কেদাৰনাথ সিং (ইংৰাজী: Kedarnath Singh; জন্ম: ৭ জুলাই, ১৯৩৪ - মৃত্যু: ১৯ মাৰ্চ, ২০১৮) এজন ভাৰতীয় কবি। তেওঁ হিন্দী ভাষাত লিখে।[1] তেওঁ এজন প্ৰসিদ্ধ সমালোচক আৰু প্ৰাৱন্ধিকো। ২০১৩ চনত তেওঁ জ্ঞানপীঠ বঁটা আৰু তেওঁৰ কাব্য সংকলন 'অকাল ম্যে সাৰস' (ক্ৰেইনচ্‌ ইন ড্ৰৱ্‌ট)ৰ বাবে হিন্দীত সাহিত্য অকাডেমি বঁটা লাভ কৰে।

কেদাৰনাথ সিং
কেদাৰনাথ সিং
কেদাৰনাথ সিং
জন্ম ০৭ জুলাই, ১৯৩৪
চাকিয়া, বাৰানসী, ব্ৰিটিছ ইণ্ডিয়া
মৃত্যু ১৯ মাৰ্চ, ২০১৮ (৮৩ বছৰ)
নতুন দিল্লী, ভাৰত
পেচা কবি
ৰাষ্ট্ৰীয়তা ভাৰতীয়
উল্লেখযোগ্য বঁটা

প্ৰাৰম্ভিক জীৱনসম্পাদনা কৰক

১৯৩৪ চনৰ ৭ জুলাই তাৰিখে উত্তৰ প্ৰদেশৰ পূৱত থকা চাঁদাউলি জিলাৰ চাকিয়াত কেদাৰনাথ সিঙৰ জন্ম হয়।[2] বাৰানসীৰ উদয় প্ৰতাপ কলেজৰ পৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰিছিল। কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু এই বিশ্ববিদ্যালয়ৰ পৰাই পি এইচ ডি ডিগ্ৰী লয়। গোৰখপুৰত কিছুদিন হিন্দী শিক্ষক ৰূপে কাম কৰাৰ পিছত তেওঁ নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অধ্যাপক ৰূপে কামত সোমায় আৰু এই বিশ্ববিদ্যালয়ৰ ভাৰতীয় ভাষা কেন্দ্ৰৰ হিন্দী বিভাগৰ মুৰব্বী অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰে। তেওঁ নতুন দিল্লীত থাকিবলৈ লয় আৰু ২০১৮ চনৰ ১৯ মাৰ্চ তাৰিখে দিল্লীতে তেওঁৰ মৃত্যুবৰণ কৰে।[3][4]

সাহিত্যকৃতিসম্পাদনা কৰক

  • কবিতা সংকলন : অভী বিল্কুল অভী, জমীন পক ৰহী হ্যে, য়হা চে দেখৌ, অকাল ম্যে সাৰস, বাঘ, টলষ্টয় অঔৰ চাইক'ল
  • প্ৰবন্ধ আৰু গল্প : ম্যেৰে সময় কে শব্দ, কল্পনা অঔৰ চায়াৱড়, হিন্দী কবিতা ম্যে বিম্ব বিধান, কবৰীস্থান ম্যে পঞ্চায়ত
  • অন্যান্য:তানা বানা

স্বীকৃতিসম্পাদনা কৰক

তেওঁৰ সাহিত্যকৃতিৰ বাবে ২০১৩ চনত তেওঁ জ্ঞানপীঠ বঁটা[5], ১৯৮৯ চনত সাহিত্য অকাডেমি বঁটা, কুমাৰন আসন আৰু ব্যাস বঁটা লাভ কৰে।[3]

তথ্যসূত্ৰসম্পাদনা কৰক