা কৰা হৈছিল কেঁচা সোণ বোলছবিত।[2]

তেতিয়াও দেশ স্বাধীন হোৱা নাই। ৰংদৈ বাগিছাৰ ২য় বৰমহৰী জগন্নাথে বনুৱাসকলৰ মাজত সোমাই কল্যাণমূলক কামত জড়িত হয়। সেইবাবে তেওঁক বনুৱাসকলেও ভাল পায়। এদিন বাগিছাৰ ডাক্তৰৰ সৈতে বাগানৰ হাস্পাতালত বিশেষ দৰব-পাতি নথকাক কেন্দ্ৰ কৰি কথাৰ কটাকটি হোৱাত চাকৰিটো হেৰুৱাবলগীয়া হয়।

অভিনয় শিল্পী সম্পাদনা কৰক

  • আজিত সিংহ
  • গগণ বৰুৱা
  • বিভূতি কলিতা
  • ভৰক বৰপূজাৰী
  • স্বাগতা চক্ৰৱৰ্তী (কলকাতাৰ শিল্পী)
  • প্ৰীতিধাৰা (কলকাতাৰ শিল্পী)[1][2]

সঙ্গীত সম্পাদনা কৰক

সঙ্গীত পৰিচালনা আৰু গীত ৰচনা ভূপেন হাজৰিকাৰ। ছবিখনত পৰম্পৰাগত মজদুৰ গীতো দুটা অন্তৰ্ভূক্ত কৰা হৈছে।[3]

ক্ৰমিক নং গীতৰ শীৰ্ষক গীতিকাৰ কণ্ঠ
অ' আমাৰ গাঁও, আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ জ্যোতিপ্ৰসাদ আগৰৱালা ভূপেন হাজৰিকা, মণ্টু ঘোষ, ইলা চক্ৰৱৰ্তী, গুণদা দাস, বিৰাজ দাস
নতুন নতুন সাহ, আহিল নতুন নতুন সাহ আমাৰ বহল বুকুতে ভূপেন হাজৰিকা ভূপেন হাজৰিকা, মণ্টু ঘোষ, ইলা চক্ৰৱৰ্তী, গুণদা দাস, বিৰাজ দাস
হামাৰা গুৱালা জাতি নদী তিৰে বসতি পৰম্পৰাগত মজদুৰ গীত
পাতা তুৰে গেলে মায়া আহে ডুমুৰ কনা হায়ৰে পৰম্পৰাগত মজদুৰ গীত
ৰিমঝিম ৰিমঝিম বৰষুণে নুপুৰ বজায় ক'ত ভূপেন হাজৰিকা ভূপেন হাজৰিকা, মণ্টু ঘোষ, ইলা চক্ৰৱৰ্তী, গুণদা দাস, বিৰাজ দাস

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 অৰুণলোচন দাস (২০১৩). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত (পৃঃ ৯৪). শশী শিশু প্ৰকাশন, গুৱাহাটী. 
  2. 2.0 2.1 2.2 মঞ্চলেখা, পৃষ্ঠা ৩১৯, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭. 
  3. বাবুল দাস (১৯৮৫). অসমীয়া বোলছবিৰ গীতৰ সংকলন. বাণী মন্দিৰ, ডিব্ৰুগড়. পৃষ্ঠা. ৬১.