কেনী দেউৰী বসুমতাৰী
কেনী দেউৰী বসুমতাৰী (ইংৰাজী: Kenny Deori Basumatary) অসমৰ এগৰাকী অভিনেতা, চলচ্চিত্ৰ পৰিচালক তথা উদীয়মান লেখক।
কেনী দেউৰী বসুমতাৰী | |
---|---|
জন্ম | ৯ এপ্ৰিল গুৱাহাটী, অসম |
পেচা | অভিনয়, চলচ্চিত্ৰ পৰিচালনা |
জনা যায় | লোকেল কুংফু (চলচ্চিত্ৰ) |
প্ৰাৰম্ভিক জীৱনসম্পাদনা কৰক
কেনী দেউৰী বসুমতাৰীৰ জন্ম হৈছিল অসমৰ গুৱাহাটীত(জন্মদিন ৯ এপ্ৰিল)। তেওঁ লখিমপুৰ, তেজপুৰ তথা গুৱাহাটীত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে। উচ্চ মাধ্যমিক শিক্ষা উত্তৰ লখিমপুৰৰ ছেইণ্ট মে'ৰিজ হাইস্কুলৰ পৰা সমাপ্ত কৰি উচ্চতৰ মাধ্যমিক শিক্ষা কটন কলেজত বিজ্ঞান শাখাত অধ্যয়ন কৰে। পৰৱৰ্ত্তী কালত তেওঁ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, দিল্লী (IIT Delhi) ত ইঞ্জিনীয়াৰিঙৰ পাঠ্যক্ৰমত যোগদান কৰে যদিও শিক্ষা অৰ্ধসমাপ্ত হৈ ৰয়।
কৰ্মজীৱনসম্পাদনা কৰক
কেনীয়ে গুৱাহাটীৰ এটা আঞ্চলিক টেলিভিছন চেনেলত তিনিবছৰ ধৰি বাতৰি পৰিবেশক হিচাপে কাম কৰিছিল। তাৰপিছত তেওঁ সেই কাম ত্যাগ কৰি অভিনয় কৰাৰ হাবিয়াসেৰে মুম্বাইলৈ যায়। মুম্বাইত ছটা এডভাৰটাইজ আৰু চেনেল ভিৰ হাস্য-ব্যংগ অনুষ্ঠান বলিউদ ননচেনচেক্স (Bollywood Nonsensex) তথা স্কেচ্ছ কমেডি শ্ব' জয় হিন্দত কাম কৰাৰ সুযোগ লাভ কৰে। ইয়াৰ উপৰিও তেওঁ চাৰিখন হিন্দী চলচ্চিত্ৰত কাম কৰে, কিন্তু এখনেও মুক্তি লাভ নকৰিলে।
কেনী দেউৰী বসুমতাৰীয়ে 75 Crazy People নামৰ ৪৯ মিনিটৰ এখন তথ্যচিত্ৰত সহযোগী সম্পাদনাৰ সুযোগ পায়। ভাতৃ ট'নী বসুমতাৰীৰ সৈতে মিলি তেওঁ ব্ৰহ্মপুত্ৰ নামৰ অসমীয়া আৰু হিন্দী গীতৰ এটা মৃদু ৰ'ক(soft rock) এলবামৰ বাবে গীতৰ ৰচনা আৰু সুৰাৰোপ কৰে। [1]
২০১৩ চনত কেনীয়ে ন্যূনতম বাজেটেৰে লোকেল কুং ফু নামৰ এখন সমৰ কলা (মাৰ্চিয়েল আৰ্ট) সন্নিবিষ্ট হাস্যমধুৰ অসমীয়া-হিন্দী চলচ্চিত্ৰ নিৰ্মাণ কৰে। এই চলচ্চিত্ৰখনে ২০১৩ চনৰ ২৭ চেপ্টেম্বৰত মুক্তি লাভ কৰে। মাত্ৰ ৯৫,০০০ টকাৰ বাজেটত কেনন ৫৫০ডি কেমেৰাৰে নিৰ্মাণ কৰা এই চলচ্চিত্ৰখনে সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰাৰ লগতে দৰ্শকৰো ভাল সঁহাৰি লাভ কৰে। [2]
অভিনয় তথা পৰিচালনাৰ উপৰিও কেনী দেউৰী বসুমতাৰীয়ে লিখকৰূপেও আত্মপ্ৰকাশ কৰিছে। তেওঁৰ প্ৰথমখন ইংৰাজী উপন্যাস চকলেট_গীটাৰ_ম'ম'জ (Chocolate_Guitar_Momos)ৰ ২০১১ চনত উন্মোচন হৈ যায়।[3]
অৱদানসম্পাদনা কৰক
গ্ৰন্থসম্পাদনা কৰক
- চকলেট গীটাৰ ম'ম'জ (ইংৰাজী ভাষাৰ উপন্যাস)[4]
অভিনয়সম্পাদনা কৰক
- দিবাকৰ বেনাৰ্জীৰ 'চাংহাই' (Shanghai) নামৰ হিন্দী চলচ্চিত্ৰত পুলিচ অফিচাৰৰ ভূমিকাত (২০১৩)[5]
- মেৰীকম চলচ্চিত্ৰ (২০১৪)
- লোকেল কুং ফু (২০১৩)-ত চাৰ্লি নামৰ নায়কৰ ভূমিকাত (২০১৩)
- লোকেল কুং ফু ২ (২০১৭)
- চাচ্পেণ্ডেড ইন্সপেক্টৰ বড়ো (২০১৮)
- বৰনদী ভটিয়ায় (২০১৯)
চলচ্চিত্ৰ পৰিচালনাসম্পাদনা কৰক
- লোকেল কুং ফু (২০১৩)[6]
- লোকেল কুং ফু ২ (২০১৭)
- চাচ্পেণ্ডেড ইন্সপেক্টৰ বড়ো (২০১৮)
- লোকেল উৎপাত (২০২২)
এক্স'ন কৰিঅ'গ্ৰাফীসম্পাদনা কৰক
- দ্য ডে আফটাৰ এভ্ৰিডে
তথ্যসূত্ৰসম্পাদনা কৰক
- ↑ Http://soundclick.com/brahmaputr
- ↑ Http://www.thehindu.com/features/cinema/theres-kung-fu-in-the-air/article5167612.ece
- ↑ http://www.westlandbooks.in/author_detail.php?author_id=320
- ↑ "দা হিন্দুত প্ৰকাশিত গ্ৰন্থ সমালোচনা". ৩ আগষ্ট, ২০১১. http://www.thehindu.com/books/chicklit-for-the-boys/article2318679.ece। আহৰণ কৰা হৈছে: 23 ডিচেম্বৰ 2013.
- ↑ http://www.livemint.com/Leisure/RhLJ05sEZCgiljV0XeIruI/Kenny-Basumatary--Everybody-loves-kung-fu-fighting.html
- ↑ http://www.telegraphindia.com/1130927/jsp/northeast/story_17394715.jsp#.Urg_CfQW2Gk